ETV Bharat / international

Old Zombie virus: ৪৮,৫০০ বছৰীয়া জম্বি ভাইৰাছক পুনৰুজ্জীৱিত কৰিলে ৰাছিয়াৰ বিজ্ঞানীয়ে

author img

By

Published : Nov 30, 2022, 2:24 PM IST

ৰাছিয়াৰ বৰফাবৃত হ্ৰদৰ তলত পুতি থোৱা ৪৮,৫০০ বছৰীয়া পুৰণি জম্বি ভাইৰাছক পুনৰ সজীৱ কৰি তুলিছে ফ্ৰান্সৰ বিজ্ঞানীসকলে (Zombie virus revived by scientists) ৷ নিউয়ৰ্কৰ এক পোষ্টৰ মতে, ফ্ৰান্সৰ বিজ্ঞানীসকলে “জম্বি ভাইৰাছ” পুনৰুজ্জীৱিত কৰাৰ পিছত আন এক মহামাৰীৰ আশংকা কৰা হৈছে ।

48500 year old zombie virus revived by scientists in Russia
৪৮,৫০০ বছৰীয়া জম্বি ভাইৰাছক পুনৰুজ্জীৱিত কৰিলে ৰাছিয়াৰ বিজ্ঞানীসকলে

ইন্টাৰনেশ্যনেল ডেস্ক, 30 নৱেম্বৰ: ক’ভিড 19 মহামাৰীৰ ভয়াৱহতাৰ বিষয়ে সকলোৱে জ্ঞাত ৷ যোৱা দুটা বছৰে বিশ্বজুৰী এক ত্ৰাসৰ সৃষ্টি কৰিছিল ক’ভিড-19 মহামাৰীয়ে ৷ এই মহামাৰীৰ সময়ত কোনোবাই যদি নিজৰ আত্মীয়ক হেৰুৱাইছিল আন কোনোবাই আকৌ হেৰুৱাইছিল নিজৰ পিতৃ-মাতৃকো ৷ মুঠৰ ওপৰত বহু লোকৰ মৃত্যু হৈছিল এই ভয়াৱহ মহামাৰীৰ পৰা ৷ বিগত দুটা বছৰৰ পিছত পুনৰ সুস্থিৰ হৈ উঠিছে পৰিস্থিতি ৷ কিন্তু পুনৰ আন এক খবৰে অশনি সংকেত কঢ়িয়াই আনিছে বিশ্ববাসীৰ বাবে ৷

ৰাছিয়াৰ বৰফাবৃত হ্ৰদৰ তলত পুতি থোৱা ৪৮,৫০০ বছৰীয়া পুৰণি "জম্বি ভাইৰাছ"ক পুনৰ সজীৱ কৰি তুলিছে ফ্ৰান্সৰ বিজ্ঞানীসকলে (Zombie virus revived by scientists) ৷ নিউয়ৰ্কৰ এক পোষ্টৰ মতে, ফ্ৰান্সৰ বিজ্ঞানীসকলে জম্বি ভাইৰাছক পুনৰুজ্জীৱিত কৰাৰ পিছত আন এক মহামাৰীৰ আশংকা কৰা হৈছে । নিউয়ৰ্ক পোষ্ট হৈছে নিউয়ৰ্ক চহৰত প্ৰকাশিত এখন দৈনিক টেবলইড বাতৰি কাকত (New York Post) ।

উল্লেখ্য যে নিউয়ৰ্ক পোষ্টে এটা ভাইৰেল অধ্যয়নৰ উদ্ধৃতি দিছে যিটো এতিয়াও সহকৰ্মীৰ দ্বাৰা পৰ্যালোচনা কৰা হোৱা নাই ৷ এই অধ্যয়নত কোৱা হৈছে যে এটা প্ৰাচীন অজ্ঞাত ভাইৰাছৰ পুনৰুজ্জীৱনৰ ফলত উদ্ভিদ, প্ৰাণী বা মানুহৰ ৰোগৰ ক্ষেত্ৰত পৰিস্থিতি বহুত বেছি বিপদজনক হ’ব (Zombie Virus Buried In Ice)। প্ৰাথমিক প্ৰতিবেদন অনুসৰি, গোলকীয় উষ্ণতা বৃদ্ধিয়ে অপৰিৱৰ্তনীয়ভাৱে পাৰ্মাফ্ৰষ্টৰ বিশাল অংশ ইতিমধ্যেই গলি গৈছে ৷ যিয়ে উত্তৰ গোলাৰ্ধৰ এক চতুৰ্থাংশ মাটি সামৰি লৈছে ।

লগতে পঢ়ক: সমগ্ৰ বিশ্বতে মাংকিপক্সক লৈ ল'বলগীয়া সাৱধানতাৰ ওপৰত ঋণাত্মক প্ৰভাৱ

ইয়াৰ ফলত এক নিযুত বছৰলৈকে বৰফাবৃত হৈ থকা জৈৱিক পদাৰ্থসমূহ মুকলি হৈ পৰিছে ৷ মাৰাত্মক বীজাণু অন্তৰ্ভুক্ত হৈ থকাৰো আশংকা কৰিছে গৱেষকে । এই জৈৱিক পদাৰ্থৰ এটা অংশ পুনৰুজ্জীৱিত কোষীয় অণুজীৱ (প্ৰ’কেৰিয়াম, এককোষী ইউকেৰিয়াম)ৰ লগতে প্ৰাগ ঐতিহাসিক কালৰে পৰা নিষ্ক্ৰিয় হৈ থকা ভাইৰাছো আছে (Zombie virus infectious) ।

আটাইতকৈ পুৰণি পাণ্ডোৰা ভাইৰাছ য়েডোমাৰ বয়স আছিল ৪৮,৫০০ বছৰ ৷ যিটো বৰফাবৃত ভাইৰাছৰ অভিলেখ বয়স আছিল ৷ ইয়াৰ ফলত ২০১৩ চনত একেখিনি বিজ্ঞানীয়ে চাইবেৰিয়াত চিনাক্ত কৰা ৩০ হাজাৰ বছৰীয়া ভাইৰাছৰ পূৰ্বৰ অভিলেখ ভংগ কৰিছে । গৱেষকৰ সতৰ্কবাণী মতে, ১৩টা ভাইৰাছৰ ভিতৰত এই নতুন ভাইৰাছটো সবাতোকৌ অন্যতম (Scientists discover new virus)।

গৱেষকৰ মতে জম্বি ভাইৰাছৰ সকলোবোৰেই সংক্ৰামক হোৱাৰ সম্ভাৱনা আছে । গলি যোৱা পাৰ্মাফ্ৰষ্টে মাইক্ৰ’বিয়াল কেপ্টেইন আমেৰিকাৰ দৰে দীৰ্ঘদিনীয়া নিষ্ক্ৰিয় ভাইৰাছ নিৰ্গত কৰাৰ বাবে ভৱিষ্যতে ক’ভিড-১৯ মহামাৰীতকৈও অধিক ভয়াৱহ হৈ পৰিব বুলি আশংকা কৰিছে বিজ্ঞানীসকলে ।

(উল্লেখিত বাতৰিটো এজেন্সিৰ দ্বাৰা প্ৰেৰিত বাতৰিৰ সৌজন্যত প্ৰকাশ কৰা হৈছে)

লগতে পঢ়ক: গৱেষকৰ চাঞ্চল্যকৰ দাবী: কৰ’না ভাইৰাছৰ ফলত মগজু ফুলি উঠে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.