অসম

assam

Man killed in Mangaluru: কৰ্ণাটকৰ মাংগালোৰত দুটা দিনৰ ভিতৰত দুটাকৈ নৃশংস হত্যাকাণ্ড

By

Published : Jul 29, 2022, 9:26 AM IST

Updated : Jul 29, 2022, 10:39 AM IST

কৰ্ণাটকৰ মাংগালোৰত পুনৰ হত্যাকাণ্ড
Man killed allegedly in Mangaluru

কৰ্ণাটকৰ মাংগালোৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাৰ ঘটনা(Man killed in mangaluru) ৷ বৃহস্পতিবাৰে ৰাজ্যখনৰ সুৰথকাল অঞ্চলত এগৰাকী লোকক হত্যা কৰে চাৰিজনীয়া এটা দুৰ্বৃত্তৰ দলে ৷ দুৰ্বৃত্তৰ আক্ৰমণত নিহত যুৱকজনৰ নাম ফাজিল বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে ৷

নেশ্যনেল ডেস্ক, 29 জুলাই:কৰ্ণাটকৰ মাংগালোৰত বৃদ্ধি পাইছে বিভিন্ন অপৰাধজনিত ঘটনা ৷ এটাৰ পিছত আন এটা চাঞ্চল্যকৰ অপৰাধৰ ঘটনাই সম্প্ৰতি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা পৰিলক্ষিত হৈছে ৷ মংগলবাৰে নিশা শিহৰণকাৰী এক হত্যাকাণ্ডই কৰ্ণাটকৰ মাংগালোৰ চহৰ কপাঁই যোৱাৰ পিছত শেহতীয়াভাবে চহৰখনত সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ হত্যাৰ ঘটনা (Man killed in Mangaluru)৷ বৃহস্পতিবাৰে মহানগৰখনৰ সুৰথকাল অঞ্চলত এজন লোকক হত্যা কৰে চাৰিজনীয়া এটা দুৰ্বৃত্তৰ দলে ৷

দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হোৱা যুৱকজনৰ নাম ফাজিল বুলি জানিব পৰা গৈছে ৷ সুৰথকাল অঞ্চলৰ এখন দোকানৰ বাহিৰত দুৰ্বৃত্তই আকস্মিকভাৱে আক্ৰমণ চলায় ফাজিলৰ ওপৰত ৷ পৰৱৰ্তী সময়ত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়ত যুৱকজনৰ মৃত্যু ঘটে ৷ আনহাতে যুৱকজনক কৰা আক্ৰমণৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰৈছে চিচি টিভি কেমেৰাত ৷

উল্লেখ্য যে, শেহতীয়াকৈ সংঘটিত এই ঘটনাৰ এদিন পূৰ্বে মংগলবাৰৰ নিশা জিলা বিজেপিৰ যুৱ মৰ্চা কমিটিৰ সদস্য প্ৰবীণ নেত্তাৰক চুলিয়া তালুকৰ বেলাৰেৰ এখন ব্ৰইলাৰ দোকানৰ সমুখত বাইকত অহা দুৰ্বৃত্তই নৃশংসভাবে হত্যা কৰিছিল ৷ দুটা দিনৰ ভিতৰত দুৰ্বৃত্তৰ নৃশংস আক্ৰমণৰ ফলত দুজনকৈ লোকে প্ৰাণ হেৰুৱাৰ ঘটনাই সম্প্ৰতি মাংগালোৰৰ সৰ্বসাধাৰণৰ মাজত সৃষ্টি কৰিছে বিশেষ প্ৰতিক্ৰিয়াৰ(murder within 2 days) ৷

লগতে পঢ়ক:Punjab NRI murder : অমৃতসৰত এগৰাকী NRI-ক গুলীয়াই হত্যা

Last Updated :Jul 29, 2022, 10:39 AM IST

ABOUT THE AUTHOR

...view details