অসম

assam

Covid-19: পৰৱৰ্তী Covid ভেৰিয়েন্ট হ'ব পাৰে Omicronতকৈও অধিক মাৰাত্মক

By

Published : Nov 29, 2022, 7:55 PM IST

শেহতীয়াকৈ এক নতুন অধ্যয়নৰ সময়ত প্ৰকাশ পাইছে যে Covid-19ৰ পৰৱৰ্তী ভেৰিয়েন্ট Omicronতকৈ অধিক বিপজ্জনক হ’ব পাৰে । অমিক্ৰন ভেৰিয়েন্টৰ ক্ষেত্ৰতো বৃহৎ সংখ্যক ৰোগীৰ ৰিপৰ্ট পোৱা গৈছিল । ইয়াৰ ফলত বহু লোকেও প্ৰাণ হেৰুৱাবলগীয়াও হৈছিল । এই অধ্যয়নত Covid-19ৰ নতুন ভেৰিয়েন্টৰ সৈতে জড়িত কি কি কথা প্ৰকাশ পাইছে জানো আহক...

Next Covid strain may be more dangerous than Omicron
পৰৱৰ্তী Covid ভেৰিয়েন্ট হ'ব পাৰে Omicronতকৈও অধিক মাৰাত্মক

বিগত ৩টা বছৰে সমগ্ৰ বিশ্বই ক'ৰোনা মহামাৰীৰ সৈতে যুঁজ দি আহিছে । কিন্তু পূৰ্বৰ তুলনাত কভিড-১৯ৰ প্ৰাদুৰ্ভাৱ যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হৈছে । ইয়াৰ পিছতো ইটোৰ পিছত আনটো নতুন ভেৰিয়েন্ট অহৰহ ধৰা পৰিছে(Covid 19 cases in india) । যিটো এক চিন্তাৰ বিষয় হৈ পৰিছে(Next Covid strain may be more dangerous than Omicron) ।

শেহতীয়াকৈ এক নতুন অধ্যয়নত প্ৰকাশ পাইছে যে, Covid-19ৰ পৰৱৰ্তী ভেৰিয়েন্ট Omicronতকৈ অধিক বিপজ্জনক হ’ব পাৰে । অমিক্ৰন ভেৰিয়েন্টৰ ক্ষেত্ৰতো বৃহৎ সংখ্যক ৰোগীৰ ৰিপৰ্ট পোৱা গৈছিল(Covid New strain) । ইয়াৰ ফলত বহু লোকেও প্ৰাণ হেৰুৱাবলগীয়াও হৈছিল । এই অধ্যয়নত Covid-19ৰ নতুন ভেৰিয়েন্টৰ সৈতে জড়িত কি কি কথা প্ৰকাশ পাইছে জানো আহক-

এইসমূহ কথা প্ৰকাশ পাইছে নতুন অধ্যয়নত

ডেইলী মেইলত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি আফ্ৰিকাত এক অধ্যয়ন কৰা হৈছিল(Covid19 cases in India) । এই অধ্যয়ন অনুসৰি Covid-19ৰ পৰৱৰ্তী ভেৰিয়েন্ট অতি বিপজ্জনক বুলি প্ৰমাণিত হ’ব পাৰে । এই অধ্যয়নটো এজন ইমিউন’চাপ্ৰেছড ব্যক্তিৰ Covid নমুনা ব্যৱহাৰ কৰি কৰা হৈছিল । এই অধ্যয়নত দেখা গৈছে যে Covid-19ৰ পৰৱৰ্তী ভেৰিয়েন্ট Omicronতকৈ অধিক মাৰাত্মক বুলি প্ৰমাণিত হ’ব পাৰে ।

এই অধ্যয়ন আফ্ৰিকাৰ ডাৰবানৰ আফ্ৰিকা হেল্থ ৰিচাৰ্চ ইনষ্টিটিউটৰ(Africa Darban Africa Health Research Institute) গৱেষকসকলে কৰিছে । এই প্ৰতিষ্ঠানটোৱেই যোৱা বছৰ ভেকচিনৰ প্ৰভাৱ দুৰ্বল কৰা অমিক্ৰন ষ্ট্ৰেইনৰ পৰীক্ষা কৰিছিল ।

এই লোকসকলৰ বিপদ অধিক

গৱেষকসকলৰ মতে, যিসকল লোক HIV বা আন গুৰুতৰ ৰোগত আক্ৰান্ত হয়, তেওঁলোকৰ ক্ষেত্ৰত এই ৰোগৰ আশংকা অধিক । ইমিউন’চাপ্ৰেছড লোকৰ বাবে কভিড-১৯ৰ পৰৱৰ্তী ভেৰিয়েন্ট অন্যান্য ভেৰিয়েন্টতকৈ অধিক বিপজ্জনক বুলি প্ৰমাণিত হ’ব পাৰে । এনে লোকৰ Covidৰ পৰা আৰোগ্য লাভ কৰিবলৈ বহু সময় প্ৰয়োজন হয় । অৱশ্যে এই অধ্যয়নৰ পৰ্যালোচনা এতিয়াও হোৱা নাই । এই অধ্যয়ন এজন ব্যক্তিৰ নমুনাৰ ওপৰত ভিত্তি কৰি কৰা হৈছে । বৰ্তমান এই বিষয়ত অধিক গৱেষণাৰ প্ৰয়োজন ।

এই দেশসমূহত ধাৰাবাহিকভাৱে ক'ভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে

বিগত কেইসপ্তাহমানৰ পৰা চীনকে ধৰি আন বহু দেশত ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে ক'ভিড-১৯ৰ ৰোগীৰ সংখ্যা । আকৌ এবাৰ ক'ভিড-১৯ৰ সংক্ৰমণৰ সংখ্যা বৃদ্ধি পোৱাটো চিন্তাৰ বিষয় হৈ পৰিছে । একে সময়তে নতুন অধ্যয়নে আন ঠাইত এই উত্তেজনা বৃদ্ধি কৰিছে । এতিয়া পৰৱৰ্তী ষ্ট্ৰেইনটো কিমান বিপজ্জনক বুলি প্ৰমাণিত হয় সেয়া হ’ব লক্ষ্যণীয় ।

লগতে পঢ়ক: Home Remedies: ঘৰুৱা পদ্ধতিয়ে মুখৰ দাগ দূৰ কৰেনে ?

ABOUT THE AUTHOR

...view details