FIR against Sanjay Raut: শিৱসেনা নেতাৰ ঘনিষ্ঠৰ পত্নীক ভাবুকি দিয়া সঞ্জয় ৰাউটৰ বিৰুদ্ধে গোচৰ

author img

By

Published : Aug 1, 2022, 2:12 PM IST

FIR against Sanjay Raut

১,০৩৪ কোটি টকাৰ পাত্ৰ চাওল ভূমি কেলেংকাৰী সম্পৰ্কীয় গোচৰত নাম সঙোৰ খোৱা সঞ্জয় ৰাউটৰ বিৰুদ্ধে এইবাৰ শিৱসেনা নেতাৰ ঘনিষ্ঠ সহযোগীৰ পত্নীক ভাবুকি দিয়াৰ অভিযোগ ।উল্লেখ্য় যে শিৱসেনা নেতাৰ ঘনিষ্ঠ সহযোগী সুজিত পাটকাৰৰ পত্নী স্বপ্নাৰ এটা অডিঅ' ক্লিপ ভাইৰেল হোৱাৰ পিছতেই এই ঘটনাটো পোহৰলৈ আহে । মুম্বাইত ৰাউটৰ বিৰুদ্ধে ইতিমধ্য়ে গোচৰ ৰুজু কৰা হৈছে(FIR registered against Sanjay Raut in Mumbai)।

নেচনেল ডেস্ক, ১আগষ্ট : ১,০৩৪ কোটি টকাৰ পাত্ৰ চাওল ভূমি কেলেংকাৰী সম্পৰ্কীয় গোচৰত নাম সঙোৰ খোৱা সঞ্জয় ৰাউটৰ বিৰুদ্ধে এইবাৰ শিৱসেনা নেতাৰ ঘনিষ্ঠ সহযোগীৰ পত্নীক ভাবুকি দিয়াৰ অভিযোগ উত্থাপিত হৈছে । ইতিমধ্য়ে শিৱসেনা নেতাৰ ঘনিষ্ঠ সহযোগী সুজিত পাটকাৰৰ পত্নী স্বপ্না পাটকাৰক ভাবুকি দিয়াৰ অভিযোগত মুম্বাইত সঞ্জয় ৰাউটৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছে(FIR has been registered against Sanjay Raut in Mumbai)। ৰাউচৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ৫০৪,৫০৬ আৰু ৫০৯ ধাৰাৰ অধীনত মুম্বাইত ভাকোলা আৰক্ষী থানাত উক্ত গোচৰটো পঞ্জীয়ন কৰা হৈছে(case registered at the Vakola police station) । উল্লেখ্য় যে শিৱসেনা নেতাৰ ঘনিষ্ঠ সহযোগী সুজিত পাটকাৰৰ পত্নী স্বপ্নাৰ এটা অডিঅ' ক্লিপ ভাইৰেল হোৱাৰ পিছতেই এই ঘটনটো পোহৰলৈ আহে । এই অডিঅ' ক্লিপটোত ৰাউতে তেওঁক ভাবুকি দিয়াৰ কথা ষ্পষ্ট হৈছে ।

স্বপ্না পাটকাৰ হৈছে উক্ত পাত্ৰ চাওল ভূমি গোচৰৰ সাক্ষী । এই ভূমি গোচৰ সন্দৰ্ভত প্ৰৱৰ্তন সঞ্চালকালয়ে সঞ্জয় ৰাউটক দেওবাৰে তেওঁৰ বাসগৃহত কেইবা ঘণ্টাৰ অভিযানৰ পিছত আটক কৰে । ইয়াৰ পূৰ্বে দেওবাৰে ৰাউটৰ ভ্ৰাতৃ সুনীল ৰাউতে দাবী কৰে যে তেওঁৰ ভ্ৰাতৃক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁক সোমবাৰে আদালতত হাজিৰ কৰোৱা হ'ব । বিজেপিয়ে তেওঁক ভয় কৰে আৰু সেইবাবে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে ।

সূত্ৰ অনুসৰি, ইডি বিষয়াসকলে দিনটোৰ আৰম্ভণিতে ৰাউটৰ বাসগৃহৰ পৰা ১১.৫০ লাখ টকাৰ হিচাপ বিহীন নগদ ধন জব্দ কৰে । ৰাউটক দেওবাৰে প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ইডি)বিষয়াসকলে মুম্বাইত তেওঁৰ বাসগৃহত কেইবা ঘণ্টাধৰি অভিযান চলাই পাত্ৰ চাওল ভূমি কেলেংকাৰীৰ গোচৰৰ সন্দৰ্ভত আটক কৰাৰ পিছতেই ঘটনাটোৱে নতুন মোৰ লৈছে(Patra Chawl land case)।

ইডিৰ চোৰাংচোৱাসকলে দেওবাৰে পুৱা ৭ বজাত ৰাউটৰ বাসগৃহত অভিযান চলাইছিল । পাত্ৰ চাওল ভূমি কেলেংকাৰীৰ গোচৰত ইডি বিষয়াসকলে তেওঁক আটক কৰাৰ পিছতে শিৱসেনা নেতাগৰাকীয়ে কয়, 'মানুহৰ বিৰুদ্ধে মিছা অভিযোগ আৰু নথিপত্ৰ প্ৰস্তুত কৰা হৈছে ।এই সকলোবোৰ শিৱসেনা আৰু মহাৰাষ্ট্ৰক দুৰ্বল কৰিবলৈ কৰা হৈছে । মই কেতিয়াও দল ত্য়াগ নকৰো।'

উল্লেখ্য় যে যোৱা ২৮ জুনত সঞ্জয় ৰাউটক প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি)১,০৩৪ কোটি টকাৰ পাত্ৰ চাওল ভূমি কেলেংকাৰী সম্পৰ্কীয় ধন আত্মস্য়াৎ গোচৰ প্ৰতিৰোধৰ সন্দৰ্ভত মাতি পঠিয়াইছিল । এই তদন্তত সহযোগ কৰিবলৈ অস্বীকাৰ কৰি আৰু সংসদৰ বৰ্ষাকালীন অধিৱেশনক তদন্তত যোগদান নকৰাৰ কাৰণ হিচাপে উল্লেখ কৰা পিছতেই এই অভিযান চলায় । ডিএইচএফএল-য়েছ বেংক গোচৰৰ সন্দৰ্ভত পুনেস্থিত ব্যৱসায়ী অবিনাশ ভোচালেক আগতে জিম্মাত লোৱা ইডিয়ে এই বিষয়তো ৰাউতক গ্ৰিল কৰিব বিচৰা বুলি সূত্ৰত প্ৰকাশ । ইডিৰ চোৰাংচোৱাসকলে দাবী কৰি কয় যে ইডিৰ পাত্ৰ চাওল গোচৰটো ডিএইচএফএল গোচৰৰ সৈতেও জড়িত । যোৱা এপ্ৰিলত ইডিয়ে এই তদন্তৰ অংশ হিচাপে ৰাউতৰ পত্নী বৰ্ষা ৰাউত আৰু তেওঁৰ দুজন সহযোগীৰ 11.15 কোটি টকাৰ অধিক সম্পত্তি অস্থায়ীভাৱে সংলগ্ন কৰিছিল।

লগতে পঢ়ক:Sanjay Raut Arrested by ED: শিৱসেনাৰ নেতা সঞ্জয় ৰাউটক গ্ৰেপ্তাৰ ইডিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.