অসম

assam

Presidential Election 2022: ৰাষ্ট্ৰপতি পদৰ বাবে মনোনয়ন দাখিল এন ডি এৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ

By

Published : Jun 24, 2022, 12:35 PM IST

nda-candidate-draupadi-murmus-filed nomination today

শুকুৰবাৰে পুৱা ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে (Presidential Election 2022)৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি জ্যেষ্ঠ নেতাসকলৰ উপস্থিতিত মনোনয়ন দাখিল কৰে মুৰ্মুৱে (Draupadi murmus filed nomination today)৷

নেশ্যনেল ডেস্ক, 24 জুন :সমাগত ৰাষ্ট্ৰপতি নিৰ্বাচন 2022 (Presidential Election 2022) ৷ শুকুৰবাৰে পুৱা ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে (Draupadi murmus filed nomination today) ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি জ্যেষ্ঠ নেতাসকলৰ উপস্থিতিত মনোনয়ন দাখিল কৰে মুৰ্মুৱে ৷

মুৰ্মুৱে বৃহস্পতিবাৰে গৃহ ৰাজ্য ওডিশাৰ পৰা দিল্লীত উপস্থিত হয় আৰু শুকুৰবাৰে মনোনয়ন দাখিল কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) সভাপতি জে পি নাড্ডাক সাক্ষাৎ কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুৰ্মুৰ মনোনয়ন পত্ৰৰ প্ৰথম প্ৰস্তাৱক ৷ বিজেপিৰ সভাপতি নাড্ডা ,কেন্দ্ৰীয় মন্ত্ৰী আৰু জেষ্ঠ্য বিজেপি নেতা প্ৰহ্লাদ যোশীয়ে প্ৰস্তাৱক আৰু সমৰ্থক হিচাপে মনোনয়নপত্ৰত স্বাক্ষৰ কৰে ৷ প্ৰধানমন্ত্ৰী মোদীয়ে মনোনয়ন পত্ৰ দাখিলৰ সময়ত কয় যে ৰাষ্ট্ৰপতি পদৰ বাবে মুৰ্মুৰ প্ৰাৰ্থিত্বক সমগ্ৰ দেশতে আৰু সমাজৰ সকলো শ্ৰেণীয়ে প্ৰশংসা কৰিছে ৷

টুইটযোগে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে কয় যে এন ডি এৰ হৈ তেওঁ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুজীক সাক্ষাৎ কৰে আৰু তেওঁক শুভেচ্ছা জ্ঞাপন কৰে । তেওঁৰ নামৰ ঘোষণাৰ পৰাই জনজাতীয় সমাজে অত্যন্ত গৌৰৱ অনুভৱ কৰিছে । আমি নিশ্চিত যে তেওঁৰ প্ৰশাসনিক আৰু ৰাজহুৱা অভিজ্ঞতাৰ দ্বাৰা সমগ্ৰ দেশ উপকৃত হ'ব ।

মুৰ্মুক সাক্ষাৎ কৰাৰ পিছত এক টুইটযোগে ৰাজনাথ সিঙে কয়, "আজি মই ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰো আৰু তেওঁক শুভেচ্ছা জ্ঞাপন কৰো । মই নিশ্চিত যে তেওঁলোকে দেশ আৰু সমাজক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত এক কাৰ্যকৰী ভূমিকা পালন কৰিব ।"

মনোনয়ন দাখিল কৰাৰ পিছৰ পৰাই মুৰ্মুৱে তেওঁৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব ৷ নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰাৰ্থীগৰাকীয়ে দেশভ্ৰমণৰ লগতে নিৰ্বাচনৰ সমৰ্থন বিচাৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতাক লগ কৰিব । ইতিমধ্যে দলীয় নেতাসকলে মুৰ্মুৰ বিজয়ৰ সম্ভাৱনা নিশ্চিত বুলি মন্তব্য প্ৰকাশ কৰে ৷ তেওঁ যদি জয়ী হয় তেন্তে তেওঁ দেশৰ প্ৰথমগৰাকী জনজাতীয় আৰু দ্বিতীয় মহিলা ৰাষ্ট্ৰপতি হ'ব ৷

দিল্লীলৈ ৰাওনা হোৱাৰ পূৰ্বে ওডিশাত এক চমু বিবৃতিত মুৰ্মুৱে কয়, "মই সকলোকে ধন্যবাদ জনাইছো আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে সকলোৰে সহযোগিতা বিচাৰিছো । মই ১৮ জুলাইৰ আগতে সকলো ভোটাৰক (সাংসদ) লগ কৰিম আৰু তেওঁলোকৰ সমৰ্থন বিচাৰিম ।"

আজিৰ এই মনোনয়নপত্ৰ দাখিলৰ পৰ্বত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকে ৷ শুকুৰবাৰে তথা 24 জুলাইত বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল শেষ হ'ব । অহা 18 জুলাইত ৰাষ্ট্ৰপতি পদৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক:Presidential poll: ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিজেপিয়ে গঠন কৰিলে 14 জনীয়া সমিতি

ABOUT THE AUTHOR

...view details