অসম

assam

Amit Shah in Manipur: গৃহমন্ত্ৰীক সাক্ষাৎ কুকি সঁজাতী দলৰ

By

Published : May 31, 2023, 9:11 PM IST

বুধবাৰে গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰৰ কুকি সম্প্ৰদায়ৰ এক সঁজাতী দলৰ লগত এক বৈঠকত মিলিত হয় । শ্বাহে টুইটাৰযোগে প্ৰকাশ প্ৰকাশ কৰে এই কথা (Kuki Sanjati party meets Home Minister Amit Shah )।

Kuki Sanjati party meets Home Minister Amit Shah
গৃহমন্ত্ৰীক সাক্ষাৎ কুকি সঁজাতী দলৰ

তেজপুৰ, ৩১ মে':মণিপুৰত এতিয়াও শাম কটা নাই পৰিস্থিতি ৷ মণিপুৰত পুনৰ পূৰ্বৰ পৰিস্থিতি উভতাই আনিবলৈ তিনিদিনীয়া কাৰ্যসূচীৰে 29 মে’ৰ নিশা মণিপুৰত উপস্থিত হৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah in Manipur) ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী বুধবাৰে এক উচ্চস্তৰীয় সুৰক্ষা বৈঠকত মিলিত হয় । গৃহমন্ত্ৰী শ্বাহে আজি ভাৰত ম্যানমাৰ সীমান্ত মৰেহৰৰ অঞ্চলত পৰিদৰ্শন কৰি সেনা বাহিনীৰ অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ লগত এক উচ্চস্তৰীয় বৈঠকত মিলিত হৈ ৰাজ্যখনৰ শান্তি-শৃংখলা পৰিৱেশ অতি সোনকালে সুস্থিৰ কৈ তুলিবলৈ আহ্বান জনায় ।

মঙলবাৰৰ পৰা ৰাজ্যখনত দুখনকৈ সুৰক্ষা বৈঠকত শ্বাহে অংশগ্ৰহণ কৰি মণিপুৰ আৰক্ষী, CAPFs আৰু সেনা বাহিনীৰ লোকক নিৰ্দেশ দিয়ে যে যি কোনো পৰিস্থিতিত শান্তি ভংগ কৰা লোকক শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনায় (Manipur violence news update) ৷ লগতে ৰাজ্যখনৰ নিৰাপত্তাত কোনো সুৰুঙা নাৰাখিবলৈ আহ্বান জনায় । ৰাজ্যখনৰ বহু কেইখন জিলাত কুকি উগ্ৰপন্থী আটক কৰাৰ লগতে হিংসাৰ সময়ত আৰক্ষীৰ পৰা অস্ত্ৰ কাঢ়ি নিয়া বহুতো লোক সংঘৰ্ষত মৃত্যু হৈছে ।

বুধবাৰে গৃহমন্ত্ৰী শ্বাহে মণিপুৰৰ কুকি সম্প্ৰদায়ৰ এক সঁজাতী দলৰ লগতো এক বৈঠকত মিলিত হয় । শ্বাহে এই বিষয়ে তেওঁৰ টুইটাৰত প্ৰকাশ কৰে (Kuki Sanjati party meets Home Minister Amit Shah )। কুকি সঁজাতী দলে গৃহমন্ত্ৰী গৰাকীক আশ্বাস প্ৰদান কৰে যে ৰাজ্যখনৰ আইন শৃংখলা অটুট ৰখাৰ লগতে শান্তি ঘূৰাই অনাৰ বাবে ৰাজ্য চৰকাৰৰ লগত সম্পূৰ্ণ সহযোগিতা আগবঢ়াব ।

গৃহমন্ত্ৰীগৰাকীয়ে সোমবাৰৰ নিশাৰে পৰা মণিপুৰৰ সকলো পৰ্যায়ৰ লোকৰ সৈতে কেইবালানিও বৈঠকত মিলিত হোৱাৰ উপৰিও সকলো পৰ্যায়ৰ লোকৰ সৈতে আলোচনাত বহে । আনহাতে মণিপুৰত চৰকাৰে উগ্ৰপন্থীৰ বিৰুদ্ধে সেনাৰ ছাচপেঞ্চ অৱ অপাৰেচন SoO বন্ধ ৰখাৰ বিষয়ে মণিপুৰৰ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ সকলৰ দলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ জৰিয়তে এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে । লগতে খেলুৱৈৰ দলটোৱে ৰাজ্যখনত পুনৰ শান্তিৰ পৰিস্থিতি ঘূৰাই আনিবলৈও স্মাৰকপত্ৰখনত উল্লেখ কৰে ৷

লগতে পঢ়ক:Amit Shah Manipur Visit : সমস্যাজৰ্জৰ ম'ৰে আৰু কাংপোকপিৰ নিৰাপত্তা পৰ্যালোচনা কৰিব গৃহমন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details