অসম

assam

জাপানৰ ভূমিকম্পত নিহতলৈ শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ; জাপানৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ মোদীৰ

By ANI

Published : Jan 6, 2024, 10:49 AM IST

Modi Letter to Japan PM : প্ৰধানমন্ত্ৰী মোদীয়ে পত্ৰখনৰ জৰিয়তে জাপানৰ প্ৰধানমন্ত্ৰীক কয় যে নতুন বছৰৰ প্ৰথম দিনটোত জাপানত সংঘটিত ডাঙৰ ভূমিকম্পৰ বিষয়ে জানিবলৈ পাই তেওঁ গভীৰভাৱে দুখিত আৰু চিন্তিত । প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, "প্ৰাণ হেৰুওৱা লোকসকলৰ শোকসন্তপ্ত পৰিয়াললৈ মই গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ । আমি জাপান আৰু দুৰ্যোগত ক্ষতিগ্ৰস্ত দেশখনৰ লোকসকলৰ সৈতে একত্ৰিত হৈ থিয় দিছোঁ ।"

জাপানৰ ভূমিকম্পত নিহতলৈ শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
জাপানৰ ভূমিকম্পত নিহতলৈ শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

নিউজ ডেস্ক, ৬ জানুৱাৰী : সোমবাৰে জাপানত সংঘটিত বৃহৎ ভূমিকম্প সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ' কিছিদালৈ এখন পত্ৰ প্ৰেৰণ কৰে । পত্ৰখনত প্ৰধানমন্ত্ৰীয়ে মৃতকৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ।

সূত্ৰ অনুসৰি, প্ৰধানমন্ত্ৰী মোদীয়ে পত্ৰখনৰ জৰিয়তে জাপানৰ প্ৰধানমন্ত্ৰীক কয় যে নতুন বছৰৰ প্ৰথম দিনটোত জাপানত সংঘটিত ডাঙৰ ভূমিকম্পৰ বিষয়ে জানিবলৈ পাই তেওঁ গভীৰভাৱে দুখিত আৰু চিন্তিত । প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, "প্ৰাণ হেৰুওৱা লোকসকলৰ শোকসন্তপ্ত পৰিয়াললৈ মই গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ । আমি জাপান আৰু দুৰ্যোগত ক্ষতিগ্ৰস্ত দেশখনৰ লোকসকলৰ সৈতে একত্ৰিত হৈ থিয় দিছোঁ ।"

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, "এক বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰ হিচাপে ভাৰতে জাপানৰ সৈতে ইয়াৰ সম্পৰ্কক অধিক গুৰুত্ব দিয়ে আৰু এই সময়ত সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ সাজু ।"

উল্লেখ্য যে কিয়োডো নিউজৰ বাতৰি অনুসৰি, সোমবাৰে মধ্য জাপানৰ নোটো উপদ্বীপ আৰু ইয়াৰ আশেপাশে থকা অঞ্চলত সংঘটিত ৭.৫ প্ৰাবল্যৰ প্ৰচণ্ড ভূমিকম্প আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত হোৱা অগ্নিকাণ্ডৰ দৰে ঘটনাত নিহতৰ সংখ্যাই শতকৰ ঘৰ স্পৰ্শ কৰিছে । আনহাতে, ধ্বংসস্তূপ আৰু ক্ষত-বিক্ষত পথবোৰৰ বাবে এতিয়াও ভূমিকম্পপীড়িত অঞ্চলবোৰত অনুসন্ধান আৰু উদ্ধাৰ অভিযান ভালদৰে চলাব পৰা হোৱা নাই ।

এই ভূমিকম্পটোৱে ইশিকাৱাৰ ৱাজিমা চহৰৰ আন্তঃগাঁথনি তচনচ কৰি পেলাইছে আৰু অগ্নিকাণ্ডৰ ঘটনাৰ সৃষ্টি কৰিছে । অৱশ্যে শক্তিশালী ভূমিকম্পৰ ফলত হোৱা দুৰ্যোগৰ ক্ষয়-ক্ষতিৰ সম্পূৰ্ণ পৰিমাণ এতিয়াও জানিব পৰা হোৱা নাই ।

ভূমিকম্পৰ পিছত দূৰৱৰ্তী নোটো উপদ্বীপৰ উত্তৰ অঞ্চলত ২৪ ঘণ্টাতকৈও অধিক সময়ৰ বাবে প্ৰৱেশত সীমাবদ্ধ কৰা হয় । অৱশ্যে জাপানৰ বতৰ বিজ্ঞান সংস্থাই মঙলবাৰে দেশখনৰ পশ্চিম উপকূলৰ কিছু অংশত প্ৰদান কৰা ছুনামিৰ সতৰ্কবাণী বাতিল কৰে ।

আনহাতে, মঙলবাৰে এক দুৰ্যোগপূৰ্ণ জৰুৰী বৈঠকৰ পিছত প্ৰধানমন্ত্ৰী ফুমিঅ' কিছিডাই সংবাদ মাধ্যমৰ আগত জনায় যে ধ্বংসপ্ৰাপ্ত পথৰ বাবে ভূমিকম্পত ক্ষতিগ্ৰস্ত স্থানত উপনীত হোৱাত অসুবিধাৰ সৃষ্টি হৈছে ।

ইফালে অগ্নিনিৰ্বাপক বিভাগৰ বিষয়াসকলে জনোৱা অনুসৰি, ৱাজিমা চহৰত ঘৰসহ ২৫ টা অট্টালিকা খহি পৰে । এনএইচকে ৱৰ্ল্ডে জনোৱা মতে, বিভিন্ন স্থানত চলি থকা উদ্ধাৰ অভিযানত অগ্নিনিৰ্বাপক বাহিনী তীব্ৰ চাপত পৰিছে । দোকান আৰু ঘৰকে ধৰি মুঠ 200 টা অট্টালিকা, এক জনপ্ৰিয় পৰ্যটনস্থলী আচাইচি ষ্ট্ৰীটৰ চাৰিওফালে অগ্নিকাণ্ড সংঘটিত হোৱাৰ আশংকা কৰা হৈছে ।

উল্লেখ্য যে আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে জনাইছে যে ভূমিকম্পটো আবেলি প্ৰায় ৪.১০ বজাত (স্থানীয় সময় অনুসৰি) ইশিকাৱা প্ৰান্তৰ নোটো উপদ্বীপত ১০ কিলোমিটাৰ গভীৰতাত সংঘটিত হৈছিল ।

লগতে পঢ়ক :বসবাসৰ অযোগ্য হৈ পৰিছে গাজা; ৰাষ্ট্ৰসংঘৰ সাহায্য প্ৰধান গ্ৰিফিথছ

ABOUT THE AUTHOR

...view details