অসম

assam

SpiceJet Airlines : গুৱাহাটী বিমানবন্দৰত হঠাতে বাতিল স্পাইচজেটৰ বিমান, বিপদত যাত্ৰী

By

Published : Apr 27, 2023, 10:43 PM IST

স্পাইচজেট এয়াৰলাইনছে যাত্ৰীসকলক কোনো অৱগত নকৰাকৈ গুৱাহাটীৰ পৰা জয়পুৰলৈ যোৱা বিমানখন বাতিল কৰে (SpiceJet canceled Guwahati to Jaipur flight) । গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱাৰ পিচতহে যাত্ৰীসকলে জানিবলৈ পাৰে যে বিমানখন বাতিল কৰা হৈছে । যাৰ বাবে গুৱাহাটী বিমানবন্দৰত ২৮৮ জন যাত্ৰী সমস্যাৰ সন্মুখীন হয় । যাত্ৰীসকলে স্পাইচ জেট এয়াৰলাইনছৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ।

SpiceJet Airlines
SpiceJet Airlines

নিউজ ডেস্ক, ২৭ এপ্ৰিল : গুৱাহাটী বিমানবন্দৰৰ পৰা জয়পুৰলৈ যাবলগা বিমান এখন হঠাতে বাতিল হোৱাৰ ফলত যাত্ৰীসকলৰ মাজত এক হুলস্থূলৰ সৃষ্টি হয় (SpiceJet canceled Guwahati Jaipur flight) । বৃহস্পতিবাৰে পুৱা গুৱাহাটী বিমানবন্দৰত এই বিমানখন বাতিল হোৱাৰ বাবে প্ৰায় 288 জন যাত্ৰী অসুবিধাত পৰিবলগা হয় । যাত্ৰীসকলৰ অভিযোগ যে, বিমান সংস্থাটোৱে যাত্ৰীসকলক আগতীয়াকৈ অৱগত নকৰাকৈয়ে বিমানখনৰ যাত্ৰা বাতিল কৰে । কিন্তু যাত্ৰীসকলে বিমানবন্দৰত উপস্থিত হৈ এই কথা জানিব পাৰি এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে (passengers angry with Spice Jet Airlines) । অৱশ্যে স্পাইচজেট এয়াৰলাইনছে ইয়াৰ কাৰণ হিচাপে জনায় যে কাৰিকৰী কাৰণত বিমানখনৰ উৰণ বাতিল কৰা হৈছে ।

ইফালে গুৱাহাটী বিমানবন্দৰত যাত্ৰীসকলৰ সৈতে উপস্থিত থকা কংগ্ৰেছ নেতা আলোক পাৰেকে ঘটনা সন্দৰ্ভ কয়, বৃহস্পতিবাৰে স্পাইচজেট প্ৰশাসনে যাত্ৰীসকলক অৱগত নকৰাকৈ গুৱাহাটীৰ পৰা জয়পুৰলৈ যাবলগা বিমানখনৰ উৰণ বাতিল কৰে (LGBI Airport Guwahati) । বিমানবন্দৰত উপস্থিত হোৱাৰ পিচতহে যাত্ৰীসকলে জানিবলৈ পাৰে যে স্পাইচজেটে নিৰ্দিষ্ট বিমানখনৰ যাত্ৰা বাতিল কৰিছে (passengers created ruckus at guwahati airport) । তেওঁলোকে লগতে অভিযোগ কৰে যে বিমান সেৱা কৰ্তৃপক্ষৰ পৰা এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই । ফলত যাত্ৰীসকলে স্পাইচজেট পৰিচালন কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে আৰু এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে (Guwahati to Jaipur flight cancelled) ।

আনহাতে, গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱা যাত্ৰীসকলে কয় যে, প্ৰায় ২৮৮ জন যাত্ৰীয়ে গুৱাহাটীৰ পৰা জয়পুৰলৈ যোৱাৰ বাবে স্পাইচজেট বিমানত টিকট বুক কৰিছিল । বৃহস্পতিবাৰে স্পাইচজেটৰ এখন বিমান আছিল । কিন্তু বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত যাত্ৰীসকলক পুৱা 9.15 বজাত জনোৱা হয় যে বিমানখন বাতিল কৰা হৈছে ।

তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে, বিমানখন বাতিল কৰাৰ কোনো নিৰ্দিষ্ট কাৰণো জনোৱা হোৱা নাই । জানিব পৰা মতে, স্পাইচজেটৰ বিমানখনে পুৱা ১০.৪০ বজাত গুৱাহাটীৰ পৰা উৰা মাৰি জয়পুৰত অৱতৰণ কৰাৰ কথা আছিল । এতিয়া স্পাইচজেট এয়াৰলাইনছ পৰিচালকৰ তৰফৰ পৰা কোৱা হৈছে যে এই বিমানখন ২৮ এপ্ৰিলৰ পুৱা ১০.৪০ বজাত গন্তব্য স্থানলৈ ৰাওনা হ'ব ।

লগতে পঢ়ক :Amritpal Singh updates: ডিব্ৰুগড় কাৰাগাৰত উপস্থিত অধিবক্তাসহ খালিস্তানী নেতাৰ পৰিয়াল

ABOUT THE AUTHOR

...view details