Presidential poll: ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিজেপিয়ে গঠন কৰিলে 14 জনীয়া সমিতি

author img

By

Published : Jun 17, 2022, 6:04 PM IST

Presidential poll

জুলাই মাহত অনুষ্ঠিত হ’ব দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচন (Presidential poll in India)৷ এতিয়ালৈকে প্ৰাৰ্থী ঘোষণা হোৱা নাই যদিও বিজেপিয়ে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ১৪ জনীয়া পৰিচালনা সমিতি গঠন কৰে ৷ সমিতিখনে এন ডি এ প্ৰাৰ্থীৰ বাবে দেশজুৰি প্ৰচাৰ চলাব ।

নিউজ ডেস্ক, 17 জুন: অহা মাহত হ’ব লগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিজেপিয়ে শুকুৰবাৰে ১৪ জনীয়া এখন পৰিচালনা সমিতি গঠন কৰে (Presidential poll in India)৷ কেন্দ্ৰীয় জল সম্পদ মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটক আহ্বায়কৰ দায়িত্ব প্ৰদান কৰাৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিনোদ তাৱদে আৰু চি টি ৰবিক সমিতিৰ সহ-আহ্বায়ক হিচাপে নিযুক্তি দিয়া হৈছে । কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডী, অশ্বিনী বৈষ্ণৱ, সৰ্বানন্দ সোণোৱাল, অৰ্জুন মেঘৱাল আৰু ভাৰতী পাৱাৰ এই সমিতিৰ সদস্য হিচাপে থাকিব ৷

ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তৰুণ চুগ, উপ-সভাপতি ডি কে অৰুণা, ৰাষ্ট্ৰীয় সম্পাদক ঋতুৰাজ সিন্হা, মহিলা শাখাৰ ৰাষ্ট্ৰীয় সভাপতি ভানতি শ্ৰীনিবাসন, মুখপাত্ৰ সম্বিত পাত্ৰ আৰু সাংসদ তথা দলটোৰ অসম গোটৰ উপ-সভাপতি ৰাজদীপ ৰয়ো ১৪ জনীয়া সমিতিৰ অংশ হৈ থাকিব ৷

সূত্ৰসমূহে কৈছে যে, সমিতিখনে এন ডি এ প্ৰাৰ্থীৰ বাবে দেশজুৰি প্ৰচাৰ চলাব । ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে এখন ইলেক্টৰেল কলেজত প্ৰায় 10.86 লাখ ভোট আছে ৷ বিজেপি আৰু NDA ত ইয়াৰ মিত্ৰজোঁটৰ অংশীদাৰসকলৰ মনোনীত ব্যক্তিক ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক : লোহিত এক্সপ্ৰেছত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.