অসম

assam

Assam Floods: মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ মুকেশ আম্বানীৰ 25 কোটি টকা

By

Published : Jun 24, 2022, 9:22 PM IST

অসমৰ বান পৰিস্থিতিৰ জটিলতাৰ প্ৰতি লক্ষ্য ৰাখি মুকেশ আম্বানী আৰু তেওৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীয়ে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াইছে 25 লাখ টকা ৷ এই কথা সামাজিক মাধ্যমযোগে ৰাজহুৱা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

Assam Floods
মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ মুকেশ আম্বানীৰ 25 কোটি টকা

নিউজ ডেস্ক, 24 জুন: প্ৰায় দুটা দশকৰ পাছত ভয়ংকৰ বানে ত্ৰাসিত কৰিছে অসমবাসীক ৷ লাখ-লাখ পৰিয়ালে হেৰুৱাইছে ঘৰ-মাটি ৷ প্ৰলয়কাৰী বানত প্ৰাণ হেৰুৱাইছে শতাধিক লোকে (Assam flood situation)৷

মৌলিক প্ৰয়োজন খাদ্য-বস্ত্ৰ-বাসস্থানৰ অভাৱে দেখা দিছে বানপীড়িত জিলাসমূহত ৷ ফলত ভিন্নজনে পাৰ্যমানে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ(Assam CM relief fund) আৰ্থিক অনুদান আগবঢ়োৱাৰ লগতে পোনপটীয়াকৈও বিভিন্ন দল-সংগঠন, ব্যক্তি বিশেষে বানাক্ৰান্তৰ কাষলৈ গৈ সহায়ৰ হাত আগবঢ়াইছে ৷ মুখ্যমন্ত্ৰীৰ সাহায্য পূঁজিলৈ আৰ্থিক অনুদান আগবঢ়োৱা লোকসকলৰ নাম, অনুদানৰ পৰিমান আৰু ফটো সামাজিক মধ্যমযোগে ৰাজহুৱা কৰি আহিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

শেহতীয়াকৈ ৰিলায়েঞ্চ গ্ৰুপৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক মুকেশ আম্বানী(Reliance Industries chairman Mukesh Ambani) আৰু তেওঁৰ পুত্ৰ অনন্ত আম্বানীয়ে(Anant Ambani) মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াইছে 25 কোটি টকা ৷ এই কথা ফেচবুক আৰু টুইটাৰযোগে ৰাজহুৱা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ৰিলায়েঞ্চ গ্ৰুপৰ অংশীদাৰ দুগৰাকীক ধন্যবাদ আৰু কৃতজ্ঞতা জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ লগতে তেও মন্তব্য কৰে যে, এই বৃহৎ পৰিমানৰ আৰ্থিক সাহায্যই অসমৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ৰাজ্যত অব্যাহত থকা প্ৰলয়ৰ প্ৰতি লক্ষ্য ৰাখি বলীউদৰ অভিনেতা অৰ্জুন কাপুৰ, পৰিচালক ৰোহিত চেত্ৰী আৰু কণ্ঠশিল্পী চনু নিগমে 5 লাখ টকাকৈ অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পূঁজিলৈ আগবঢ়াইছিল ৷ ইয়াৰোপৰি সংগীত ব্যৱস্থাপক ভূষন কুমাৰেও আগবঢ়াইছিল 11 লাখ টকা (Bollywood celebrities donates to CM relief fund)৷

লগতে পঢ়ক:মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা কৃষ্ণসদৃশ: সহায়ৰ ভিক্ষা বানাক্ৰান্তৰ

ABOUT THE AUTHOR

...view details