ETV Bharat / bharat

Outgoing Prez Kovind: কি হ'ব সদ্যবিদায়ী ৰাষ্ট্ৰপতি কোবিন্দৰ নতুন ঠিকনা ?

author img

By

Published : Jul 22, 2022, 10:49 AM IST

24 জুলাইত কাৰ্যকাল সমাপ্ত কৰিব সদ্যবিদায়ী প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে(Outgoing President Ram Nath Kovind) ৷ কিন্তু কি হ'ব প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ নতুন ঠিকনা ? চাওক সবিশেষ...

outgoing-prez-ram-nath-kovind-to-move-into-12-janpath-to-get-sonia-gandhi-as-neighbour
কি হ'ব সদ্য বিদায়ী ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দৰ নতুন ঠিকনা ?

নেশ্যনেল ডেস্ক, 22 জুলাই : 24 জুলাইত কাৰ্যকাল সমাপ্ত কৰিব সদ্যবিদায়ী প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৷ কিন্তু কি হ'ব প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ নতুন ঠিকনা ?

সদ্য বিদায়ী ৰাষ্ট্ৰপতি কোবিন্দলৈ আগবঢ়োৱা হ'ব দিল্লীৰ 12, জনপথৰ টাইপ-৮ বাংলো (12, Jan Path next address of Ram Nath Kovind) ৷ ইতিমধ্যে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক(Outgoing President Ram Nath Kovind) এই বাংলোটো আৱণ্টন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ ইয়াৰ পূৰ্বে এই বাংলোত বাস কৰিছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা লোক জনশক্তি পাৰ্টীৰ মুৰব্বী প্ৰয়াত ৰামবিলাশ পাছোৱানে(Ram Vilas Paswan Residence) ৷

তাৎপৰ্যপূৰ্ণভাৱে, পাছোৱানৰ পুত্ৰ চিৰাগ পাছোৱানে বাসগৃহটো দখল কৰি থাকিব বিচৰা আৰু ইয়াক পিতৃৰ স্মৃতিসৌধলৈ ৰূপান্তৰিত কৰিব বিচৰাৰ মাজতে চলিত বৰ্ষৰ আৰম্ভণিতে মাৰ্চ মাহত বাসগৃহটো চৰকাৰৰ ফালৰ পৰা খালী কৰোৱা হৈছিল । পৰৱৰ্তী সময়ত এই বাংলোটো কেন্দ্ৰীয় ৰে’লৱে আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱক আৱণ্টন দিয়া হয় আৰু শেহতীয়াকৈ বাংলোটো বৈষ্ণবেও খালী কৰি দিয়ে । ইয়াৰ পিছতেই প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক এই বাংলোটো প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে ।

উল্লেখ্য যে, এই বাসগৃহটোত কোবিন্দৰ চুবুৰীয়া হিচাপে থাকিব ১০, জনপথৰ দীৰ্ঘদিনীয়া বাসিন্দা তথা কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী(12 Janpath to get Sonia Gandhi as neighbour) । এটা টাইপ-৮ বাংলোত সাতটা শয়ন কোঠা, কৰ্মচাৰীৰ কোৱাৰ্টাৰৰ লগতে নিৰ্দিষ্ট কাৰ্যালয়ৰ স্থান আছে । সেৱা আগবঢ়োৱা মন্ত্ৰী, ৰাজ্যসভাৰ সদস্য আৰু ন্যায়পালিকাৰ জ্যেষ্ঠ সদস্যসকলকো আবণ্টন দিয়া হয় একেধৰণৰ বাসস্থান ।

লগতে পঢ়ক : Presidential Election : ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল দ্ৰৌপদী মূৰ্মু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.