অসম

assam

পাৰ নে চোৰাংচোৱা : এটা চৰায়ে ভাৰত-পাক সীমান্তত লগাইছে অথন্তৰ

By

Published : Aug 3, 2021, 2:17 PM IST

ৰাজস্থানৰ বিকানেৰ জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত উদ্ধাৰ হোৱা এটা পাৰ চৰাইৰ বাবে অধিক সতৰ্ক হৈ পৰিছে নিৰাপত্তা বাহিনী । আশংকাৰ কাৰণ পাৰটো ৷ কিন্তু কিয় পাৰটোৰ বাবে শংকিত হৈছে নিৰাপত্তাবাহিনী ৷

Suspicious pigeon with Pakistani mobile number, ring captured in Bikaner
বিকানেৰত পাকিস্তানৰ ফোন নম্বৰ লিখা থকা কাগজসহ এটা পাৰ উদ্ধাৰ

নেশ্যনেল ডেস্ক, ৩ আগষ্ট: ৰাজস্থানৰ বিকানেৰ জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত উদ্ধাৰ হৈছে এটা পাৰ চৰাই । পাৰ চৰাইটোৰ ডিঙিত আৰু ভৰিত আছে আঙুঠি । লগতে আছে পাকিস্তানৰ ফোন নম্বৰ লিখা থকা এখন কাগজ । এতিয়া এই পাৰ চৰাইটো পাকিস্তানৰ বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ।

সোমবাৰে আৰক্ষীয়ে জানিবলৈ দিয়া মতে, পাৰ চৰাইটো মহাজন আৰক্ষী থানাৰ অন্তৰ্গত তেজানা অঞ্চলৰ ওচৰতে দেখা পোৱা গৈছিল । পাৰটোৰ পৰা উদ্ধাৰ কৰা পাকিস্তানৰ ফোন নম্বৰ লিখা থকা কাগজখন উদ্ধাৰ হোৱাৰ পাছতে আৰক্ষীয়ে সকলোকে সতৰ্ক কৰি দিছে । প্ৰথমে গাঁৱৰ ৰাইজে পাৰ চৰাইটো প্ৰত্যক্ষ কৰে আৰু আৰক্ষীক খবৰ দিয়ে । পাছত চৰাইটো লুংকাৰানছাৰ আৰু মহাজন আৰক্ষীয়ে উদ্ধাৰ কৰে ।

আনহাতে, এই ঘটনাৰ পাছতে সুৰক্ষা বাহিনীও মহাজন ফায়াৰিং ৰেঞ্জত সষ্টম হৈ আছে । নিৰাপত্তা সংস্থাসমূহে পূৰ্বেও এনে ধৰণৰ বহুতো ঘটনাৰ খবৰ লাভ কৰিছিল ।

ভাৰত-পাকিস্তান সীমান্তত পাকিস্তানৰ পৰা প্ৰেৰণ কৰা বাৰ্তাৰ সৈতে পাৰ চৰাই আৰু বেলুন দেখা পোৱা গৈছিল । আৰক্ষীয়ে জনাইছে যে, এটা পাৰ চৰাই আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা উদ্ধাৰ কৰাৰ পিছত যোৱা এবছৰ ধৰি পোগাল আৰক্ষী থানাত ৰখা হৈছে । আনহাতে, এনেদৰে পাকিস্তানৰ ফোন নম্বৰ কোনে প্ৰেৰণ কৰিলে তাক লৈ চিন্তাৰ উদ্ৰেক হৈছে ।

বৰ্তমান জম্মু-কাশ্মীৰৰ আকাশত সঘনাই সন্দেহজনক ড্ৰোণ উৰি থকাৰ বাবে স্বাভাৱিকতে নিৰাপত্তাক লৈ আশংকা বৃদ্ধি পাইছে । তেনে পৰিস্থিতিত এইবাৰ পাৰ চৰাই উদ্ধাৰ হোৱাটোও চিন্তাৰ বিষয় হৈ পৰিছে । সম্প্ৰতি আৰক্ষী, নিৰাপত্তা বাহিনী সষ্টম হৈ আছে ।

লগতে পঢ়ক: COVID-19: দেশত নতুনকৈ আক্ৰান্ত হ’ল কিমান ?

ABOUT THE AUTHOR

...view details