অসম

assam

চলিত সপ্তাহত কৰ্ণাটক হিজাব বিতৰ্কৰ ৰায়ৰ সম্ভাৱনা ছুপ্ৰিম কোৰ্টৰ

By

Published : Oct 10, 2022, 2:22 PM IST

দেশৰ শীৰ্ষ ন্যায়ালয়ত (Supreme Court of India) যুক্তি-তৰ্কৰ সময়ত আবেদনকাৰীসকলৰ হৈ উপস্থিত হোৱা কেইবাজনো পৰামৰ্শদাতাই জোৰ দিয়ে যে মুছলমান ছোৱালীবোৰক শ্ৰেণীকোঠালৈ হিজাব পিন্ধি আহাত বাধা দিয়াটোৱে তেওঁলোকৰ শিক্ষা বিপদত পেলাব (Hijab controversy in Karnataka) । কিয়নো তেওঁলোকে শ্ৰেণীত উপস্থিত থকাটো বন্ধ কৰিব পাৰে ।

Hijab
Hijab

নিউজ ডেস্ক, ১০ অক্টোবৰ :চলিত সপ্তাহতে অৱসৰ গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয় ন্যায়াধীশ হেমন্ত গুপ্তাই । তেওঁ অৱসৰ লোৱাৰ পূৰ্বেই উচ্চতম ন্যায়ালয়ে শিক্ষানুষ্ঠানসমূহত হিজাবৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই ল'বলৈ অস্বীকাৰ কৰা কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ (Karnataka High Court) ৰায়ক প্ৰত্যাহ্বান জনোৱা আবেদনৰ ওপৰত ৰায় প্ৰদানৰ সম্ভাৱনা আছে (SC verdict on Hijab controversy in Karnataka) । উল্লেখ্য, ন্যায়াধীশ গুপ্তা আৰু সুধাংশু ধুলিয়াৰ বিচাৰপীঠে ২২ ছেপ্টেম্বৰত বিষয়টোত ১০ দিনৰ বাবে যুক্তি শুনি আবেদনৰ ওপৰত নিজৰ ৰায় সংৰক্ষিত ৰাখিছিল (Supreme Court verdict on Hijab controversy)।

এই আবেদনসমূহৰ ওপৰত ৰায় ঘোষণা চলিত সপ্তাহতে আশা কৰা হৈছে । কিয়নো বিচাৰপীঠৰ নেতৃত্বত থকা ন্যায়াধীশ গুপ্তাই ১৬ অক্টোবৰত অৱসৰ ল'ব । শীৰ্ষ ন্যায়ালয়ত যুক্তি-তৰ্কৰ সময়ত আবেদনকাৰীসকলৰ হৈ উপস্থিত থকা কেইবাজনো পৰামৰ্শদাতাই এই কথা জোৰ দিয়ে যে মুছলমান ছোৱালীসকলক শ্ৰেণীকোঠালৈ হিজাব পিন্ধি (Muslim girls wearing hijab to classroom) অহাত বাধা দিয়াটোৱে তেওঁলোকৰ শিক্ষা বিপদত পেলাব । কিয়নো ইয়াৰ ফলত তেওঁলোকে হয়তো শ্ৰেণীত উপস্থিত থকা বন্ধ কৰিব পাৰে ।

আবেদনকাৰীসকলৰ পৰামৰ্শদাতাই বিভিন্ন দিশৰ ওপৰত যুক্তি প্ৰদৰ্শন কৰে । তাৰ ভিতৰত আছে ৰাজ্য চৰকাৰৰ 2022 চনৰ 5 ফেব্ৰুৱাৰীৰ আদেশ । উক্ত আদেশত বিদ্যালয় আৰু মহাবিদ্যালয়ত সমতা, অখণ্ডতা আৰু ৰাজহুৱা শৃংখলা বিঘ্নিত কৰা কাপোৰ পিন্ধাটো নিষিদ্ধ কৰিছিল । কেইগৰাকীমান অধিবক্তাই এইটোও যুক্তি দিছিল যে বিষয়টো পাঁচজনীয়া সংবিধান বিচাৰপীঠলৈ প্ৰেৰণ কৰিব লাগে । আনহাতে, ৰাজ্য চৰকাৰৰ হৈ উপস্থিত থকা পৰামৰ্শদাতাই যুক্তি দিয়ে যে হিজাবক লৈ দিয়া কৰ্ণাটক চৰকাৰৰ আদেশ 'ধৰ্ম নিৰপেক্ষ' ।

আনহাতে, শিক্ষানুষ্ঠানসমূহত হিজাব পিন্ধাৰ সমৰ্থনত কৰা আন্দোলন কেইজনমান ব্যক্তিৰ দ্বাৰা 'স্বতঃস্ফূৰ্ত কাৰ্য' নহয় বুলি জোৰ দি ৰাজ্যখনৰ পৰামৰ্শদাতাই শীৰ্ষ আদালতত যুক্তি দিয়ে যে চৰকাৰে "সাংবিধানিক কৰ্তব্যত অৱহেলা কৰাৰ বাবে দোষী" হ'লহেঁতেন যদিহে ই দিয়া পথত চৰকাৰে কাম নকৰিলেহেঁতেন । উল্লেখ্য, ১৫ মাৰ্চত উচ্চ ন্যায়ালয়ে কৰ্ণাটকৰ উদুপীৰ চৰকাৰী প্ৰাক-বিশ্ববিদ্যালয় ছোৱালী মহাবিদ্যালয়ৰ (Udupi Girls College in Karnataka) মুছলমান ছাত্ৰীসকলৰ এটা অংশই শ্ৰেণীকোঠাৰ ভিতৰত হিজাব পিন্ধাৰ অনুমতি বিচাৰি দাখিল কৰা আবেদনসমূহ খাৰিজ কৰিছিল । আদালতে ই ইছলাম ধৰ্মৰ অপৰিহাৰ্য ধৰ্মীয় প্ৰথাৰ অংশ নহয় বুলি ৰায় দিছিল ।

আহাতে, ৰাজ্য চৰকাৰৰ ৫ ফেব্ৰুৱাৰী, ২০২২ চনৰ আদেশক কিছুসংখ্যক মুছলমান ছোৱালীয়ে উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনায় । উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই শীৰ্ষ ন্যায়ালয়ত কেইবাটাও আবেদন দাখিল কৰা হৈছে ।

লগতে পঢ়ক :কুস্তিৰ পৰা ক্ষমতালৈ মুলায়ম সিঙৰ বৰ্ণিল জীৱন

ABOUT THE AUTHOR

...view details