ETV Bharat / sukhibhava

Home Remedies: ঘৰুৱা পদ্ধতিয়ে মুখৰ দাগ দূৰ কৰেনে ?

author img

By

Published : Nov 29, 2022, 3:24 PM IST

ছ’চিয়েল মিডিয়াৰ বিভিন্ন পোষ্টত সাধাৰণতে দাবী কৰি অহা হৈছে যে ঘৰুৱা পদ্ধতিৰে মুখৰ দাগ নিৰাময় কৰাটো লাভদায়ক । কিন্তু এক গৱষণাত এই তথ্য পোহৰলৈ আহিছে যে, এয়া সম্পূৰ্ণ মিথ্যা ৷ জানো আহক ইয়াৰ আঁৰৰ কাৰণ...

Can Home Remedies Heal Blemishes On The Face ?
ঘৰুৱা পদ্ধতিয়ে বাৰুকৈয়ে মুখৰ দাগ দূৰ কৰেনে ?

ছ’চিয়েল মিডিয়াত এটা পোষ্টত দাবী কৰা হৈছে যে ঘৰুৱা পদ্ধতিৰে মুখৰ দাগ নিৰাময় কৰাটো লাভদায়ক । কিন্তু এক গৱষণাত এই তথ্য পোহৰলৈ আহিছে যে এই সম্পূৰ্ণ মিথ্যা ৷ জানো আহক ইয়াৰ কাৰণ ৷

আপ-টু-ডেট কম্প্ৰেহেন্সিভ ৰিভিউ ৰিচাৰ্চৰ(Up-to-Date Comprehensive Review Research) মতে, মেলাজমা বা ক্ল’জমা হৈছে এনে এক অৱস্থা, য’ত মুখত বাদামী বা ক’লা দাগ দেখা যায় । সাধাৰণতে এইবোৰ কেৱল মহিলাৰ ক্ষেত্ৰতহে দেখা যায় । দীৰ্ঘদিন ধৰি সূৰ্যৰ পোহৰত থাকিলে বা হৰম’নৰ পৰিৱৰ্তনৰ বাবে মেলাজমা(Melasma) হোৱাৰ প্ৰৱণতা থাকে(Can Home Remedies Heal Blemishes On The Face?) ।

গৱেষণাই কি কয়?

চাইন্স ডাইৰেক্টৰৰ দ্বাৰা প্ৰকাশিত জাৰ্নেল অৱ দ্য আমেৰিকান একাডেমী অৱ ডাৰ্মাট’লজীয়ে(Journal of the American Academy of Dermatology) প্ৰকাশ কৰা তথ্য অনুসৰি মেলাছমাৰ ক্লিনিকেল চিকিৎসাত হাইড্ৰ’কুইনন, ট্ৰেটিন’ইন আৰু কৰ্টিক’ষ্টেৰয়ডৰ সংমিশ্ৰণ ব্যৱহাৰ কৰা হয় ।

এই গৱেষণাৰ মতে, Post Inflammatory Hyperpigmentation (PIH) হৈছে ছালত আঘাত, পোৰা বা যিকোনো ধৰণৰ ক্লিনিকেল চিকিৎসাৰ পিছত হোৱা এক সমস্যা । Science Director ৰ দ্বাৰা প্ৰকাশিত Disorders Of Hyperpigmentationত PIHৰ চিকিৎসাত Minocycline, Zidovudine, Bleomycin, Busulfan আৰু Chlorpromazine আদি ঔষধ ব্যৱহাৰ কৰা হয় ।

ঘৰুৱা পদ্ধতি কিমান ফলপ্ৰসূ?

স্কোলাৰেনাই প্ৰকাশ কৰা এই গৱেষণা পত্ৰখনৰ মতে, ছালৰ সৈতে জড়িত সমস্যাৰ ক্ষেত্ৰত ঘৰুৱা পদ্ধতি ফলপ্ৰসূ যদিও ঘৰুৱা চিকিৎসাৰ দ্বাৰা ছালৰ সকলো ধৰণৰ সমস্যা দূৰ কৰিব পৰাৰ কোনো সঠিক প্ৰমাণ পোৱা নাযায়(How effective are home based methods)।

যদিও গৱেষণাত প্ৰকাশিত তথ্য অনুসৰি ঘৰুৱা উপায় যেনে চাউলৰ আটা বা পিঠাগুৰি, মৌ, দৈ, ভিটামিন-ই যুক্ত যিকোনো পদাৰ্থ মুখত প্ৰয়োগ কৰিব পাৰি, কিন্তু এই দাবী নিশ্চিত কৰিব পৰাকৈ কোনো বৈজ্ঞানিক প্ৰমাণ পোৱা নাযায় । মানুহৰ ছাল তিনিটা তৰপেৰে গঠিত । প্ৰথম- এপিডাৰ্মিছ(Epidermis), দ্বিতীয়-ডাৰ্মিছ(Dermis) আৰু তৃতীয়- হাইপ’ডাৰ্মিছ(Hypodermis) আৰু যিকোনো ধৰণৰ ঘৰুৱা চিকিৎসা ছালৰ প্ৰথম স্তৰত সীমাবদ্ধ থাকে ।

বিশেষজ্ঞই এই বিষয়ত কয় যে, এনে দাবীয়ে মানুহৰ মাজত এক বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে । লগতে এইবোৰ বৈজ্ঞানিক পৰ্যালোচনাৰ দ্বাৰা সমৰ্থিত নহয় । ইয়াৰ উপৰিও নেমুৰ ৰস আৰু আপেল চাইডাৰ ভিনেগাৰৰ দৰে মেলাজমা বৃদ্ধি কৰিব পাৰে । সুস্থ ছালৰ বাবে পুষ্টিকৰ খাদ্য, টোপনিৰ পৰা শুৱা-উঠাৰ সঠিক ৰুটিন, ব্যায়াম, ধূমপান পৰিহাৰ, মানসিক চাপৰ পৰা আঁতৰি থকা আৰু সঠিক পৰিমাণৰ পানী খোৱা আদি অন্তৰ্ভুক্ত ।

ইয়াৰ উপৰিও আজিকালি মেলাজমা আৰু পষ্ট-ইনফ্লেমেটৰী হাইপাৰপিগমেণ্টেচনৰ বাবে মেছ’থেৰাপি, মাইক্ৰ’ডাৰ্মেব্ৰেচন, লেজাৰ টনিং(Mesotherapy, microdermabrasion, laser toning) আদি চিকিৎসা পদ্ধতি গ্ৰহণ কৰা হৈছে, যাৰ বাবে চিকিৎসাৰ পৰামৰ্শ অতি গুৰুত্বপূৰ্ণ । শেষত ওপৰৰ দাবী আৰু চিকিৎসকৰ বক্তব্যৰ ভিত্তিত ক’ব পাৰি যে, ছ’চিয়েল মিডিয়াত কৰা দাবীটো একেবাৰে মিথ্যা ।

লগতে পঢ়ক: Turmeric Benefits: সুস্বাস্থ্যৰ লগতে সৌন্দৰ্য বৃদ্ধিৰ বাবে উপকাৰী কেঁচা হালধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.