২০৪৭ চনৰ ভিতৰত ভাৰতীয় অৰ্থনীতিৰ আকাৰ হ'ব সৰ্ববৃহৎ

author img

By

Published : Aug 30, 2022, 7:10 PM IST

Updated : Aug 30, 2022, 7:15 PM IST

indian-economy-can-touch-20-trillion-dollar-by-2047-bibek-debroy

প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ অধ্যক্ষ বিবেক দেবৰয়ে পূৰ্বানুমান কৰিছে যে ২০৪৭ চনৰ ভিতৰত ভাৰত উচ্চ মানৱ উন্নয়নৰ শিতানত অন্তৰ্ভুক্ত হ’ব(Indian economy may reach $20,000 billion by 2047) ।

নেশ্যনেল ডেস্ক, 30 আগষ্ট: অহা ২৫ বছৰত গড় বাৰ্ষিক বৃদ্ধি ৭-৭.৫ শতাংশ হ’লে ২০৪৭ চনৰ ভিতৰত ভাৰতীয় অৰ্থনীতিৰ আকাৰ ২০ হাজাৰ বিলিয়ন ডলাৰ (২০ ট্ৰিলিয়ন ডলাৰ) পৰ্যন্ত হ’ব। প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ অধ্যক্ষ বিবেক দেৱৰয়ে মঙলবাৰে এই অনুমান প্ৰকাশ কৰে(Indian economy may reach $20,000 billion by 2047)।

‘Draft Competitiveness @ 100 for India’ মুকলি কৰি দেৱৰয়ে(EAC PM Chairman Bibek Debroy) কয় যে, যদিহে আগন্তুক ২৫ বছৰত দেশখন গড়ে ৭-৭.৫ শতাংশ অৰ্থনৈতিক বিকাশৰ হাৰত আগবাঢ়ে তেন্তে দেশৰ জনমূৰি বাৰ্ষিক আয় ১০ হাজাৰ মাৰ্কিন ডলাৰৰ অধিক হ’ব । তেওঁ কয় যে, ২০৪৭ চনৰ ভিতৰত ভাৰত উচ্চ মানৱ উন্নয়ন শ্ৰেণীৰ দেশসমূহত ভিতৰত অন্তৰ্ভুক্ত হ’ব ।

তেওঁ লগতে কয় যে, বৰ্তমান সময়ত ভাৰত হৈছে বিশ্বৰ ষষ্ঠ বৃহত্তম অৰ্থনীতি যাৰ মুঠ ঘৰুৱা উৎপাদন (GDP) ২,৭০০ বিলিয়ন মাৰ্কিন ডলাৰ । বৰ্তমান দেশখন উন্নয়নশীল দেশৰ শ্ৰেণীত অন্তৰ্ভূক্ত কৰা হৈছে । ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নয়নশীল দেশ হিচাপে গঢ়ি তোলাৰ এক অভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

লগতে পঢ়ক: ৰাছিয়াৰ তেলৰ মূল্যত সীমা নিৰ্ধাৰণ কৰিবলৈ আগ্ৰহী ভাৰতবৰ্ষ

Last Updated :Aug 30, 2022, 7:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.