অসম

assam

President Kovind at IMA : ২০২১ বৰ্ষৰ উত্তীৰ্ণ কেডেটৰ অভিবাদন গ্ৰহণ ৰাষ্ট্ৰপতিৰ

By

Published : Dec 11, 2021, 1:38 PM IST

President Kovind at IMA
২০২১ বৰ্ষৰ উত্তীৰ্ণ কেডেটৰ পেৰেড চেল্যুট গ্ৰহণ কৰি ৰাষ্ট্ৰপতিয়ে

ভাৰতীয় সামৰিক একাডেমীৰ ২০২১ চনৰ বেচৰ সমাৱৰ্তন কাৰ্যসূচীত অংশগ্ৰহণ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ (President Ramnath Kovind reached IMA in Dehradun)। ৩১৯ গৰাকী ভাৰতীয় কেডেটে পেৰেডৰ পাছতে ভাৰতীয় সেনাত যোগদান কৰে । বিভিন্ন দেশৰ ৬৮ গৰাকী কেডেট এইবাৰ উত্তীৰ্ণ হৈছে ।

নেশ্যনেল ডেস্ক, ১১ ডিচেম্বৰ :ডেৰাডুনস্থিত ভাৰতীয় সামৰিক একাডেমিত শনিবাৰে উপস্থিত হয় ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ (President Ramnath Kovind reached IMA in Dehradun)। একাডেমিৰ ৩৮৭ গৰাকী কেডেটৰ সমাৱৰ্তন কাৰ্যসূচীত অংশ লয় ৰাষ্ট্ৰপতিগৰাকীয়ে ।

৩১৯ গৰাকী ভাৰতীয় কেডেটে পেৰেডৰ পাছতে ভাৰতীয় সেনাত লেফটেনেণ্ট হিচাপে দায়িত্ব ল'ব ।

আনহাতে, একাডেমিৰ পৰা আফগানিস্তান, ভূটান, শ্ৰীলংকা, নেপাল, মালদ্বীপ, ম্যানমাৰ, তাঞ্জানিয়া আৰু তুৰ্কীকে ধৰি ৮ খন দেশৰ বাকী ৬৮ গৰাকী কেডেট উত্তীৰ্ণ হৈছে ৷ তেওঁলোকে নিজৰ দেশত সামৰিক বিষয়া হিচাপে যোগদান কৰিব । ৰাষ্ট্ৰপতি কোবিন্দে IMA বেচ ২০২১ ৰ সমাৱৰ্তন পেৰেডত পৰ্যালোচনাকাৰী বিষয়া হিচাপে অভিবাদন গ্ৰহণ কৰে ।

শুকুৰবাৰে ডেৰাডুনত উপস্থিত হোৱাৰ পাছতে ৰাষ্ট্ৰপতিগৰাকীক লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) গুৰমীট সিং, কেবিনেট মন্ত্ৰী সতপাল মহাৰাজ আৰু অন্যান্য শীৰ্ষ বিষয়াসকলে আদৰণি জনায় । ৰাষ্ট্ৰপতিগৰাকীক ৰাজ্যপালে কেদাৰনাথ মন্দিৰৰ প্ৰতিকৃতি স্মাৰক হিচাপে উপহাৰ দিয়ে ।

লগতে পঢ়ক :Mortal remains of General Rawat: সামৰিক মৰ্যদাৰে সম্পন্ন শেষকৃত্য

ABOUT THE AUTHOR

...view details