ETV Bharat / bharat

Mortal remains of General Rawat: সামৰিক মৰ্যদাৰে সম্পন্ন শেষকৃত্য

author img

By

Published : Dec 10, 2021, 8:56 PM IST

Mortal remains of General Rawat
সামৰিক মৰ্যদাৰে সম্পন্ন শেষকৃত্য

তামিলনাডুৰ কুন্নুৰৰ সমীপত বুধবাৰে হেলিকপ্তাৰ দুৰ্ঘটনাত জেনেৰেল বিপিন ৰাৱট আৰু তেওঁৰ পত্নীৰ লগতে আন ১১গৰাকী বীৰ সৈনিকৰ মৃত্যু হয় । বৃহস্পতিবাৰে সন্ধিয়া আটাইকেইজনৰে নশ্বৰ দেহ নতুন দিল্লীলৈ অনা হয় । শুকুৰবাৰে শেষকৃত্য সম্পন্ন কৰা হয় শ্বহীদগৰাকীৰ ৷

নিউজ ডেস্ক, 10 ডিচেম্বৰ : পঞ্চভূতত বিলীন হ’ল দেশৰ প্ৰথমগৰাকী প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল বিপিন ৰাৱট (India's first CDS, General Bipin Rawat) ৷ সম্পূৰ্ণ সামৰিক মৰ্যদা(Rawat were laid to rest with full military honours)ৰে শুকুৰবাৰে শেষকৃত্য সম্পন্ন কৰা হয় প্ৰতিৰক্ষা মুৰব্বীগৰাকীৰ আৰু তেওঁৰ পত্নীৰ । সেনাৰ 17 টা টোপেৰে(17 gun salute in the line of defence protocol) সেনা প্ৰধানগৰাকীক অভিবাদন জনোৱাৰ পাছত দুই কন্যা কৃতিকা আৰু তৰিণীয়ে পিতৃ-মাতৃক মুখাগ্নি কৰে ।

সেনা প্ৰধানগৰাকীৰ শেষকৃত্যত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীসহ বহু বিশিষ্ট লোক উপস্থিত থাকি শেষ শ্ৰদ্ধা নিবেদন কৰে ৷ প্ৰতিৰক্ষা প্ৰধানগৰাকীৰ কন্যা কৃতিকা আৰু তৰিণীৰ লগতে পৰিয়ালৰ আন সদস্যসকলে দিল্লী সেনা নিবাসৰ ব্ৰাৰ স্কোৱেৰ শ্মশানত তেওঁলোকৰ নশ্বৰদেহত শেষ শ্ৰদ্ধা জনায়(Pay respects to the CDS and his wife) ৷

সেনা প্ৰধানগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে ১৭ টা বন্দুকৰ চেলুটৰ লগতে তিনিওটা সৈন্যৰ বিউগল আৰু সামৰিক বেণ্ডৰ শোকৰ গীত বজোৱা হয় । আনহাতে অন্তিম দৰ্শন স্থানত ১২ জন ব্ৰিগেডিয়াৰ পৰ্যায়ৰ বিষয়া নিযুক্ত আছিল । শেষ যাত্ৰাত ৯৯ জন সেনা জোৱানক নিয়োজিত কৰা হৈছিল ।

লগতে পঢ়ক : ৰাৱাটক শেষ শ্ৰদ্ধাজ্ঞলি জনাবলৈ পালম এয়াৰবেছত ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.