অসম

assam

Tripura CM on Light House Project: লাইট হাউছ প্ৰকল্প দ্ৰুতগতিত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ

By

Published : Aug 1, 2022, 10:24 PM IST

Tripura CM on Light House Project

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাই সোমবাৰে 'লাইট হাউছ প্ৰকল্প' নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে (Tripura Chief Minister Dr Manik Saha vited Light House Project)। মুখ্যমন্ত্ৰী ডাঃ সাহাই আগৰতলা-আখাউৰা নিৰীক্ষণ চকীৰ সমীপৰ গোল চক্কৰ অঞ্চল পৰিদৰ্শন কৰি এই নিৰ্দেশ দিয়ে ।

আগৰতলা, ১আগষ্ট :ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাই সোমবাৰে 'লাইট হাউছ প্ৰকল্প'ত নিয়োজিত বিষয়া আৰু কৰ্মীসকলক নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰকল্পটো সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে (Tripura Chief Minister Dr Manik Saha vited Light House Project)। মুখ্যমন্ত্ৰী ডাঃ সাহাই আগৰতলা-আখাউৰা নিৰীক্ষণ চকীৰ সমীপৰ গোল চক্কৰ অঞ্চল পৰিদৰ্শন কৰি এই নিৰ্দেশ দিয়ে (Gol Chakkar area near Agartala-Akhaura Integrated Check Post)।উল্লেখ্য় যে, উক্ত স্থানতেই লাইট হাউছ প্ৰকল্পৰ অধীনত ১০০০ টা ফ্লেট নিৰ্মাণ কৰা হৈছে ৷

মুখ্যমন্ত্ৰী ডাঃমানিক সাহাই কয়, ‘‘মধ্যবিত্ত আৰু দৰিদ্ৰ লোকসকলৰ বাবে ইয়াত ১০০০ টা ফ্লেট নিৰ্মাণ কৰি থকা হৈছে’’ ৷ তেওঁলোকক যিমান সম্ভৱ সোনকালে কাম সম্পূৰ্ণ কৰাৰ বাবে নিৰ্দেশ দিয়া বুলি তেওঁ কয় । যিমান সম্ভৱ সোনকালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰি লাইট হাউছ প্ৰকল্পৰ বিষয়টোৰ অগ্ৰগতি সন্দৰ্ভত অৱগত কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ।

উল্লেখ্য় যে, ২০২১ চনৰ ১ জানুৱাৰীত প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰকল্পটো উদ্বোধন কৰিছিল । তেওঁ পুনৰ কয় যে, এইটো প্ৰধানমন্ত্ৰী মোডীৰ এটা সপোনৰ প্ৰকল্প (PMNarendra Modi inaugurated the project) । সেইবাবে যিকোনো প্ৰকাৰে নিৰ্দিষ্ট সময়ত সম্পূৰ্ণ কৰিবই লাগিব । তদুপৰি ৯০০ তকৈও অধিক লোকে তেওঁলোকৰ আগতীয়া ধন পৰিশোধ কৰিছে একমাত্ৰ সময়মতে গৃহ লাভৰ বাবে । অহা ৬ আগষ্টত প্ৰধানমন্ত্ৰী মোডীয়ে এই সন্দৰ্ভত প্ৰতিবেদন বিচৰাৰ সম্ভাৱনা আছে বুলি তেওঁ কয় ।

লগতে পঢ়ক:FIR against Sanjay Raut: শিৱসেনা নেতাৰ ঘনিষ্ঠৰ পত্নীক ভাবুকি দিয়া সঞ্জয় ৰাউটৰ বিৰুদ্ধে গোচৰ

ABOUT THE AUTHOR

...view details