অসম

assam

Snapchat web app for Windows: এতিয়াৰে পৰা কম্পিউটাৰ-লেপটপতো ব্যৱহাৰ কৰক Snapchat, এইদৰে কৰক ডাউনলোড

By

Published : Dec 1, 2022, 1:04 PM IST

Updated : Dec 1, 2022, 2:16 PM IST

উইণ্ড’জৰ বাবে Snapchat মাইক্ৰ’ছফ্ট ষ্ট’ৰত প্ৰগ্ৰেছিভ ৱেব এপ (পিডব্লিউএ) হিচাপে উপলব্ধ। মাইক্ৰ’ছফ্ট এজৰ জৰিয়তে ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ প্ৰগ্ৰেছিভ ৱেব এপ (পিডব্লিউএ) উইণ্ড’জ ১০ আৰু ১১ ব্যক্তিগত কম্পিউটাৰত চলিব । ইয়াত কেনেকৈ ডাউনলোড কৰিব পাৰি চাওক।

Now Snapchat will also be available on computer and laptop download like this
এতিয়াৰে পৰা কম্পিউটাৰ-লেপটপটো ব্যৱহাৰ কৰক Snapchat, এইদৰে কৰক ডাউনলোড

অৱশেষত Snapchatয়ে মুকলি কৰিলে উইণ্ড’জৰ বাবে এক নতুন এপ(Snapchat download in Windows) । এই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ২০১১ চনত আৰম্ভ হৈছিল । স্নেপচ্যাটে আৰম্ভণিৰে পৰাই উইণ্ড’জ এপ নিৰ্মাণৰ পৰা বিৰত আছিল । কম্পিউটাৰ বা লেপটপত স্নেপচ্যাট চলাবলৈ ব্যৱহাৰকাৰীসকল এতিয়াও ইয়াৰ ৱেব সংস্কৰণৰ ওপৰত নিৰ্ভৰশীল আছিল(Snapchat web app for Windows)।

ইয়াৰ উপৰিও ব্যৱহাৰকাৰীয়ে এণ্ড্ৰইড ইমুলেটৰত মোবাইল এপ চলায় । অৱশ্যে মেছেজিং প্লেটফৰ্মত এতিয়া উইণ্ড’জৰ বাবে এটা এপ প্ৰস্তুত কৰা হৈছে । অৰ্থাৎ ব্যৱহাৰকাৰীয়ে কম্পিউটাৰতো স্নেপচ্যাট এপ ডাউনলোড কৰি ব্যৱহাৰ কৰিব পাৰিব । কেনেদৰে এই এপ ডাউনলোড কৰিব পাৰিব জানি লওক ৷

স্নেপচ্যাট হৈছে তৎক্ষণাত বাৰ্তা প্ৰেৰণ আৰু ফটো শ্বেয়াৰিং এপ । এতিয়া কোম্পানীটোৱে মাইক্ৰ’ছফ্ট ষ্ট’ৰত নিজৰ প্ৰগ্ৰেছিভ ৱেব এপ (পিডব্লিউএ) প্ৰৱৰ্তন কৰিছে ।

উইণ্ড’জ চেণ্ট্ৰেলৰ প্ৰতিবেদন অনুসৰি ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ প্ৰগ্ৰেছিভ ৱেব এপ (PWA) মাইক্ৰ’ছফ্ট এজৰ(Microsoft Edge) জৰিয়তে উইণ্ড’জ ১০ আৰু ১১ত চলিব । এই এপটো Snapchat web versionৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে । এই সংস্কৰণটোও কেইমাহমান আগতে মুকলি কৰা হৈছিল(snapchat web login) । Snapchat Appৰ আকাৰ মাত্ৰ 1.4MB আৰু ইয়াত ৱেব সংস্কৰণৰ দৰে বৈশিষ্ট্য আছে(How to login snapchat in Windows) ।

এইদৰে Snapchat Web App কৰক ডাউনলোড

  • কম্পিউটাৰৰ পৰ্দাৰ তলত থকা উইণ্ড’জ আইকনত ক্লিক কৰক ।
  • Microsoft Store ছাৰ্চ কৰক আৰু এপটো অপেন কৰক ।
  • এতিয়া ছাৰ্চ বাৰত Snapchat টাইপ কৰি ছাৰ্চ কৰক ।
  • Get it in Store Appত ক্লিক কৰক(এইটোৱে আপোনাক পোনপটীয়াকৈ Store App লৈ লৈ যাব)।
  • ইয়াৰ পিছত Get option ত ক্লিক কৰাৰ পিছত এপটো ইনষ্টল হ’ব ।

বিনামূলীয়া স্নেপচ্যাট সেৱা লাভ কৰা

স্নেপচ্যাট এপে মাইক্ৰ’ছফ্ট এজৰ জৰিয়তে কাম কৰিব । একে সময়তে উইণ্ড’জে এপটোক সাধাৰণ এপৰ দৰে গণ্য কৰিব, যিটো ষ্টাৰ্ট মেনুত আইকন, নটিফিকেচন এলাৰ্ট আৰু অন্যান্য বৈশিষ্ট্যৰ সৈতে আহিব । লগতে ব্যৱহাৰকাৰীয়ে বিশেষভাৱে স্নেপচ্যাট পিডব্লিউএ সংস্কৰণটো মাইক্ৰ’ছফ্ট ষ্ট’ৰৰ পৰা বিনামূলীয়াকৈ ডাউনলোড কৰিব পাৰে ।

আমাজনৰ সৈতে অংশীদাৰিত্ব

ইফালে, স্নেপচ্যাটে আমাজনৰ সৈতে অংশীদাৰিত্ব কৰি ব্যৱহাৰকাৰীক বাস্তৱৰ অভিজ্ঞতা প্ৰদান কৰিছে । ই-টেইলাৰে এতিয়া স্নেপচ্যাট ব্যৱহাৰকাৰীসকলক জনপ্ৰিয় ব্ৰেণ্ডৰ চশমাৰ শৈলী ডিজিটেলভাৱে চেষ্টা কৰাৰ ক্ষমতা প্ৰদান কৰিছে । আমাজন ফেশ্বন আৰু তৎক্ষণাত-স্নেপ শ্বেয়াৰিং এপ Persol, Maui Jim, Oakley, Ray-Ban, Costa del Mar ৰ মাজত এই নতুন সহযোগিতাই ভাৰ্চুৱেলি প্ৰডাক্ট চেষ্টা কৰিব পাৰে ।

লগতে পঢ়ক:Old Zombie virus: ৪৮,৫০০ বছৰীয়া জম্বি ভাইৰাছক পুনৰুজ্জীৱিত কৰিলে ৰাছিয়াৰ বিজ্ঞানীয়ে

Last Updated : Dec 1, 2022, 2:16 PM IST

ABOUT THE AUTHOR

...view details