খহনীয়াৰ কৱলত মাণিকপুৰৰ গুৰুত্বপূৰ্ণ গড়কাপ্তানি পথ

author img

By

Published : Jun 24, 2022, 1:31 PM IST

PWD

মাণিকপুৰত ভয়াৱহ গৰাখহনীয়া । আই নৈৰ বুকুত জাহ গ'ল মাণিকপুৰ ৰাজহ চক্ৰৰ এটা এতি গুৰুত্বপূৰ্ণ গড়কাপ্তানি পথ (Erosion affects PWD road in Manikpur)। হাহাকাৰ লাগিছে অঞ্চলটোৰ ৰাইজৰ । প্ৰশাসনে খহনীয়া প্ৰতিৰোধৰ চেষ্টা অব্যাহত ৰাখিছে ।

মাণিকপুৰ, ২৪ জুন : ৰাজ্যৰ ভিন্ন প্ৰান্তত বানৰ পৰিস্থিতি এতিয়াও ভয়ংকৰ হৈ আছে (Flood situation in Assam)। কেইবাখনো নদী এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে । যাৰ ফলত কেইবাখনো জিলা প্লাৱিত হৈ আছে । শ-শ লোকে ঘৰ-মাটি হেৰুৱাই এতিয়াও শিবিৰতে আশ্ৰয় লৈ আছে ।

ইয়াৰ মাজতে বঙাইগাঁও জিলাৰো বহু স্থানত বান আৰু খহনীয়াই অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । মাণিকপুৰৰ বাশবাৰীত আই নৈৰ ভয়াৱহ খহনীয়া অব্যাহত আছে (Erosion in Manikpur)। আই নৈৰ গৰাখহনীয়াৰ ফলত ইতিমধ্যে বৃহৎ অঞ্চল জাহ গৈছে । এইবাৰ গৰাখহনীয়াৰ কৱলত ডাঙাইগাও-কীৰ্ত্তনপাৰা সংযোগী গড়কাপ্তানি পথ ।

খহনীয়াৰ কৱলত মাণিকপুৰৰ গুৰুত্বপূৰ্ণ গড়কাপ্তানি পথ

পথটোৰ এটা অংশ ইতিমধ্যে আই নদীৰ বুকুত জাহ গৈছে । গৰাখহনীয়াৰ কৱলত পৰাৰ ফলত সৃজনগ্ৰাম আৰু মাণিকপুৰ ৰাজহ চক্ৰৰ প্ৰায় অৰ্ধ শতাধিক ৰাজহ গাঁৱৰ মাজত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে । পথটো খহি পৰাৰ ফলত গাঁওসমূহৰ ৰাইজৰ মাজত তীব্ৰ উত্তেজনা বৃদ্ধি পাইছে । শংকিত হৈ পৰিছে মাণিকপুৰ অঞ্চলৰ ৰাইজ ।

উল্লেখ্য যে বিগত এসপ্তাহত আই নৈৰ খহনীয়াত প্ৰায় দুই শতাধিক পৰিয়ালৰ ঘৰ-মাটি নৈৰ বুকুত বিলীন হৈছে । উত্তৰ অভয়াপুৰী সমষ্টিৰ একমাত্ৰ পকী পথটো খহনীয়াৰ কৱলত পৰিছে (Erosion affects PWD road in Manikpur)। জিলা প্ৰশাসনে ক্ষিপ্ৰতাৰে প্ৰতিৰোধৰ চেষ্টা অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে সফল হোৱা নাই ।

গড়কাপ্তানি পথটো ভাঙি যোৱাত বৃহত্তৰ অঞ্চলৰ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । কিয়নো এই পথটো বৃহত্তৰ অঞ্চলৰ প্ৰায় অৰ্ধশতাধিক ৰাজহ গাঁৱৰ ৰাইজৰ বাবে ব্যৱসায় বাণিজ্যিৰ লগতে যাতায়তৰ মূখ্য পথ । ইফালে বছৰ বছৰ ধৰি আই নৈৰ গৰাখহনীয়াই ক্ষতিগ্ৰস্ত কৰা মাণিকপুৰৰ ৰাইজ চৰকাৰৰ বিৰুদ্ধেও ক্ষোভিত হৈ পৰিছে । অতি শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ বাবে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে বানাক্ৰান্ত ৰাইজে ।

লগতে পঢ়ক :ৰাজ্যৰ ভিতৰত অষ্টম স্থানপ্ৰাপ্ত চতিয়াৰ এটি বিশেষ পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.