অসম

assam

তৃতীয়বাৰৰ চৰকাৰে ৰিজাৰ্ভ বেংকক অন্তৱৰ্তী লাভাংশৰ দাবী কৰাৰ পূৰ্ণ সম্ভাৱনা

By

Published : Jan 22, 2020, 8:02 AM IST

বিত্ত মন্ত্ৰালয়ে ৰিজাৰ্ভ বেংকক অন্তৱৰ্তী লাভাংশৰ দাবী কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ তৃতীয়বাৰৰ বাবে 2019-20 বৰ্ষত 3.3% বিত্তীয় লোকচানৰ অনুসন্ধান কৰাৰ সম্ভাৱনা আছে ৷

Finance Ministry may push for Rs 30,000 cr interim dividend from RBI
তৃতীয়বাৰৰ চৰকাৰে ৰিজাৰ্ভ বেংকক অন্তৱৰ্তী লাভাংশৰ দাবী কৰাৰ পূৰ্ণ সম্ভাৱনা

নেশ্যনেল ডেস্ক, 21 জানুৱাৰীঃবিত্ত মন্ত্ৰালয়ে ৰিজাৰ্ভ বেংকৰ পৰা 25,000-30,000 কোটি টকাৰ লাভাংশৰ বাবে তৃতীয়বাৰৰ বাবে 2019-20 বৰ্ষত 3.3% বিত্তীয় লোকচানৰ অনুসন্ধান কৰাৰ সম্ভাৱনা আছে ৷ কেন্দ্ৰীয় বেংক আৰু চৰকাৰ এই সম্পৰ্কত বিচাৰ কৰাৰ সম্ভাৱনা আছে ৷ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসৰ সৈতে বাজেট সম্পৰ্কীয় বৈঠকৰ পিচতেই সাক্ষাৎ কৰিব ৷ সূত্ৰৰ পৰা গম পোৱা গৈছে যে যদি ৰিজাৰ্ভ বেংক ব'ৰ্ডে আহ্বান কৰে তেন্তে তৃতীয়বাৰৰ বাবে চৰকাৰক লাভাংশ প্ৰদান কৰা হ’ব ৷ ৰিজাৰ্ভ বেংকে জুন-জুলাই বিত্তীয় বৰ্ষ অনুসৰি সাধাৰণতে আগষ্টত লাভাংশৰ বিতাড়িত কৰে ৷ আনহাতে যদি বৰ্ষটোৰ শেষলৈ অৱশিষ্ট লাভাংশ থাকি যায় তেন্তে সেইখিনি চৰকাৰক প্ৰদান কৰা হয় ৷

আনহাতে অন্তিম লাভাংশৰ দাবী সাধাৰণ নহয় ৷ ৰিজাৰ্ভ বেংকে আৰ্থিক পুঁজিসমূহ বিমল জালানৰ নেতৃত্বৰে গঠিত সমিতিৰ আহ্বানত আগষ্টতে কৰা এই দাবীক অসাধাৰণ পৰিস্থিতিত এই লাভাংশ প্ৰদান কৰা হ’ব ৷ সোমবাৰে আন্তঃৰাষ্ট্ৰীয় মূদ্ৰা কোষে বিশ্বৰ দৃষ্টিকোণক ট্ৰিম কৰাৰ উপৰিও ভাৰতৰ FY20ৰ বিকাশৰ আনুমানিক 4.8% ঘাটি হোৱা বুলি উল্লেখ কৰে ৷ লগতে কয় যে ভাৰতৰ লেহেম গতিত চলি থকা অৰ্থ ব্যৱস্থাই বিশ্ব অৰ্থনীতিক তললৈ নমাই আছে ৷

সূত্ৰই প্ৰকাশ কৰে যে বিত্ত মন্ত্ৰালয়ে ৰিজাৰ্ভ বেংকক অন্তৱৰ্তী লাভাংশৰ দাবী কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ কিয়নো নিবেশ আৰু মন্দাৱস্থাৰ বাবে ৰাজহ সংগ্ৰহত চৰকাৰে লাভ কৰা অসুবিধাক যাতে পূৰণ কৰিব পাৰে ৷

আৰু পঢ়কঃৰোহিংগীয়াৰ বিপক্ষে যুদ্ধ অপৰাধ প্ৰতিবন্ধকতা নহয়ঃ ম্যানমাৰ সেনা

ABOUT THE AUTHOR

...view details