অসম

assam

Fire in Vijayawada: অন্ধ্ৰ প্ৰদেশত আতচবাজীৰ দোকানত অগ্নিকাণ্ড, দুজনৰ মৃত্যু

By

Published : Oct 23, 2022, 7:08 PM IST

Updated : Oct 23, 2022, 9:49 PM IST

অন্ধ্ৰ প্ৰদেশৰ বিজয়ৱাড়াৰ আতচবাজীৰ দোকানত অগ্নিকাণ্ডত দুজন লোক (Two person death at Firecracker in Andhra Pradesh) অগ্নিদগ্ধ । অগ্নি নিৰ্বাপক সেৱাৰ বাহনে জুই নিৰ্বাপিত কৰাত আন কেইবাখনো দোকান ধ্বংস হোৱাৰ পৰা ৰক্ষা পৰে ।

Fire In Vijayawada
অন্ধ্ৰ প্ৰদেশত আতচবাজীৰ দোকানত অগ্নিকাণ্ডত দুজনৰ মৃত্য়ু

নেশ্য়নেল ডেস্ক, ২৩ অক্টোবৰ:অন্ধ্ৰ প্ৰদেশৰ বিজয়ৱাড়াত দেওবাৰে আতচবাজীৰ দোকানৰ এটা গোটত (fire broke out in firecracker shops at Vijayawada) সংঘটিত অগ্নিকাণ্ডত দুজন লোক (Two person death at Firecracker in Andhra Pradesh)অগ্নিদগ্ধ হোৱা বুলি আৰক্ষীয়ে সদৰী কৰিছে । বিজয়ৱাড়াৰ মহানগৰ আৰক্ষীয়ে (City Police of Vijayawada) জনোৱা মতে, ভস্মীভূত হোৱা তিনিখন দোকানৰ এখনত শ্ৰমিকসকল শুই আছিল । তিনিওখন আতচবাজীৰ দোকান ভস্মীভূত হোৱাত এই শ্ৰমিককেইজনে এনেদৰে মৃত্য়ুক আঁকোৱালি ল'বলগীয়া হয় ।

অন্ধ্ৰ প্ৰদেশত আতচবাজীৰ দোকানত অগ্নিকাণ্ডত দুজনৰ মৃত্য়ু

এই দুৰ্ঘটনাটো সংঘটিত হোৱা পিছতেই অগ্নি নিৰ্বাপক সেৱাৰ বাহনে (Fire Service rush to incident place of Vijayawada) জুই নিৰ্বাপিত কৰাত আন কেইবাখনো দোকান ধ্বংস হোৱাৰ পৰা ৰক্ষা পৰে । এই জুইৰ ফলত হোৱা বিস্ফোৰণৰ শব্দৰ প্ৰাৱল্য় ইমানেই বেছি আছিল যে ওচৰৰ ঘৰবোৰত বাস কৰা লোকসকলক জোঁকাৰি যায় ।

উল্লেখ্য় যে দীপাৱলী উৎসৱৰ বাবে স্থাপন কৰা আতচবাজীৰ দোকানৰ ঠিক বিপৰীতে এটা ইন্ধন কেন্দ্ৰ আছিল যদিও সৌভাগ্যক্ৰমে তালৈ জুই বিয়পি পৰা নাছিল । কমেও চাৰিখন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী জুই নুমুৱাবলৈ ঘটনাস্থলীলৈ অহাত ইন্ধন কেন্দ্ৰটো ৰক্ষা পৰে ।

আৰক্ষী আৰু অগ্নি নিৰ্বাপক সেৱাৰ কৰ্মীসকলে এতিয়াও অগ্নিকাণ্ডৰ কাৰণ সদৰী কৰিব পৰা নাই । স্থানীয় বিধায়ক মল্লাদি বিষ্ণু (MLA Malladi Vishnu) আৰু মহানগৰ আৰক্ষী আয়ুক্ত কে আৰ টাটাই (City Police Commissioner K R Tata) পৰিস্থিতিৰ বুজ ল'বলৈ ঘটনাস্থলী পৰিদৰ্শন কৰা বুলি জানিব পৰা গৈছে ।

স্থানীয় বাসিন্দাসকলে উক্ত স্থানত আতচবাজীৰ দোকান স্থাপন কৰিবলৈ (Public protest against Cracker Shop) অনুমতি দিয়া বাবে প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ জনাইছিল । সেয়েহে স্থানীয় বাসিন্দাসকলে ক্ষোভ প্ৰকাশ কৰিছে প্ৰশাসনৰ বিৰুদ্ধে । আৱাসীসকলে কৰ্তৃপক্ষক প্ৰশ্ন কৰি কয়," স্ফুলিংগ পেট্ৰ'ল পাম্পলৈ উৰি গলে কি হ'লহেঁতেন ?"

লগতে পঢ়ক:Helicopter Crash in Arunachal Pradesh: অৰুণাচল প্ৰদেশৰ মিজিঙত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটৰ্ঘনাগ্ৰস

Last Updated : Oct 23, 2022, 9:49 PM IST

ABOUT THE AUTHOR

...view details