অসম

assam

জম্মু-কাশ্মীৰত স্বাস্থ্য আৰু টেলিমেডিচিনৰ বাবে আঁচনি আৰম্ভ কৰিব মোদীয়ে

By

Published : Dec 20, 2020, 8:55 AM IST

Updated : Dec 20, 2020, 2:24 PM IST

২৬ ডিচেম্বৰত জম্মু-কাশ্মীৰত স্বাস্থ্য আৰু টেলিমেডিচিনৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন আঁচনিৰ শুভাৰম্ভ কৰিব ৷ আয়ুস্মান ভাৰত, জন আৰোগ্য আঁচনিৰ বিষয়ে কেন্দ্ৰৰ স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞান শিক্ষাৰ বিত্তীয় আয়ুক্ত গৰাকীয়ে বিষয়াসকলক ক'ভিড ৰোগীৰ উপৰিও এই আঁচনিৰ অধীনত সকলো অন্ত: বিভাগৰ ৰোগীৰ নাম পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিছে ।

PM Modi to roll out SEHAT scheme in J&K next week
জম্মু-কাশ্মীৰত স্বাস্থ্য আৰু টেলিমেডিচিনৰ বাবে আঁচনি আৰম্ভ কৰিব মোদীয়ে

নেশ্যনেল ডেস্ক, 20 ডিচেম্বৰ: প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৬ ডিচেম্বৰত জম্মু-কাশ্মীৰত স্বাস্থ্য আৰু টেলিমেডিচিনৰ এক আঁচনিৰ শুভাৰম্ভ কৰিব ৷ আঁচনিখন ৰূপায়নৰ বাবে কেন্দ্ৰৰ স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞান শিক্ষাৰ বিত্তীয় আয়ুক্ত আটাল ডুল্লোৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত কৰা হয় ৷ সভাত আটাল ডুল্লোৱে প্ৰধান মন্ত্ৰীয়ে আঁচনিখন কাৰ্যকৰীভাৱে ৰূপান্তৰ কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে কাৰ্ড বিতৰণ প্ৰক্ৰিয়াটো দ্ৰুত গতিত কৰাৰ বাবে বিভাগীয় বিষয়াসকলক আহ্বান জনোৱা বুলি প্ৰধানমন্ত্ৰীৰ মুখপাত্ৰজনে সদৰী কৰে ৷

এই আঁচনিৰ পঞ্জীয়নৰ প্ৰক্ৰিয়াটো সুকলমে কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে যাতে কোনো পৰিয়াল ৰৈ নাযাই তাৰ বাবে লক্ষ্য ৰাখিবলৈ নিৰ্দেশ দিয়াৰ লগতে আঁচনিৰ সফল ৰূপায়ণৰ বাবে কমন চাৰ্ভিচ চেণ্টাৰ (চিএছচি) অপাৰেটৰৰ দ্বাৰা সেৱাবোৰ কাৰ্যকৰীভাৱে ব্যৱহাৰ কৰিবলৈ অনুৰোধ কৰা বুলিও মুখপাত্ৰজনে সদৰী কৰে ৷

আয়ুস্মান ভাৰত, জন আৰোগ্য আঁচনিৰ জৰিয়তে বিত্তীয় আয়ুক্ত গৰাকীয়ে স্বাস্থ্য বিষয়াসকলক ক'ভিড ৰোগীৰ লগতে সকলো অন্ত: বিভাগৰ ৰোগীৰ নাম পঞ্জীয়ন কৰাৰ নিৰ্দেশ দিয়ে ৷ বিভিন্ন চিকিৎসা মহাবিদ্যালয়ৰ প্ৰশাসক আৰু অধ্যক্ষসকলক আৰোগ্য মিত্ৰৰ সেৱাবোৰ কাৰ্যকৰীভাৱে ব্যৱহাৰ কৰি ৰোগী সকলক আয়ুস্মান ভাৰত আঁচনিৰ অধীনত অন্তৰ্ভুক্ত কৰিবলৈ কয় ৷ জনসাধাৰণে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে জম্মু-কাশ্মীৰৰ মেডিকেল চাপ্লাই কৰ্পোৰেচন লিমিটেডৰ পৰিচালন নিৰ্দেশকক চিকিৎসালয়বোৰৰ বাবে ঔষধ উপলব্ধ কৰি ৰাখিবলৈ নিৰ্দেশ দিয়া বুলিও বিভাগীয় ভাৱে সদৰী কৰে ৷

লগতে পঢ়ক:আইচিইউ কক্ষত সংঘটিত অগ্নিকাণ্ডত মৃত্যুক সাৱটিলে 9 গৰাকী ক'ভিড-19 আক্ৰান্তই

Last Updated : Dec 20, 2020, 2:24 PM IST

ABOUT THE AUTHOR

...view details