ETV Bharat / bharat

Patna to Guwahati Flybig flight cancelled : ইন্ধন লিক হোৱাৰ বাবে পাটনা-গুৱাহাটী ফ্লাইবিগ বিমান বাতিল

author img

By

Published : Dec 7, 2022, 12:10 PM IST

পাটনাৰ পৰা গুৱাহাটী অভিমুখী বিমানৰ ইঞ্জিনৰ পৰা ইন্ধন লিক । যাৰ বাবে মঙলবাৰে উৰণ বাতিল কৰা হয় ফ্লাইবিগৰ বিমানখনৰ (Patna to Guwahati Flybig flight)। পাটনাৰ পৰা ৬৬ গৰাকী যাত্ৰী অহাৰ কথা আছিল বিমানখনত । বিমান বাতিল হোৱাৰ পাছতে যাত্ৰীসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় ।

Patna to Guwahati Flybig flight cancelled
ইন্ধন লিক হোৱাৰ বাবে পাটনা-গুৱাহাটী ফ্লাইবিগ বিমান বাতিল

নেশ্যনেল ডেস্ক, 7 ডিচেম্বৰ : বিহাৰৰ পাটনা বিমানবন্দৰত মঙলবাৰে সৃষ্টি হয় হুলস্থূলীয়া পৰিৱেশৰ (Tense situation in Patna Airport)। বিমানবন্দৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে অসন্তুষ্ট একাংশ যাত্ৰী । ঘণ্টা ঘণ্টা ধৰি অপেক্ষা কৰোৱাই অৱশেষত বিমান বাতিলৰ ঘোষণা কৰাত উত্তেজিত হৈ পৰে যাত্ৰীসকল ।

উল্লেখ্য যে, প্ৰতিদিনে ফ্লাইবিগৰ এখন বিমান পাটনাৰ পৰা গুৱাহাটীলৈ উৰা মাৰে (Patna to Guwahati Flybig flight) । মঙলবাৰেও পাটনা বিমানবন্দৰৰ পৰা গুৱাহাটীলৈ Flg219 নম্বৰৰ বিমানখন উৰা মৰাৰ কথা আছিল । কিন্তু মঙলবাৰে বিমানখন বাতিল কৰা হয় । সন্ধিয়া উৰা মৰাৰ পূৰ্বে কাৰিকৰী বিজুতিৰ বাবে বিমানখন বাতিল কৰা হয় (Patna to Guwahati Flybig flight cancelled)। বিমানখনত ৬৬ গৰাকী যাত্ৰী গুৱাহাটীলৈ অহাৰ কথা আছিল ।

জানিব পৰা মতে বৰ্ডিং পাছ পোৱাৰ পাছত, সকলো যাত্ৰীকে কেইবা ঘণ্টা ধৰি অপেক্ষা কোঠাত বহিবলৈ দিয়া হৈছিল । বিমানখনৰ ইঞ্জিনৰ পৰা ইন্ধন লিক হৈ আছিল আৰু সেইকাৰণে পাইলটজনে বিমানখন উৰাব নোৱাৰিলে (Fuel Leak from Flybig flight in Patna)। এই তথ্য কেইঘণ্টামান পাছতহে যাত্ৰীসকলক অৱগত কৰোৱা হয় । যাৰ বাবে ক্ষোভিত হৈ পৰে যাত্ৰীসকল ।

একাংশ যাত্ৰীয়ে কোৱা মতে তেওঁলোকে গুৱাহাটীৰ কামাখ্যা মন্দিৰলৈ যোৱাৰ কথা আছিল । একে সময়তে, একাংশ শিক্ষাৰ্থীয়ে পৰীক্ষাৰ বাবে গুৱাহাটীলৈ যোৱাৰ কথা আছিল । অৱশ্যে আটাইকেইগৰাকী যাত্ৰীক বৰ্তমান পাটনাৰ কেইবাখনো হোটেলত ৰখা হৈছে । এতিয়াও পাটনা বিমানবন্দৰতে আছে ফ্লাইবিগৰ বিমানখন । কাৰিকৰী বিজুতিৰ মেৰামতিৰ কাম চলি থকা বুলি জানিব পৰা গৈছে ।

পাটনা বিমানবন্দৰৰ পৰা গুৱাহাটীলৈ কেৱল দুখন ফ্লাই বিগ কোম্পানীৰ বিমান পৰিচালনা কৰা হয় । কোনো বিকল্প ব্যৱস্থা নথকাৰ বাবে, যাত্ৰীসকল বিমানখন ঠিক হোৱাৰ বাবে অপেক্ষা কৰি আছে । বিমান কোম্পানীটোৰ কৰ্মচাৰীৰ মতে, ইঞ্জিনৰ পৰা ইন্ধন লিক হৈ আছে আৰু তাক অতি শীঘ্ৰে ঠিক কৰা হ'ব ।

ইতিমধ্যে অভিযন্তাৰ দল পাটনাত উপস্থিত হৈছে । আশা কৰা মতে এই বিমানখন সন্ধিয়ালৈ গুৱাহাটীলৈ ৰাওনা হোৱাৰ সম্ভাৱনা আছে । সচৰাচৰ ফ্লাইবিগৰ বিমানখন পাটনা বিমানবন্দৰৰ পৰা সন্ধিয়া ৬.১৫ বজাত গুৱাহাটী অভিমুখে উৰা মাৰে ।

লগতে পঢ়ক:MCD Election results : আজি ঘোষণা হ'ব দিল্লীৰ পৌৰ নিৰ্বাচনৰ ফলাফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.