অসম

assam

6 ঘন্টাৰ জেৰাত স্বামীৰ বিষয়ে কি ক’লে অভিনেত্ৰী শিল্পা চেট্টীয়ে ?

By

Published : Jul 24, 2021, 7:57 PM IST

Updated : Jul 28, 2021, 2:07 PM IST

6 ঘন্টাৰ জেৰাত স্বামীৰ বিষয়ে কি ক’লে শিল্পা অভিনেত্ৰী চেট্টীয়ে
6 ঘন্টাৰ জেৰাত স্বামীৰ বিষয়ে কি ক’লে শিল্পা অভিনেত্ৰী চেট্টীয়ে

পৰ্ণগ্ৰাফিক ছবি নিৰ্মাণৰ অভিযোগত অভিযুক্ত ৰাজ কুন্দ্ৰাৰ পত্নী, অভিনেত্ৰী শিল্পা চেট্টীক জেৰা অপৰাধ শাখাৰ ৷ অপৰাধ শাখাই শিল্পা চেট্টীক প্ৰশ্ন কৰিছিল যে তেওঁৰ স্বামীৰ অশ্লীল সমল প্ৰস্তুত কৰাত জড়িত থকাৰ বিষয়ে তেওঁ জ্ঞাত নেকি ? অভিনেত্ৰীগৰাকীয়ে দাবী কৰিছিল যে, তেওঁৰ স্বামী নিৰ্দোষী আৰু পৰ্ণ সমল প্ৰস্তুত কৰাত তেওঁ জড়িত নাছিল ।

চিটাৰা ডেস্ক, ২৪ জুলাই :অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী তথা ব্যৱসায়ী ৰাজ কুন্দ্ৰাই তেওঁৰ গ্ৰেপ্তাৰক 'অবৈধ' বুলি কৰাৰ দাবী কৰি মুম্বাই উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ পাচতেই শুকুৰবাৰে মুম্বাই আৰক্ষীৰ সন্মুখত অভিনেত্ৰীগৰাকীয়ে তেওঁৰ স্বামী নিৰ্দোষী বুলি দাবী কৰে ৷ এক বিশেষ সূত্ৰৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, সমগ্ৰ গোচৰৰ অভিযোগ অভিনেত্ৰীগৰাকীয়ে তেওঁৰ স্বামী ৰাজ কুন্দ্ৰাৰ লণ্ডনত থকা ভাতৃ প্ৰদীপ বক্সীৰ বিৰুদ্ধে উত্থাপন কৰিছে ৷ অভিনেত্ৰীগৰাকীৰ দাবী অনুসৰি, প্ৰদীপ বক্সীহে হটশ্বট এপ আৰু ইয়াৰ কাৰ্যকলাপৰ সৈতে জড়িত আছে ৷

ৰাজ কুন্দ্ৰাৰ গোচৰ সন্দৰ্ভত শুকুৰবাৰে ক্ৰাইম ব্ৰাঞ্চে অভিনেত্ৰী শিল্পা চেট্টীক প্ৰায় 6 ঘন্টা ধৰি জেৰা কৰে ৷ উক্ত জেৰাত অভিনেত্ৰীগৰাকীয়ে তেওঁ হটশ্বট এপৰ বিষয়ে সম্পূৰ্ণৰূপে অৱগত নহয় বুলি দাবী কৰে ৷ উল্লেখ্য যে, শুকুৰবাৰে মুম্বাই আদালতে পৰ্ণগ্ৰাফিক ছবি নিৰ্মাণৰ অভিযোগত অভিনেত্ৰীগৰাকীৰ স্বামী আৰু তেওঁৰ সহযোগী ৰিয়ান থৰ্পেক 27 জুলাইলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ৷

মুম্বাই আৰক্ষীয়ে অভিনেতা গৰাকীক হটশ্বট এপৰ বিষয়ে প্ৰশ্ন কৰিছিল, যত অশ্লীল সমল আপলোড কৰা হৈছিল । তেওঁক সোধা হৈছিল যে, তেওঁ ভিয়ান কোম্পানীৰ চৌহদত চলোৱা পৰ্ণ সমল আপলোড-সম্পৰ্কীয় কাৰ্যকলাপৰ বিষয়ে অৱগত আছিল নেকি ? ইয়াৰ উপৰি মুম্বাই আৰক্ষীয়ে পৰ্ণ ৰেকেটৰ পৰা উপাৰ্জন কৰা কোনো ধন শিল্পা চেট্টীৰ একাউণ্টলৈ প্ৰেৰণ কৰা হৈছিল নে নাই সেয়াও পৰীক্ষা কৰিছে ।

6 ঘন্টাৰ জেৰাত স্বামীৰ বিষয়ে কি ক’লে শিল্পা অভিনেত্ৰী চেট্টীয়ে

ক্ৰাইম ব্ৰাঞ্চৰ জেৰাত অভিনেত্ৰী গৰাকীয়ে দাবী কৰিছে যে, তেওঁৰ স্বামী ৰাজ কুন্দ্ৰা নিৰ্দোষী আৰু পৰ্ণ সমল প্ৰস্তুত কৰাত তেওঁ জড়িত নাছিল । তেওঁ লগতে কয় যে, লণ্ডনত থকা প্ৰদীপ বক্সীহে হটশ্বট এপ আৰু ইয়াৰ কাৰ্যকলাপৰ সৈতে জড়িত আছিল । উল্লেখনীয়ভাৱে শিল্পা চেট্টীয়ে এইটোও উল্লেখ কৰিছিল যে, যৌনগন্ধীমূলক(erotica)ৰ সমল পৰ্ণগ্ৰাফীতকৈ (pornography) সম্পূৰ্ণ পৃথক । তেওঁ আন অ'টিটি প্লেটফৰ্মবোৰ একে ধৰণৰ যৌনগন্ধীমূলক (erotica) সমলৰে পৰিপূৰ্ণ হোৱাৰ বিষয়েও কৈছিল, যিসমূহক পৰ্ণ বুলি গণ্য কৰা নহয় ।

মুম্বাই আৰক্ষীৰ সূত্ৰ অনুসৰি, অভিনেতাগৰাকীয়ে 6 ঘণ্টা দীঘলীয়া প্ৰশ্নত অপৰাধ শাখাক তলত দিয়া ধৰণে উত্তৰ দিছে:

  • শিল্পা চেট্টীয়ে কৈছিল যে তেওঁ হটশ্বটৰ সঠিক সমলৰ বিষয়ে অৱগত নাছিল ৷
  • তেওঁ এইটোও দাবী কৰিছে যে হটশ্বটৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই ৷
  • তেওঁ উল্লেখ কৰিছিল যে যৌনগন্ধীমূলক (erotica)ৰ সমল পৰ্ণগ্ৰাফীতকৈ (pornography) পৃথক ।
  • অভিনেত্ৰীগৰাকীয়ে দাবী কৰিছে যে তেওঁৰ স্বামী ৰাজ কুন্দ্ৰা পৰ্ণ সমল প্ৰস্তুত কৰাত জড়িত নাছিল ৷
  • চেট্টীয়ে কৈছিল যে লণ্ডনত থকা ৰাজ কুন্দ্ৰাৰ ভায়েক প্ৰদীপ বক্সী এপ আৰু ইয়াৰ কাৰ্যকলাপৰ সৈতে জড়িত আছিল ৷
  • শিল্পাই দাবী কৰিছে যে তেওঁৰ স্বামী নিৰ্দোষী ৷

যদিও অপৰাধ শাখাই বিষয়াসকলৰ কুন্দ্ৰা-চেট্টীৰ ঘৰলৈ যোৱাৰ বিষয়ে কোনো বিবৃতি দিয়া নাছিল, সূত্ৰই জনায় যে, তেওঁলোকে বিশ্বাস কৰে যে কুন্দ্ৰাই পৰ্ণগ্ৰাফীৰ পৰা উপাৰ্জন কৰা ধন অনলাইন বেটিঙৰ বাবে ব্যৱহাৰ কৰা হৈছিল । অপৰাধ শাখাই ধনৰ পথৰ অনুসন্ধান কৰি আছে বুলি জানিব পৰা গৈছে ৷

খবৰ অনুসৰি চেট্টীৰ বিবৃতি লিপিবদ্ধ কৰাৰ পিছত আৰু গোচৰটোৰ সৈতে সম্পৰ্কিত নথিপত্ৰ সংগ্ৰহ কৰাৰ পিছত অপৰাধ শাখাৰ বিষয়াসকলে কুন্দ্ৰাক বাইকুল্লা আৰক্ষী থানালৈ ঘূৰাই লৈ যায় । শুকুৰবাৰে তেওঁলোকৰ ঘৰত কাৰ্যকলাপ সম্পৰ্কে দম্পতী বা তেওঁলোকৰ অধিবক্তাসকলৰ পৰা কোনো বিবৃতি পোৱা নাছিল । ইফালে, কুন্দ্ৰাই আৰক্ষীৰ ৰিমাণ্ড আৰু তেওঁৰ বিৰুদ্ধে থকা গোচৰসমূহক প্ৰত্যাহ্বান জনাই মুম্বাই উচ্চ ন্যায়ালয়ত আবেদন জনাইছে ।

লগতে পঢ়ক:নিজৰ গ্ৰেপ্তাৰক 'অবৈধ' বুলি অভিহিত ৰাজ কুন্দ্ৰাৰ

Last Updated :Jul 28, 2021, 2:07 PM IST

ABOUT THE AUTHOR

...view details