অসম

assam

তদন্তকাৰী সংস্থাৰ কাৰ্যালয়ত চিচিটিভি কেমেৰা সংস্থাপনৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

By

Published : Dec 3, 2020, 2:14 PM IST

তদন্তৰ নামত আৰক্ষীয়ে অভিযুক্তৰ ওপৰত চলোৱা নিৰ্যাতনৰ প্ৰকৃত ছবি নিৰীক্ষণৰ বাবে বুধবাৰে কেন্দ্ৰ, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিখন আৰক্ষী থানাৰ লগতে CBI, ED, NIAৰ কাৰ্যালয়ত চিচি টিভি কেমেৰা সংস্থাপনৰ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে ।

তদন্তকাৰী সংস্থাৰ কাৰ্যালয়ত চিচি টিভি কেমেৰা সংস্থাপনৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
তদন্তকাৰী সংস্থাৰ কাৰ্যালয়ত চিচি টিভি কেমেৰা সংস্থাপনৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

নেশ্যনেল ডেস্ক, ৩ ডিচেম্বৰ: বিভিন্ন সময়ত আৰক্ষীয়ে অভিযুক্তৰ ওপৰত চলোৱা বৰ্বৰতাৰ অভিযোগ উত্থাপন হৈ আছে । সোধা-পোচাৰ নামত আৰক্ষীয়ে নিৰ্মম অত্যাচাৰ চলায় বুলি বহু অভিযুক্তৰ পৰিয়ালে গুৰুতৰ অভিযোগ তুলিছে । এই বিষয়ত গুৰুত্ব আৰোপ কৰি উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায় দিয়ে যে, কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা, এনফ'ৰ্চমেণ্ট ডিৰেক্ট'ৰেট, ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা, নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰো' আৰু আন তদন্তকাৰী সংস্থাৰ কাৰ্যালয় আৰু আৰক্ষী থানাত নাইট ভিজন সংলগ্ন থকা চিচিটিভি কেমেৰা সংস্থাপন কৰিব লাগিব ৷

বুধবাৰে উচ্চতম ন্যায়ালয়ে কয় যে, CBI, ED, NIA আৰু আন তদন্তকাৰী সংস্থাৰ দ্বাৰা সংঘটিত হোৱা যিকোনো মানৱ অধিকাৰ উলংঘনৰ ঘটনা সন্দৰ্ভত সোধা-পোচা কৰাৰ সময়ৰ চিচিটিভি ফুটেজ অভিযুক্তই লাভ কৰাৰ অধিকাৰ আছে । ন্যায়াধীশ ৰোহিংটন ফলি নৰীমনৰ নেতৃত্বত ন্যায়াধীশ কে এম জোছেফ আৰু ন্যায়াধীশ অনিৰুদ্ধ বসুৰ তিনিজনীয়া বিচাৰপীঠে পৰমবীৰ সি চাইনীয়ে জনোৱা স্পেচিয়েল লিভ আবেদনৰ শুনানি গ্ৰহণ কৰি বুধবাৰে এই তাৎপৰ্যপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰে ।

পৰমবীৰ সিঙে এক আবেদনযোগে জবানবন্দীৰ অডিঅ'-ভিডিঅ' ৰেকৰ্ডিং আৰু সমগ্ৰ দেশৰ আৰক্ষী থানাত চিচিটিভি কেমেৰা সংস্থাপনৰ বিষয়টো উত্থাপন কৰিছিল । তিনিজনীয়া বিচাৰপীঠে কয় যে, ভাৰতীয় সংবিধানৰ ২১ নং অনুচ্ছেদৰ অধীনত ভাৰতৰ প্ৰতিগৰাকী নাগৰিকৰ মৌলিক অধিকাৰক অগ্ৰাধিকাৰ দিয়া হয় আৰু সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰথম নিৰ্দেশৰ পিছত আঢ়ৈ বছৰ ধৰি এই বিষয়ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । কাৰ্যবাহী, প্ৰশাসনিক আৰু আৰক্ষীয়েও এই নিৰ্দেশ শীঘ্ৰে কাৰ্যকৰী কৰিব লাগিব বুলি আদেশ দিয়ে সৰ্বোচ্চ ন্যায়ালয়ে ।

আদালতৰ নিৰ্দেশ পালনৰ সঠিক সময় আৰু কৰ্মসূচী ব্যাখ্যা কৰি প্ৰতিখন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলৰ শপতনামা প্ৰধান সচিব, কেবিনেট সচিব আৰু গৃহ সচিবে উচ্চতম ন্যায়ালয়ত জমা দিব লাগিব । এই কামৰ বাবে ন্যায়ালয়ে ৬ মাহৰ সময়সীমাও নিৰ্ধাৰণ কৰি দিছে ।

লগতে পঢ়ক:জম্মু-কাশ্মীৰৰ ভুল নক্সা প্ৰদৰ্শিত লিংক আঁতৰাবলৈ ৱিকিপেডিয়াক নিৰ্দেশ ভাৰতৰ

ABOUT THE AUTHOR

...view details