অসম

assam

দুমাহৰ ভিতৰত পৰিৱৰ্তন হ'ব ডেল্টা ভাইৰাছ: ডাঃ ৰাকেশ মিশ্ৰা

By

Published : Jun 16, 2021, 7:49 PM IST

গৱেষণাৰ অন্তত পোহৰলৈ আহিছে যে প্ৰতি তিনিৰ পৰা ছয় মাহত এটা নতুন ভাইৰাছৰ প্ৰকাৰে আধিপত্য বিস্তাৰ কৰে আৰু তাৰ পিছত লাহে লাহে নাইকিয়া হয় । ডেল্টা প্ৰকাৰে ইতিমধ্যে চাৰি মাহৰো অধিক সময় ধৰি প্ৰভাৱ বিস্তাৰ কৰি আছে । গৱেষকসকলে অনুমান কৰিছে যে দুমাহৰ ভিতৰত পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে । চেণ্টাৰ ফৰ চেলুলাৰ এণ্ড মলিকিউলাৰ বায়'লজিৰ (CCMB) উপদেষ্টা ড০ ৰাকেশ মিশ্ৰাই তথ্য প্ৰকাশ কৰাৰ পিছত ভৱিষ্যতবাণী কৰা হৈছে যে বৰ্তমানৰ ডেল্টা প্ৰকাৰৰ ভাইৰাছ দুমাহৰ ভিতৰত সলনি হ'ব ।

delta virus
দুমাহৰ ভিতৰত পৰিৱৰ্তন হ'ব ডেল্টা ভাইৰাছ

নেশ্যনেল ডেস্ক, ১৬ জুন : কৰ'ণা(Corona) মহামাৰীৰ দ্বিতীয় ঢৌয়ে দেশত ধ্বংসযজ্ঞ চলাই থকাৰ মাজতে বিশেষজ্ঞসকলে ভাইৰাছটোৰ নতুন প্ৰকাৰৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে । বৰ্তমান দেশত ক'ভিড (Covid 19)ৰ প্ৰায় ছয়ৰ পৰা সাতটা মুখ্য প্ৰকাৰ ধৰা পৰিছে । ইয়াৰ ভিতৰত আটাইতকৈ সংক্ৰমিত প্ৰকাৰটো হৈছে ডেল্টা (Delta) প্ৰকাৰ যিটো প্ৰথমে ফেব্ৰুৱাৰীত চিনাক্ত কৰা হৈছিল ।

গৱেষণাৰ অন্তত পোহৰলৈ আহিছে যে প্ৰতি তিনিৰ পৰা ছয় মাহত এটা নতুন ভাইৰাছৰ প্ৰকাৰে আধিপত্য বিস্তাৰ কৰে আৰু তাৰ পিছত লাহে লাহে নাইকিয়া হয় । ডেল্টা প্ৰকাৰে ইতিমধ্যে চাৰি মাহৰো অধিক সময় ধৰি প্ৰভাৱ বিস্তাৰ কৰি আছে । গৱেষকসকলে অনুমান কৰিছে যে দুমাহৰ ভিতৰত পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে । চেণ্টাৰ ফৰ চেলুলাৰ এণ্ড মলিকিউলাৰ বায়'লজিৰ (CCMB) উপদেষ্টা ডাঃ ৰাকেশ মিশ্ৰাই তথ্য প্ৰকাশ কৰাৰ পিছত ভৱিষ্যতবাণী কৰা হৈছে যে বৰ্তমানৰ ডেল্টা প্ৰকাৰৰ ভাইৰাছ দুমাহৰ ভিতৰত সলনি হ'ব ।

চিচিএমবিৰ নেতৃত্বত চাৰিখন চহৰৰ গৱেষণা প্ৰতিষ্ঠানসমূহে ক'ভিড ৰোগীৰ নমুনা সংগ্ৰহ কৰি আৰু ভাইৰাছ জিন চিনাক্ত কৰি সময়ে সময়ে ভাইৰাছৰ পৰিৱৰ্তন নিৰীক্ষণ কৰিবলৈ ক্লাষ্টাৰ গঠন কৰিছে। প্ৰতিটো ভাইৰাছৰ নমুনা সংগ্ৰহ কৰিবলৈ জিনম চিনাক্ত আৰু ৰেকৰ্ড কৰিবলৈ ৪,০০০ টকাৰ পৰা ৫,০০০ টকাৰ ভিতৰত ব্যয় হয় । পুঁজিৰ সমস্যাৰ বাবে প্ৰক্ৰিয়াটো বেছি আগবাঢ়িব পৰা নাই । কিন্তু এই সমস্যা সম্প্ৰতি সমাধান হোৱা যেন লাগিছে ।

ৰাকেশ মিশ্ৰাই কোৱা মতে অহা বছৰ হায়দৰাবাদ, বাংগালোৰ, দিল্লী আৰু পুনেত ৪০,০০০ ভাইৰাছ জিন চিনাক্ত কৰা হ'ব । বৰ্তমান প্ৰচলিত ডেল্টা প্ৰকাৰৰ পৰিৱৰ্তনবোৰে ভৱিষ্যতে তৃতীয় তৰংগ হ্ৰাস কৰিব পাৰে যাক সোনকালে চিনাক্ত কৰিব পাৰি আৰু চৰকাৰক সতৰ্ক কৰিব পাৰি ।

ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে কৈ ডাঃ মিশ্ৰাই কয় যে সমগ্ৰ দেশতে চলাবলগীয়া এক চেৰো জৰীপে (sero survey) দেখুৱাব যে কিমান জন লোকৰ এণ্টিবডী আছে আৰু ইয়াৰ ওপৰত আধাৰিত কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা মূল্যায়ন কৰিব পাৰি । লকডাউন শিথিল হৈ থকাৰ সময়তে বিশেষজ্ঞসকলে ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে কিয়নো তেওঁলোকৰ মতে পৰৱৰ্তী দুমাহ গুৰুত্বপূৰ্ণ হ'ব ।

লগতে পঢ়ক:মধ্যস্থতাকাৰীৰ নিৰ্দেশনা পালনত ব্যৰ্থ টুইটাৰ : ৰবি শংকৰ প্ৰসাদ

ABOUT THE AUTHOR

...view details