Amritpal Singh updates: ডিব্ৰুগড় কাৰাগাৰত উপস্থিত অধিবক্তাসহ খালিস্তানী নেতাৰ পৰিয়াল

By

Published : Apr 27, 2023, 4:02 PM IST

thumbnail

ডিব্ৰুগড়, 27 এপ্ৰিল: ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বী অমৃতপাল সিঙসহ ১০ কাৰাবন্দীক সাক্ষাতৰ বাবে বৃহস্পতিবাৰে ডিব্ৰুগড়ত উপস্থিত হয় বন্দী কেইজনৰ পৰিয়ালৰ লোকৰ সৈতে অধিবক্তা ৷ পঞ্জাৱৰ পৰা আহিছে ১০ জনীয়া এটি দল ৷ এই দলটোত আছে শিৰোমণি গুৰুদ্বাৰ প্ৰৱন্ধক সমিতি , অধিবক্তা আৰু খালিস্তানী নেতাৰ আত্মীয় (Team of Khalistani Family Member in Dibrugarh) ৷

অমৃতসৰ বিমানবন্দৰৰ পৰা ডিব্ৰুগড় বিমানবন্দৰত কিছু সময় পূৰ্বে উপস্থিত হোৱাৰ পাছতেই দলটো উপস্থিত হয়হি ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত ৷ কাৰাগাৰৰ প্ৰবেশদ্বাৰৰ সন্মুখত উপস্থিত হোৱাৰ পাচতেই কাৰাগাৰত এজন এজনকৈ ভিতৰলৈ প্ৰৱেশ কৰিবলৈ অনুমতি দিয়ে আৰক্ষীয়ে (Advocate met Khalistan supporters inside Dibrugarh Jail) ৷ তন্নতন্ন কৈ পৰীক্ষা কৰা হয় প্ৰতিজন লোককে ৷ 

প্ৰথমে খালিস্তানী নেতাৰ অধিবক্তাগৰাকীয়ে কাৰাগাৰৰ ভিতৰত প্ৰৱেশ কৰাৰ পাচতেই আন সকল পৰিয়ালৰ সদস্যক প্ৰৱেশ কৰিবলৈ দিয়া হৈছে ৷ লগত নিবলৈ দিয়া নাই কোনোধৰণৰ সামগ্ৰী ৷ লগতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে ডিব্ৰুগড় কাৰাগাৰৰ চৌহদত (Khalistan supporters family members in Dibrugarh) ৷ 

লগতে পঢ়ক: Family of Amritpal Singh in Dibrugarh : খালিস্তানী কাৰাবন্দীক সাক্ষাৎ কৰিবলৈ ডিব্ৰুগড়ত উপস্থিত পৰিয়ালৰ লোক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.