অসম

assam

দলগাঁৱত আমছাৰ দৰং জিলা সমিতি গঠন

By

Published : Sep 25, 2020, 5:20 PM IST

মাদ্ৰাছা বন্ধৰ সিদ্ধান্ত বাতিল নকৰিলে প্ৰয়োজন সাপেক্ষে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও হুংকাৰ দিয়ে সংগঠনটোৰ সভাপতি গৰাকীয়ে।

Darrang aamsa meeting
দলগাঁৱত আমছাৰ দৰং জিলা সমিতি গঠন

দলগাঁও,২৫ ছেপ্টেম্বৰ : দৰঙৰ দলগাঁৱৰ দোৱাৰপাৰা চিনিয়ৰ মাদ্ৰাছত আয়োজিত এখন সাধাৰণ সভাত সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থা চমুকৈ আমছাৰ দৰং জিলা সমিতিখন গঠন কৰা হয়। আমছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ওৱাহিদুজ জামানৰ উপস্থিতিত দোৱাৰপাৰা চিনিয়ৰ মাদ্ৰাছাৰ ছাত্র মঞ্জুৰুল হকক সভাপতি আৰু ছাইদুল ইছলামক সাধাৰণ সম্পাদক হিচাপে সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থা চমুকৈ আমছাৰ দৰং জিলা সমিতিখন গঠন কৰা হয় । স্থানীয় সমাজসেৱক হাচান আলীৰ সঞ্চালনাত আয়োজিত সভাত সভাপতি ওৱাহিদুজ জামানে ভাষণ প্ৰসংগত কয় যে অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাদ্ৰাছা আৰু সংস্কৃত টোল বন্ধ কৰা সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰে। সভাপতি গৰাকীয়ে মাদ্ৰাছা বন্ধ কৰাৰ পৰিৱৰ্তে উন্নয়ন আৰু মাদ্ৰাছা বিশ্ববিদ্যালয়ৰ খোলাৰ পোষকতা কৰে ।

দলগাঁৱত আমছাৰ দৰং জিলা সমিতি গঠন
মাদ্ৰাছা বন্ধৰ সিদ্ধান্ত বাতিল নকৰিলে প্ৰয়োজন সাপেক্ষে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও হুংকাৰ দিয়ে সংগঠনটোৰ সভাপতি গৰাকীয়ে।লগতে পঢ়ক : বন বিভাগৰ অভিযানত কাঠৰ কুণ্ডাভৰ্তি ট্ৰাক জব্দ

ABOUT THE AUTHOR

...view details