ETV Bharat / state

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা কৃষ্ণসদৃশ: সহায়ৰ ভিক্ষা বানাক্ৰান্তৰ

author img

By

Published : Jun 24, 2022, 2:25 PM IST

এইবাৰৰ বানত সত্ৰনগৰী বৰপেটাৰ লগতে সুন্দৰীদিয়া সত্ৰও ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে (Flood at Barpeta)৷ অসহায় লোকসকলে মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাক (CM Himanta Biswa Sarma) কৃষ্ণৰ সৈতে তুলনা কৰি মুখ্যমন্ত্ৰীৰ পৰা সহায় বিচাৰে (Flood effected family Begging for help) ৷

flood effected family Begging for help
flood effected family Begging for help

বৰপেটা, 24 জুন : ৰাজ্যত ক্ৰমাৎ উন্নতি হৈছে বান পৰিস্থিতি (Assam flood 2022) ৷ এইবাৰৰ বানত সত্ৰনগৰী বৰপেটাৰ লগতে সুন্দৰীদিয়া সত্ৰও ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে (Flood at Barpeta)৷ সুন্দৰীদিয়া সত্ৰ চৌহদৰ ভিতৰত আজিৰ দিনটোতো সম্পূৰ্ণৰূপে শুকোৱা নাই পানী ৷

ইপিনে সুন্দৰীদিয়াৰ বাট পথৰ ওপৰেৰে বৈ থকা পানী শুকাইছে যদিও বহু লোকৰ ঘৰ দুৱাৰ এতিয়াও জলমগ্ন ৷ এবুকু, এডিঙি পানীত ডুব গৈ আছে বাট পথ, ঘৰ দুৱাৰ সকলো ৷ ফলত সুন্দৰীদিয়া সত্ৰ চৌহদৰ কীৰ্তনঘৰৰ কাঠি, অতিথিশালা, ৰংগমঞ্চ বা সত্ৰৰ আন ঘৰসমুহত আশ্ৰয় লৈ আছে সুন্দৰীদিয়া গাৱৰ দক্ষিণ হাটীৰ ডেৰ শতাধিক বানাক্ৰান্ত পৰিয়ালৰ প্ৰায় ৫ শতাধিক লোক ৷

সহায়ৰ ভিক্ষা বানাক্ৰান্তৰ

লক্ষণীয়ভাৱে গাঁওখনৰ বহুলোকে টাউন এণ্ড প্লেনিং বিভাগৰ জৰিয়তে লাভ কৰা চহৰীয়া আৱাস যোজনাৰ ঘৰৰ বাবে চৰকাৰী অনুদান লাভ কৰিছিল যদিও বহু পৰিয়ালৰ ঘৰ দুৱাৰ নিৰ্মাণৰ বাবে অনা চিমেন্ট, বালি আদি নিশাৰ বাঢ়নি পানীয়ে নষ্ট কৰি পেলোৱাত এই লোকসকল আন এক সমস্যাৰ সন্মুখীন হবলগীয়া হৈছে ৷ সুন্দৰীদিয়া গাৱঁৰ দক্ষিণহাটীৰ লোকসকল মুলতঃ মাটিৰ বাচন বৰ্তন তৈয়াৰৰ কামত জড়িত হীৰা সম্প্ৰদায়ৰ লোক ৷

সুন্দৰীদিয়া সত্ৰ
সুন্দৰীদিয়া সত্ৰ

গুৰুজনা মাধৱদেৱৰ দিনৰ পৰাই সত্ৰত প্ৰয়োজনীয় মাটিৰ সাজ বাচন তৈয়াৰৰ কামত নিয়োজিত লোকসকলৰ আজিও জীৱিকাৰ সম্বল মাটিৰ সাজ তৈয়াৰ কৰা ৷ এইবাৰৰ বানত ঘৰত থকা মাটিৰ সকলো বাচন বৰ্তন বাঢ়নি পানীত ডুবি নষ্ট হৈ যোৱাৰ ফলত ভৱিষ্যতক লৈ শংকিত হৈছে এইসকল লোক ৷ উয়াৰোপৰি এই লোকসকলে মাটিৰ বাচন গঢ়াৰ বাবে গুৱাহাটীৰ দীপৰ বিলৰ পৰা মাটি আনিব লাগে ৷

এই মাটি আনিবলৈ যাওঁতেও মাটিৰ দালাল, আৰক্ষী, বন বিভাগৰ গেটত লোকসকলে ভৰিব লাগে ধন ৷ এতিয়া বানৰ ফলত সৰ্বস্বান্ত হৈছে এই দৰিদ্ৰ লোকসকল ৷ অসহায় লোকসকলে মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাক (CM Himanta Biswa Sarma) কৃষ্ণৰ সৈতে তুলনা কৰি দীপৰ বিলৰ পৰা মাটি অনাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ পৰা সহায় বিচাৰে (Flood effected family Begging for help) ৷

লগতে পঢ়ক: খহনীয়াৰ কৱলত মাণিকপুৰৰ গুৰুত্বপূৰ্ণ গড়কাপ্তানি পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.