অসম

assam

বাংলাদেশৰ আখাউৰা তালাচী চকীত ভাৰতীয় ট্ৰাক চালকক দুৰ্ব্যৱহাৰ

By

Published : Sep 13, 2021, 1:13 PM IST

শনিবাৰে সন্ধিয়া ভাৰত-বাংলাদেশ সীমান্ত(Indo-Bangla)ৰ আখাউৰা তালাচী চকীত আমদানিকৃত সামগ্ৰী লৈ যোৱা ট্ৰাকৰ চালকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে । বাংলাদেশৰ ভূমিতে সামগ্ৰী ভৰ্তি ট্ৰাক এৰি ত্ৰিপুৰালৈ উভতি আহিল ৭৫ জন চালক । নিশাই পশ্চিম আগৰতলা আৰক্ষী থানাত উপস্থিত হৈ সহায়ৰ বাবে আহ্বান জনালে চালকসকলে ।

Unpleasant situation at Akhaura Indo Bangla check post
বাংলাদেশৰ আখাউৰা তালাচী চকীত ভাৰতীয় ট্ৰাক চালকক দুৰ্ব্যৱহাৰ

আগৰতলা, ১৩ ছেপ্টেম্বৰ: বাংলাদেশত সামগ্ৰী যোগান ধৰিবলৈ গৈ ভাৰতৰ ট্ৰাক চালকৰ হাৰাশাস্তি । শনিবাৰে সন্ধিয়া সামগ্ৰী ভৰ্তি ট্ৰাক বাংলাদেশৰ ভূমিতে এৰি ভাৰতলৈ উভতি আহিবলগীয়া হ'ল ৭৫ জন ট্ৰাক চালক ।

চালকসকলে অভিযোগ উত্থাপন কৰা মতে, আইন অনুসৰি তেওঁলোকে বাংলাদেশত থাকিব নোৱাৰিব বুলি কোৱা হৈছিল আৰু আখাউৰা তালাচী চকীতে বাহন এৰি তেওঁলোকক উভতি আহিবলৈ কোৱা হৈছিল । উপায়হীন হৈ নিশা প্ৰায় ৯.৩০ বজাত ট্ৰাক চালকসকল আগৰতলালৈ উভতি আহে আৰু পশ্চিম আগৰতলা আৰক্ষী থানাত উপস্থিত হয় ।

চালকসকলে জনোৱা মতে, তেওঁলোকে আনলোডিঙৰ বাবে থাকিবলগীয়া হ'লে গ্ৰাহকসকলে তেওঁলোকৰ থকা-খোৱাৰ ব্যৱস্থা কৰে । কিন্তু কোনো ব্যৱস্থা কৰা হোৱা নাছিল । যদি আন লোডিঙৰ কাম সম্পূৰ্ণ নহয় তেতিয়া তেওঁলোকক কেতিয়াবা ট্ৰাক পাৰ্কিংত অপেক্ষা কৰিবলৈ কোৱা হয় । কিয়নো তাত তেওঁলোকে নিজে ৰান্ধি খাব পাৰে আৰু শোৱাৰ যোগাৰো কৰিব পাৰে ।

সাধাৰণতে এনেকুৱা পৰিস্থিতিত তেওঁলোকে পাৰ্কিঙতে নিশা কটায় । কিন্তু এইবাৰ ইয়াৰ পৰিৱৰ্তে তেওঁলোকক শনিবাৰে গোটেই দিনটো অপেক্ষা কৰিবলৈ বাধ্য কৰো হৈছিল আৰু সন্ধিয়া যেতিয়া নৈশ সান্ধ্য আইন বাহাল থকাৰ বাবে সকলো বন্ধ পৰিল, তাৰ পিছত তেওঁলোকক নিজ নিজ বাহন এৰি উভতি যাবলৈ কোৱা হৈছিল । চালকসকলে বাংলাদেশ কৰ্তৃপক্ষই কৰা এই আচৰণক লৈ ক্ষোভ উজাৰে ।

যদি এনে পৰিস্থিতি অব্যাহত থাকে তেন্তে বাংলাদেশত সামগ্ৰী যোগান ধৰা প্ৰক্ৰিয়া বন্ধ কৰাৰ হুংকাৰ দিছে ট্ৰাক চালকসকলে । উল্লেখ্য যে, কেইমাহমানৰ পৰা ভাৰতৰ আগৰতলাৰ পৰা ৰপ্তানি বৃদ্ধি হোৱা দেখা গৈছে আৰু ৰপ্তানি বৃদ্ধিয়ে অধিক উপাৰ্জন হোৱাৰ পথ প্ৰশস্ত কৰিছে । কিয়নো বিভিন্ন প্ৰান্তৰ পৰা ৰপ্তানি কৰা বহু লোকে বিনিয়োগ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে ।

কিন্তু শনিবাৰে সংঘটিত হোৱা ঘটনাই এই ঘটনা বিৰূপ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে । আনহাতে, আখাউৰা ইণ্টিগ্ৰেটেড তালাচী চকীৰ এক সূত্ৰই জনাইছে যে, ভাৰতৰ পক্ষই বিগত কেইবছৰমানত ১ কোটি টকাৰ সামগ্ৰী ৰপ্তানি কৰাত ব্যৰ্থ হৈছিল, কিন্তু যোৱা কেইমাহমানত শ শ কোটি টকাৰ অত্যাৱশ্যকীয় সামগ্ৰী ৰপ্তানি কৰা হৈছে ভাৰতৰ পৰা । ইফালে, আৰক্ষীয়ে নিশা এটা চৰকাৰী ভৱনত চালকসকলৰ নিশা কটোৱাৰ ব্যৱস্থা কৰিছিল বুলি বাংলাদেশৰ তৰফৰ পৰা জানিবলৈ দিছে ।

লগতে পঢ়ক: স্বাস্থ্যখণ্ডৰ বুজ ল'বলৈ ত্ৰিপুৰাত উপস্থিত মন্ত্ৰী ড৹ ভাৰতী পাৱাৰ

ABOUT THE AUTHOR

...view details