অসম

assam

PM Modi slams INDIA: বিৰোধী মিত্ৰজোঁটৰ অনাস্থা প্ৰস্তাৱক কৌশলপূৰ্ণ কটাক্ষ প্ৰধানমন্ত্ৰীৰ

By

Published : Aug 8, 2023, 2:28 PM IST

অনাস্থা প্ৰস্তাৱৰ পূৰ্বে বিজেপিৰ সংসদীয় বৈঠকত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে বিৰোধী মিত্ৰজোঁটক কটাক্ষ কৰি বিৰোধী মিত্ৰজোঁটক অহংকাৰী বুলি অভিহিত কৰে । অনাস্থা প্ৰস্তাৱ সন্দৰ্ভতো কৌশলপূৰ্ণ মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ ৷

PM Modi slams INDIA
অনাস্থা প্ৰস্তাৱক কৌশলপূৰ্ণভাৱে কটাক্ষ প্ৰধানমন্ত্ৰীৰ

নেশ্যনেল গেস্ক, 8 আগষ্ট:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে সদনত বিৰোধী মিত্ৰজোঁটক "অহংকাৰী" বুলি অভিহিত কৰে ৷ লগতে কয় যে, বিৰোধীয়ে তোলা অনাস্থা প্ৰস্তাৱটো বিৰোধী মিত্ৰজোঁটৰ মাজত পাৰস্পৰিক অনাস্থাৰ প্ৰতিফলন ৷ কিয়নো তেওঁলোকে তেওঁলোকৰ প্ৰস্তাৱৰ সৈতে কোন আছে আৰু কোন নাই পৰীক্ষা কৰিব বিচাৰিছে । বিজেপিৰ সংসদীয় বৈঠকত দলীয় সাংসদসকলৰ আগত দিয়া ভাষণত মোদীয়ে দিল্লী সেৱা বিধেয়কত ভোটদানৰ ক্ষেত্ৰত "ছেমি ফাইনেল"ত জয়লাভ কৰাৰ বাবে দলৰ ৰাজ্যসভাৰ সদস্যসকলক অভিনন্দন জনায় ।

সূত্ৰই জনোৱা মতে, মোদীয়ে লক্ষ্য কৰিছে যে 2024 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যসভাৰ ভোটদানক একাংশ বিৰোধী সদস্যই ছেমি ফাইনেল বুলি অভিহিত কৰিছিল কাৰণ তেওঁ ৰাষ্ট্ৰীয় নিৰ্বাচনত বিজেপিৰ সম্ভাৱনাক লৈ আত্মবিশ্বাস প্ৰকাশ কৰিছিল । দিল্লী সেৱা বিধেয়কখনে সোমবাৰে সংসদীয় অনুমোদন লাভ কৰাৰ পিচতে ৰাজ্যৰ ৰাজধানীত আমোলাতন্ত্ৰৰ ওপৰত কেন্দ্ৰই নিয়ন্ত্ৰণ লাভ কৰে ।

শাসকীয় দলটোৱে শক্তিশালী সংখ্যাগৰিষ্ঠতা লাভ কৰা লোকসভাত অনাস্থা প্ৰস্তাৱক পৰাস্ত কৰাটো নিশ্চিত হোৱাৰ বাবে মোদীয়ে কয় যে, 2024 চনৰ নিৰ্বাচনৰ পূৰ্বে দলৰ সাংসদসকলে শেষৰ বলত “ছয়ৰ” আঘাত কৰে । 2018 চনত দিয়া ভাষণৰ কথাও তেওঁ উল্লেখ কৰে, য’ত তেওঁ 2023 চনত বিৰোধী দলক তেওঁৰ চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ অনাৰ বাবে কামনা কৰিছিল বুলি উল্লেখ কৰে ।

বিৰোধী দলসমূহক কটাক্ষ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, তেওঁলোকৰ নেতাসকলে সামাজিক ন্যায়ৰ কথা কয় যদিও তেওঁলোকৰ বংশবাদী, তুষ্টিকৰণ আৰু দুৰ্নীতিগ্ৰস্ত ৰাজনীতিয়ে ইয়াৰ আটাইতকৈ বেছি ক্ষতি কৰে । তেওঁ দুৰ্নীতি, বংশবাদী আৰু তুষ্টিকৰণ ৰাজনীতিৰ বাবে I.N.D.I.A ত্যাগ কৰাৰ বাবে পুনৰবাৰ আহ্বান জনায় ।

লগতে পঢ়ক :No confidence motion in LS : আজি সদনত বিৰোধীয়ে দাখিল কৰিব অনাস্থা প্ৰস্তাৱ

ABOUT THE AUTHOR

...view details