অসম

assam

প্ৰধানমন্ত্ৰীক সাক্ষাৎ কেবিনেটৰ সম্ভাব্য মন্ত্ৰীসকলৰ

By

Published : Jul 7, 2021, 2:30 PM IST

প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰিবলৈ তেওঁৰ বাসগৃহত উপস্থিত হোৱা নেতাসকলৰ অন্যতম হৈছে বিজেপিৰ নাৰায়ণ ৰাণে (Narayan Rane), জ্যোতিৰাদিত্য সিন্ধিয়া (Jyotiraditya Scindia), অজয় ভট্ট (Ajay Bhatt), ভূপেন্দ্ৰ যাদৱ (Bhupender Yadav), শোভা কৰন্দলাজে (Shobha Karandlaje), প্ৰীতম মুণ্ডে (Pritam Munde)আৰু মীনাক্ষী লেখি (Meenakshi Lekhi), এলজেপিৰ পশুপতি পৰাছ (Pashupati Paras) আৰু আপনা দলৰ অনুপ্ৰিয়া পেটেল (Anupriya Patel) ।

Ministerial probables meet PM Modi
প্ৰধানমন্ত্ৰীক সাক্ষাৎ কেবিনেটৰ সম্ভাৱ্য মন্ত্ৰীসকলৰ

নিউজ ডেস্ক, ৭ জুলাই :বুধবাৰে সন্ধিয়া অনুষ্ঠিত হ’বলগীয়া বহু প্ৰত্যাশিত কেবিনেট ৰদবদল (Cabinet reshuffle)ৰ পূৰ্বে নতুন মন্ত্ৰীসভাত নাম অন্তৰ্ভূক্ত হোৱাৰ সম্ভাৱনা থকা কেইবাগৰাকীও মন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ( Prime Minister Narendra Modi)ক সাক্ষাৎ কৰিবলৈ তেওঁৰ বাসগৃহত উপস্থিত হয় । প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰিবলৈ তেওঁৰ বাসগৃহত উপস্থিত হোৱা নেতাসকলৰ অন্যতম হৈছে বিজেপিৰ নাৰায়ণ ৰাণে (Narayan Rane), জ্যোতিৰাদিত্য সিন্ধিয়া (Jyotiraditya Scindia), অজয় ভট্ট (Ajay Bhatt) , ভূপেন্দ্ৰ যাদৱ (Bhupender Yadav), শোভা কৰন্দলাজে (Shobha Karandlaje), প্ৰীতম মুণ্ডে (Pritam Munde)আৰু মীনাক্ষী লেখি (Meenakshi Lekhi), এলজেপিৰ পশুপতি পৰাছ (Pashupati Paras) আৰু আপনা দলৰ অনুপ্ৰিয়া পেটেল (Anupriya Patel) । বিজেপি সভাপতি জে পি নাড্ডা (BJP president J P Nadda)ও উক্ত বৈঠকত উপস্থিত থকাৰ সম্ভাৱনা আছে । উক্ত বৈঠকত পুৰুষোত্তম ৰূপালা (Parshottam Rupala) আৰু অনুৰাগ ঠাকুৰ (Anurag Thakur)কে ধৰি কেইবাগৰাকী কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীৰ পদবী উন্নীতকৰণ হোৱাৰ সম্ভাৱনা আছে ৷

উল্লেখ্য যে, ২০১৯ চনৰ মে’ মাহত দ্বিতীয়বাৰৰ বাবে শাসনৰ বাঘজৰী হাতত লোৱা মোডীৰ মন্ত্ৰীসভাৰ এয়া হ’ব প্ৰথমটো সম্প্ৰসাৰণ (Cabinet expansion of PM Narendra Modi) । ৰাজনৈতিক মহলত ইতিমধ্যে এই আসন্ন সম্প্ৰসাৰণক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে । বিশেষকৈ উত্তৰ প্ৰদেশৰ পৰৱৰ্তী বিধানসভা নিৰ্বাচন (UP Legislative Assembly Election)ৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰিবলৈ আগবাঢ়িছে বুলি চৰ্চা চলিছে ।

প্ৰধানমন্ত্ৰীয়ে এইবাৰ কেবিনেটত যুৱ মন্ত্ৰীক আৰু বিভিন্ন সামাজিক গোট আৰু অঞ্চলক প্ৰতিনিধিত্ব কৰা সকলক প্ৰাধান্য দিব বুলি আশা কৰা হৈছে ৷

লগতে পঢ়ক :দলৰ সৈতে অলিম্পিকলৈ নাযায় পুল্লেলা গোপীচান্দ

ABOUT THE AUTHOR

...view details