অসম

assam

Eastern Dedicated Freight Corridor: কেন্দ্ৰীয় চৰকাৰে EDFC নিৰ্মাণৰ বাবে বিশ্ব বেংকৰ পৰা লৈছে ১২ হাজাৰ কোটিৰ ঋণ

By

Published : Jul 22, 2022, 5:34 PM IST

ৰাজ্যসভাত এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ইষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট কৰিডৰ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশ্ব বেংকৰ পৰা লৈছে প্ৰায় ১২০০০ কোটি টকাৰ ঋণ (Railways borrowed over Rs 12000 crores from world bank)। কেৱল গুজৰাটতে ফ্ৰেইট কৰিডৰ সম্পৰ্কীয় কামত ব্যয় হৈছে প্ৰায় ৯০,৭২৩ কোটি টকা ।

Eastern Dedicated Freight Corridor
EDFC নিৰ্মাণৰ বাবে বিশ্ব বেংকৰ পৰা লৈছে ১২ হাজাৰ কোটিৰ ঋণ

নেশ্যনেল ডেস্ক, ২২ জুলাই :ভাৰতৰ ৰে'ল মন্ত্ৰালয়ে বিশ্ব বেংকৰ পৰা প্ৰায় ১২,৫৪৩ কোটি টকা ঋণ লৈছে । শুকুৰবাৰে ৰাজ্যসভাত এই কথা স্বীকাৰ কৰে দেশৰ ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে । ৰে'ল মন্ত্ৰীগৰাকীয়ে সংসদত জনোৱা মতে ইষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট কৰিডৰ (Eastern Dedicated Freight Corridor) নিৰ্মাণৰ বাবে বিশ্ব বেংকৰ পৰা এই বৃহৎ পৰিমাণৰ ধনৰ ঋণ লৈছে (Railways borrowed over Rs 12000 crores from world bank)।

বৈষ্ণৱে লগতে কয় যে বিশ্ব বেংকৰ পৰা লোৱা তিনিটা ঋণৰ অন্তিম তাৰিখ আছিল ক্ৰমে ২০১১ চনৰ ২৭ অক্টোবৰ, ২০১৪ চনৰ ১১ ডিচেম্বৰ আৰু আনটো ২০১৬ চনৰ ২১ অক্টোবৰ । ঋণৰ পৰিমাণ আছিল ক্ৰমান্বয়ে ৫৫৫ আমেৰিকান ডলাৰ, ৬৬০ আমেৰিকান ডলাৰ আৰু ৫৬০ আমেৰিকান ডলাৰ । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গুজৰাটত ফ্ৰেইট কৰিডৰ সম্পৰ্কীয় কামত ব্যয় কৰা ধন সন্দৰ্ভত আন এক প্ৰশ্নৰ উত্তৰত কয় যে এতিয়ালৈকে পূব আৰু পশ্চিম অংশৰ ফ্ৰেইট কৰিডৰ নিৰ্মাণৰ বাবে প্ৰায় ৯০,৭২৩ কোটি টকা ব্যয় কৰা হৈছে ।

ব্যয় হোৱা ধন ৰাজ্য চৰকাৰে বহন কৰিব নালাগে । মন্ত্ৰীগৰাকীৰ মতে ১০০ শতাংশ পুঁজি আৰু কাৰ্যকৰীকৰণ কেন্দ্ৰীয় চৰকাৰৰ হাতত আছে । অৱশ্যে ৰাজ্য চৰকাৰে ভূমি অধিগ্ৰহণ, উপযোগিতা স্থানান্তৰ, পাৰিপাৰ্শ্বিক অনুমোদন, ৰোড অভাৰ ব্ৰীজ (ROB) /ৰে'লৱে আণ্ডাৰ ব্ৰীজ (RUB) নিৰ্মাণ আদিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

লগতে পঢ়ক :Outgoing Prez Kovind: কি হ'ব সদ্যবিদায়ী ৰাষ্ট্ৰপতি কোবিন্দৰ নতুন ঠিকনা ?

ABOUT THE AUTHOR

...view details