ETV Bharat / bharat

ৰাৱাটক শেষ শ্ৰদ্ধাজ্ঞলি জনাবলৈ পালম এয়াৰবেছত ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰী

author img

By

Published : Dec 9, 2021, 9:55 PM IST

দেশৰ প্ৰথমজন প্ৰতিৰক্ষা প্ৰধান জেনেৰেল বিপিন ৰাৱাটৰ নশ্বৰ দেহ বৃহস্পতিবাৰে নিশা দিল্লীৰ পালম বিমান বন্দৰলৈ অনা হয় । সেনা প্ৰধানগৰাকীক শেষ শ্ৰদ্ধাজ্ঞলি(last respects to CDS Bipin Rawat) জনাবলৈ পালম এয়াৰবেছত উপস্থিত দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী(PM Modi to pay last respects to CDS Bipin Rawat)সহ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷

President, PM Modi to pay last respects to CDS Bipin Rawat at Palam Airbase
ৰাৱাটক শেষ শ্ৰদ্ধাজ্ঞলি

নিউজ ডেস্ক, 9 ডিচেম্বৰ : তামিলনাডুৰ কুন্নুৰৰ ওচৰত সংঘটিত হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা দেশৰ প্ৰথমজন প্ৰতিৰক্ষা প্ৰধান জেনেৰেল বিপিন ৰাৱাটৰ নশ্বৰ দেহ বৃহস্পতিবাৰে দিল্লী(Mortal remains of CDS Bipin Rawat reached Delhi)লৈ অনা হয় ৷ বিপিন ৰাৱাটৰ লগতে তেওঁৰ পত্নী মধুলিকা আৰু আন ১১ জনৰ নশ্বৰদেহো দিল্লীলৈ অনা হয় হয় ।

পালম এয়াৰবেচত সেনা প্ৰধানগৰাকীৰ নশ্বৰদেহ উপস্থিত হোৱাৰ পাছত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ(President to pay last respects to CDS Bipin Rawat), প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৰাৱাটৰ লগতে পত্নী মধুলিকা আৰু আন 11 জনক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব ৷ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দিল্লীৰ পালম এয়াৰবেছত উপস্থিত হৈ সৈনিকসকলৰ পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰে ৷ এন এছ এ অজিত ডোভালেও সৈনিকসকলৰ পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰে ৷ তথ্য অনুসৰি, চি ডি এছ জেনেৰেল বিপিন ৰাৱাট, ব্ৰিগেডিয়াৰ এল এছ লিড্ডাৰকে ধৰি চাৰিটা মৃতদেহ চিনাক্ত কৰা হৈছে ৷

ভাৰতীয় বায়ুসেনাৰ চুপাৰ হাৰকিউলিছ পৰিবহণ বিমান চি-১৩০ জেত মৃতদেহকেইটা চুলুৰৰ পৰা দিল্লীলৈ অনা হৈছে ৷ জেনেৰেল ৰাৱাটক সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব আৰু নিহত বাকী কেইগৰাকীৰো সামৰিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব ।

লগতে পঢ়ক : General Bipin Rawat passed away : সেনাৰ হেলিকপ্টাৰতেই জীৱন সামৰিলে জেনেৰেল ৰাৱাটে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.