ETV Bharat / bharat

Civic body election of Tripura : গণতন্ত্ৰৰ প্ৰতি ভাবুকি অহাৰ অভিযোগ বিজেপি নেতাৰ

author img

By

Published : Nov 25, 2021, 4:04 PM IST

গণতন্ত্ৰৰ প্ৰতি ভাবুকি আহিছে নেকি ত্ৰিপুৰাৰ পৌৰ নিগমৰ নিৰ্বাচনৰ সময়ত ? ৰাজ্যখনত ১৪৪ ধাৰা জাৰি কৰা হোৱাৰ সময়ত কোনো বাহিৰা লোকে ভিৰ কৰিছে ভোট গ্ৰহণ কেন্দ্ৰত ? জানো আহক কি দাবী কৰিছে বিজেপি বিধায়কে ৷

Tripura BJP MLA claims Violation of democracy in civic body election
Civic body election of Tripura : গণতন্ত্ৰৰ প্ৰতি ভাবুকি অহাৰ অভিযোগ বিজেপি নেতাৰ

আগৰতলা, ২৫ নৱেম্বৰ : বৃহস্পতিবাৰে পুৱা ৭ বজাত আৰম্ভ হোৱা ত্ৰিপুৰাৰ পৌৰ নিগমৰ নিৰ্বাচনৰ সময়ত ভোটাৰসকলক বিবেক ভোট প্ৰদান কৰাত বাধা দিয়াৰ বহু অভিযোগ পোৱাৰ পিছত শাসকীয় বিজেপি দলৰ বিধায়ক সুদীপ ৰয় বৰ্মনে অসন্তুষ্টি প্ৰকাশ কৰিছে(BJP MLA Sudip Roy Barman on civic body election in Tripura )। সাংবাদিকৰ সৈতে মত বিনিময় কৰি সুদীপে কয় যে, '' যদি মানুহে মুক্ত আৰু নিৰপেক্ষভাৱে ভোটদান কৰিব পাৰে তেন্তে মই ক'ম যে নিৰ্বাচন ভালদৰে আৰু গণতান্ত্ৰিক ভাৱে চলি আছে ৷ কিন্তু যদি কোনোবাই বাধাৰ সন্মুখীন হৈছে তেন্তে মই ক'ম গণতন্ত্ৰ বিপদাপন্ন" ।

তেওঁ পুনৰ কয় যে, তেওঁ বহুতো নতুন অভিযোগ পাইছে য’ত গণতন্ত্ৰৰ প্ৰতি ভাবুকি স্পষ্ট ৰূপত ধৰা পৰিছে । তেওঁ জনায় যে, নিৰ্বাচনৰ বাবে ৰাজ্যখনত ১৪৪ ধাৰা জাৰি কৰা হৈছে(section 144 imposed in Tripura) কিন্তু ইয়াৰ মাজতে আগৰতলা চহৰত বহু বাহিৰা লোকে প্ৰৱেশ কৰিছে আৰু ভোট গ্ৰহণ কেন্দ্ৰৰ ওচৰত তেওঁলোকৰ অৱস্থান দেখা গৈছে ।

বাহিৰৰ লোকসকলে ইয়াত কিয় প্ৰৱেশ কৰিছে বুলি প্ৰশ্ন কৰি তেওঁ কয় এয়া গণতন্ত্ৰৰ বাব শুভ লক্ষণ নহয় বুলি সকলোৱে অনুধাৱন কৰিব পাৰিব(Violation of democracy in civic body election of Tripura ) ।

ভোটাৰ সকলক বিবেক ভোট প্ৰদানত বাধা দিয়াৰ অভিযোগ কৰি তেওঁ কয় যে তেওঁ এনে বহু অভিযোগ ইতিমধ্যে লাভ কৰিছে । এটা ভিডিঅ'ৰ কথা উল্লেখ কৰি তেওঁ কয় যে, এজন ব্যক্তি ই ভি এমৰ ওচৰত থিয় হৈ ভোটাৰ সকলক ভোট ক'ত দিব লাগে সেয়া বুজাই থকা তেওঁ ভিডিঅ’ যোগে দেখিবলৈ পাইছে ৷ জনতাক তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰত বাধা দিব নালাগে বুলি কৈ বিজেপি নেতা গৰাকীয়ে কয় যে, তেওঁৰ দল এই নিৰ্বাচনত জয়ী হোৱাটো নিশ্চিত ৷

লগতে পঢ়ক : TMC files 27 FIR in Tripura : ত্ৰিপুৰাত ২৭ খন এজাহাৰ দাখিল তৃণমূল কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.