নিউজ ডেস্ক, 7 ডিচেম্বৰ : মিজোৰামৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ লোৱাৰ পাচতে লালডুহোমাই বৃহস্পতিবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে ৷ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কালত ম্যানমাৰৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত সম্পৰ্কীয় বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে ৷ দিল্লীৰ পৰা উভতি অহাৰ পিছত শনিবাৰে এক সংবাদমেলত লালডুহোমাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷
তেওঁ কয়, ‘‘যদিও কেন্দ্ৰই ম্যানমাৰৰ নাগৰিকসকলক শৰণাৰ্থীৰ মৰ্যাদা দিব নোৱাৰে, তেওঁলোকক সকাহ দিয়াৰ ক্ষেত্ৰত আমাৰ সৈতে সহযোগিতা কৰিবলৈ সাজু ৷ গোষ্ঠীগত হিংসাৰ বাবে মণিপুৰৰ পৰা ঘৰ এৰি পলাই যোৱা লোকসকলকো কেন্দ্ৰীয় চৰকাৰৰ সহায়ত চোৱাচিতা কৰা হ'ব ৷’’
এই ক্ষেত্ৰত বিষয়াসকলে কয়, ম্যানমাৰৰ চীন সম্প্ৰদায়ৰ ৩১,০০০ তকৈও অধিক ব্যক্তিয়ে ২০২১ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা মিজোৰামত আশ্ৰয় লৈ আছে ৷ গোষ্ঠীগত সংঘৰ্ষৰ বাবে মণিপুৰৰ পৰাও ৯,০০০ তকৈও অধিক স্থানচ্যুত লোকে মিজোৰামত আশ্ৰয় লৈছে ৷