অসম

assam

Crossing Zero Line : বিএছএফৰ গুলীত নিহত অনুপ্ৰৱেশকাৰীৰ মৃতদেহ গ্ৰহণ পাক ৰেঞ্জাৰৰ

By

Published : Dec 7, 2022, 1:26 PM IST

সীমান্ত সুৰক্ষা বাহিনীৰ (BSF) বিষয়া আৰু তেওঁলোকৰ প্ৰতিপক্ষৰ মাজত হোৱা বৈঠকৰ পিছত পাকিস্তানী ৰেঞ্জাৰসকলে অৱশেষত মঙলবাৰে এজন অনুপ্ৰৱেশকাৰীৰ মৃতদেহ গ্ৰহণ কৰিবলৈ সন্মত হয় । পূৰ্বতে পাকিস্তানী ৰেঞ্জাৰসকলে মৃতদেহটো গ্ৰহণ কৰিবলৈ সন্মত হোৱা নাছিল (Pakistani Rangers accept body of intruder) ।

BSF
BSF

নিউজ ডেস্ক, ৭ ডিচেম্বৰ : ভৰত-পাক সীমান্তৰ হাৰমুখ পোষ্টত বিএছএফৰ (BSF) গুলীত নিহত এজন অনুপ্ৰৱেশকাৰীৰ মৃতদেহ মঙলবাৰে পাকিস্তানী ৰেঞ্জাৰসকলক হস্তান্তৰ কৰা হয় । উল্লেখ্য, পাকিস্তানী ৰেঞ্জাৰসকলে বিএছএফৰ (Border Security Force, BSF) বিষয়াসকলৰ সৈতে দুবাৰতকৈও অধিক বৈঠকত মিলিত হোৱাৰ পিছত মৃতদেহটো গ্ৰহণ কৰিবলৈ সন্মত হয় (Pakistani Rangers accept body of intruder) ।

শ্ৰী কৰণপুৰ আৰক্ষী থানাৰ এছএইচঅ' (SHO) বলৱন্ত ৰামে চুক্তিৰ বিষয়ে তথ্য প্ৰদান কৰি কয়, "বিএছএফৰ বিষয়াসকলে পাকিস্তানী ৰেঞ্জাৰৰ বিষয়াসকলৰ সৈতে দুটা পৰ্যায়ৰ ফ্লেগ মিটিঙৰ আহ্বান কৰিছিল (BSF Flag Meeting with Pakistani Rangers) । কিন্তু উক্ত বৈঠকত কোনো ফলাফল ওলোৱা নাছিল । পাকিস্তানী ৰেঞ্জাৰসকলে অনুপ্ৰৱেশকাৰীজনৰ মৃতদেহটো গ্ৰহণ কৰিবলৈ সন্মত হোৱা নাছিল ।"

তাৰ পিছত পুনৰ মঙলবাৰে বিএছএফৰ বিষয়া আৰু পাকিস্তানী ৰেঞ্জাৰৰ মাজত ফ্লেগ মিটিং অনুষ্ঠিত হয় । বৈঠকৰ তৃতীয় পৰ্যায়ত পাকিস্তানী ৰেঞ্জাৰসকলে মৃতদেহটো গ্ৰহণ কৰিবলৈ সন্মত হয় । আনহাতে, প্ৰয়োজনীয় আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ পিছত মৃতদেহটো ৰেঞ্জাৰসকলক হস্তান্তৰ কৰা হয় বুলি এছএইচঅ'জনে লগতে কয় ।

উল্লেখ্য, দেওবাৰে নিশা ৰাজস্থানৰ শ্ৰী গংগানগৰ জিলাৰ মাঝিৱালা গাঁৱৰ ওচৰৰ হৰমুখ পোষ্টত আন্তঃৰাষ্ট্ৰীয় সীমান্তত টহল দি থকা বিএছএফৰ কেইজনমান জোৱানে কিছু সন্দেহজনক গতিবিধি লক্ষ্য কৰে । তেওঁলোকে এজন অনুপ্ৰৱেশকাৰীক প্ৰত্যক্ষ কৰে । বিএছএফে অনুপ্ৰৱেশকাৰীজনক ৰ'বলৈ কয় যদিও তেওঁ উক্ত সতৰ্কবাণীক কৰ্ণপাত নকৰে আৰু শূন্য ৰেখা (Zero Line) অতিক্ৰম কৰে । তাৰ পিছত বিএছএফৰ সৈন্যসকলে গুলীচালনা কৰাৰ ফলত তেওঁ নিহত হয় । এই কথা বিএছএফৰ সূত্ৰত প্ৰকাশ ।

আনহাতে, তালাচীৰ সময়ত বিএছএফৰ জোৱানসকলে অনুপ্ৰৱেশকাৰীজনৰ ওচৰৰ পৰা কিছু পৰিমাণৰ পাকিস্তানী মুদ্ৰা (BSF soldiers recovered Pakistani currencies), এটা চিগাৰেটৰ পেকেট, এটা জুইশলা বাকচ আৰু এডাল ৰছী উদ্ধাৰ কৰে । অনুপ্ৰৱেশকাৰীজন পাকিস্তানৰ বাহাৱালনগৰৰ বাসিন্দা আছিল । তেওঁৰ শাৰীৰিক প্ৰতিবন্ধকতা থকা বুলিও এছএইচঅ' বলৱন্ত সিঙে কয় ।

লগতে পঢ়ক :Patna to Guwahati Flybig flight cancelled : ইন্ধন লিক হোৱাৰ বাবে পাটনা-গুৱাহাটী ফ্লাইবিগ বিমান বাতিল

TAGGED:

ABOUT THE AUTHOR

...view details