অসম

assam

Violence in Tripura Civic body election : পুনৰ নিৰ্বাচনৰ দাবী তৃণমূলৰ

By

Published : Nov 25, 2021, 6:41 PM IST

জনসাধাৰণৰ গণতান্ত্ৰিক অধিকাৰৰ বাবে নতুনকৈ পুনৰ নিৰ্বাচনৰ দাবী জনাইছে তৃণমূল কংগ্ৰেছে (Trinamool Congress demands re poll in Tripura ) ৷

trinamool-congress-demands-re-poll-in-tripura-stages-dharna
Violence in Civic body election of Tripura : পুনৰ নিৰ্বাচনৰ দাবী তৃণমূলৰ

আগৰতলা, ২৫ নৱেম্বৰ : বৃহস্পতিবাৰে ত্ৰিপুৰা আৰক্ষীয়ে প্ৰায় ৪০ জন তৃণমূল কংগ্ৰেছৰ কৰ্মী তথা সমৰ্থকক আটক কৰে(Tripura Police detained worker of TMC) ৷ জানিব পৰা মতে, তেওঁলোকে তেওঁলোকৰ প্ৰাৰ্থী আৰু ভোটগ্ৰহণ এজেণ্টৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিবাদ কৰি পূব আগৰতলা আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাইছিল(re poll demanded by TMC in Tripura) ।

সাংবাদিকৰ সৈতে মত বিনিময় কৰি টিএমচিৰ ৰাজ্যিক আহ্বায়ক সুবল ভৌমিকে( TMC state convener Subal Bhowmik ) কয় যে, '' ৰাতিপুৱাৰ পৰাই বিজেপিৰ গুণ্ডাসকলে আমাৰ পুলিং এজেন্ট সকলক আক্ৰমণ কৰিছে (TMC polling agents attacked by BJP Goons) ৷ তেওঁলোকক ভোটকেন্দ্ৰৰ ভিতৰলৈ যাবলৈ দিয়া হোৱা নাছিল । কালি নিশা বিজেপিৰ পালিত গুণ্ডাসকলে কেইবাটাও হিংসাত্মক ঘটনা সংঘটিত কৰিছিল । আৰু আমাৰ প্ৰাৰ্থীসকলক নিৰ্মমভাৱে আক্ৰমণ কৰা হৈছিল ।''

তেওঁ কয় যে, উচ্চতম ন্যায়ালয়ে নিৰ্বাচনটো মুক্ত, নিৰপেক্ষ আৰু শান্তিপূৰ্ণ ভাৱে সমাপ্ত কৰিবলৈ সকলো পদক্ষেপ ল'বলৈ নিৰ্দেশ দিছিল কিন্তু আৰক্ষীয়ে বিফল আৰু সম্পূৰ্ণ নীৰৱ ভূমিকা পালন কৰিছে । ইয়াৰোপৰি তেওঁ অভিযোগ কৰে যে, আৰক্ষীয়ে চহৰখনত প্ৰৱেশ কৰা বাহিৰা লোকসকলৰ বিৰুদ্ধে কোনো পদক্ষেপ লোৱা নাই । আৰক্ষীয়ে বিজেপিক সহায় কৰি আছে বুলিও মন্তব্য কৰে তেওঁ ।

তেওঁ দাবী কৰিছে যে, আৰক্ষী আৰু চৰকাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰণ নকৰে । স্থানীয় লোকসকলো এই আক্ৰমণৰ সন্মুখীন হৈছিল বুলি কৈ তেওঁ কয় যে, বিজেপিৰ পালিত গুণ্ডাসকলে তেওঁলোকক বিভিন্ন ধৰণে বাধা দিয়াৰ অভিযোগ কৰে । ইয়াৰোপৰি সুবলে জনসাধাৰণৰ গণতান্ত্ৰিক অধিকাৰৰ বাবে নতুনকৈ পুনৰ নিৰ্বাচনৰ দাবী জনাইছে(Trinamool Congress demands re poll in Tripura ) ।

লগতে পঢ়ক :Civic body election of Tripura : গণতন্ত্ৰৰ প্ৰতি ভাবুকি অহাৰ অভিযোগ বিজেপি নেতাৰ

ABOUT THE AUTHOR

...view details