নেশ্যনেল ডেস্ক, 16 জানুৱাৰী:সোমবাৰে ফাগৱাৰাৰ গুৰুদ্বাৰত সংঘটিত হয় এক চাঞ্চল্যকৰ কাণ্ড ৷ শ্ৰী চৌদা খুহ চাহাবত এজন লোকক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে নিহাং শিখৰ বিৰুদ্ধে ৷ এজন লোকক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় নিহাং শিখক । হত্যা কৰাৰ পূৰ্বে নিহাং শিখে এটা ভিডিঅ’ও আপলোড কৰি গুৰুদ্বাৰলৈ তেওঁ বলিদান দিবলৈ আহিছে বুলি উল্লেখ কৰে ।
ফাগৱৰাৰ আৰক্ষী অধীক্ষক গুৰপ্ৰীত সিঙে ঘটনা সন্দৰ্ভত জানিবলৈ দিয়া মতে ঘটনাস্থলীত একাংশ জ্যেষ্ঠ বিষয়া উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত কৰিছে । আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছতে বলিদান সংঘটিত কৰা লোকজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি সিঙে জানিবলৈ দিয়ে ।
নিশা প্ৰায় 10 বজাত এই ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে । জানিব পৰা মতে, অভিযুক্ত স্নানাগাৰৰ ভিতৰত আছিল । আনহাতে, ভুক্তভোগীজনে গুৰু গ্ৰন্থ চাহাবক অপমান কৰিবলৈ চেষ্টা কৰিছিল বুলি কৰ্মচাৰী এগৰাকীয়ে জানিবলৈ দিয়ে । ইয়াৰ পিছতে নিহাং শিখৰ হাতত নিহত হয় লোকজন ।