অসম

assam

স্বজনপোষণ কেৱল কংগ্ৰেছতে নহয় বিজেপিৰ ক্ষেত্ৰতো দেখা যায় : পি চিদাম্বৰম

By

Published : Jun 11, 2022, 4:16 PM IST

বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ মনোনীত হোৱা কংগ্ৰেছ সাংসদ পি চিদাম্বৰৰ গুৰুত্বপূৰ্ণ মন্তব্য । পৰিয়ালৰ কোনো সদস্য দলত থাকিব বিচাৰিলে তেওঁ পদত্যাগ কৰিবলৈও সাজু (P Chidambaram on family politics)। স্বজনপোষণ কেৱল কংগ্ৰেছৰ ক্ষেত্ৰতে নহয় বিজেপিৰ ক্ষেত্ৰতো দেখা যায় । কাৰাইকুডিত সংবাদ মাধ্যমক সম্বোধন কৰি এই মন্তব্য কৰে সাংসদগৰাকীয়ে ।

P Chidambaram
স্বজনপোষণ কেৱল কংগ্ৰেছতে নহয় বিজেপিৰ ক্ষেত্ৰতো দেখা যায়

নেশ্যনেল ডেস্ক,১১ জুন :স্বজনপোষণ কেৱল কংগ্ৰেছৰ ক্ষেত্ৰতে নহয় বিজেপিৰ ক্ষেত্ৰতো দেখা যায় (P Chidambaram says nepotism is not associated only with Congress)। এই গুৰুত্বপূৰ্ণ মন্তব্য তামিলনাডুৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় বিত্ত মন্ত্ৰী পি চিদাম্বৰমৰ । শুকুৰবাৰে শিৱগঙ্গাত উপস্থিত হৈ এই মন্তব্য কৰে নেতাগৰাকীয়ে । বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ মনোনীত হোৱা সাংসদগৰাকীয়ে শুকুৰবাৰে কাৰাইকুডিত সংবাদ মাধ্যমক সম্বোধন কৰি এই মন্তব্য কৰে ।

আনকি পৰিয়ালৰ কোনো সদস্য দলত থাকিব বিচাৰিলে তেওঁ পদত্যাগ কৰিবলৈও সাজু আছে বুলি মন্তব্য কৰে । তেওঁ লগতে কয় যে তামিলনাডুৰ হৈ নিৰ্বাচনত জয়ী হোৱাৰ অৰ্থ হৈছে ৰাজ্যখনৰ ৰাজনীতিত অধিক গুৰুত্ব দিয়াৰ এক সুযোগ । ৰাজ্যিক নিৰ্বাচনত কংগ্ৰেছ দলৰ বাবে কোনো ধৰণৰ বিফলতা নাই বুলি তেওঁ স্পষ্ট কৰি দিয়ে । সাংসদগৰাকীৰ মতে কংগ্ৰেছ দলে ২০২৪ চনৰ পৰা পৰিৱৰ্তনৰ শ্ল'গানেৰে কাম কৰিব লাগে ।

শেহতীয়াকৈ নটৰাজ মন্দিৰত চৰকাৰে হস্তক্ষেপ কৰা সন্দৰ্ভত তামিলনাডুত বিতৰ্কৰ সূত্ৰপাত হৈছে । সেই বিতৰ্ক সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদগৰাকীয়ে কয় যে নাস্তিকসকলে মন্দিৰৰ বিষয়ত হস্তক্ষেপ কৰা উচিত নহয় । একেদৰে, চৰকাৰে আধ্যাত্মিক বিষয়ত হস্তক্ষেপ কৰা উচিত নহয় ।

আইন অনুসৰি একাউণ্টৰ তথ্য বিচৰাৰ অধিকাৰ কোষাগাৰৰ আছে । আনহাতে মন্দিৰ প্ৰশাসনত হস্তক্ষেপ নকৰাকৈ হিচাপ পৰীক্ষা কৰাৰো উপায় আছে বুলি তেওঁ উল্লেখ কৰে । বিতৰ্কৰ সূত্ৰপাত হোৱা নটৰাজ মন্দিৰ কৰ্তৃপক্ষ আৰু কোষাগাৰ বিভাগক একেলগে বহি আলোচনা কৰি বিষয়টো নিষ্পত্তি কৰা উচিত বুলিও তেওঁ উল্লেখ কৰে ।

সংবাদমেলত সাংসদগৰাকীয়ে তামিলনাডুৰ ষ্টেলিন চৰকাৰক প্ৰশংসা কৰে (Chidambaram praised Stalin government)। তেওঁৰ মতে ডিএমকে নেতৃত্বাধীন তামিলনাডু চৰকাৰে যোৱা এবছৰত কোনো ধৰণৰ ভুল সিদ্ধান্ত লোৱা নাই । সাংসদগৰাকীৰ মতে মুখ্যমন্ত্ৰীয়ে প্ৰতিটো সিদ্ধান্ত সঠিকভাৱে লয় ।

কেন্দ্ৰীয় চৰকাৰকো সমালোচনা কৰে সাংসদগৰাকীয়ে । তেওঁৰ মতে ৰাজ্যিক প্ৰশাসন যন্ত্ৰ পৰিচালনা কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে কেন্দ্ৰীয় চৰকাৰ । তেওঁৰ মতে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য পূৰ্বতকৈ হ্ৰাস কৰিব লাগিছিল ।

লগতে পঢ়ক :ৰাঁচীত উত্তপ্ত পৰিস্থিতি: নুপুৰ শৰ্মাক গ্ৰেপ্তাৰৰ দাবীত আৰক্ষী নিৰাপত্তাৰক্ষীলৈ শিলাবৰ্ষণ

ABOUT THE AUTHOR

...view details