ETV Bharat / bharat

Amit Shah Manipur Visit : সমস্যাজৰ্জৰ ম'ৰে আৰু কাংপোকপিৰ নিৰাপত্তা পৰ্যালোচনা কৰিব গৃহমন্ত্ৰীয়ে

author img

By

Published : May 31, 2023, 3:37 PM IST

অমিত শ্বাহৰ সৈতে কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লা আৰু আইবিৰ সঞ্চালক তপন কুমাৰ ডেকাই ম্যানমাৰৰ সীমান্তৱৰ্তী তথা মণিপুৰৰ 'ড্ৰাগছৰ ঘাটি' হিচাপে পৰিগণিত ম'ৰে আৰু কাংপোকপি অঞ্চল ভ্ৰমণৰ সময়ত উপস্থিত থাকিব । উল্লেখ্য, চলিত হিংসাত্মক ঘটনাত এই অঞ্চল দুটা যথেষ্ট প্ৰভাৱিত হৈছে (Amit Shah to visit troubled Moreh) ।

Amit Shah Manipur Visit
Amit Shah Manipur Visit

নিউজ ডেস্ক, ৩১ মে' : বৰ্তমান মণিপুৰ ভ্ৰমণত থকা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ম্যানমাৰৰ সীমান্তৱৰ্তী তথা মণিপুৰৰ 'ড্ৰাগছৰ ঘাটি' হিচাপে পৰিগণিত অতি স্পৰ্শকাতৰ ম'ৰে আৰু কাংপোকপি অঞ্চল পৰিদৰ্শন কৰিব (Amit Shah to visit Moreh and Kangpokpi) ।

অমিত শ্বাহে ম'ৰেৰ বিভিন্ন স্থানীয় গোটৰ প্ৰতিনিধি দলৰ সৈতে বাৰ্তালাপত মিলিত হ'ব (Amit Shah Manipur Visit) । তাৰ পিছত তেওঁ কাংপোকপিত নাগৰিক সমাজ সংগঠনৰ সৈতে বৈঠকত মিলিত হ'ব । তাৰ পৰা উভতি আহি তেওঁ ইম্ফলত এক নিৰাপত্তা পৰ্যালোচনা সভা অনুষ্ঠিত কৰিব । উল্লেখ্য যে মণিপুৰৰ পপী বেল্ট নামেৰে জনাজাত এই দুখন সীমান্ত চহৰ চলিত হিংসাত্মক ঘটনাত যথেষ্ট প্ৰভাৱিত হৈছে (Manipur violence) ।

উল্লেখ্য যে চলিত বছৰৰ আৰম্ভণিতে নিৰাপত্তা বাহিনীয়ে এই অঞ্চল দুটাৰ পৰা এক ডজনৰো অধিক গাঁওবুঢ়াক গ্ৰেপ্তাৰ কৰিছিল । তেওঁলোকৰ বিৰুদ্ধে ম্যানমাৰস্থিত ড্ৰাগছ মাফিয়াৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ আছে ।

সোমবাৰে নিশা ইম্ফলত উপস্থিত হোৱাৰ পিছত পৰৱৰ্তী সময়ত অমিত শ্বাহে কুকি আৰু মেইটেই নেতা, শীৰ্ষ নিৰাপত্তা বিষয়া আৰু মণিপুৰ কেবিনেটৰ সৈতে কেইবাখনো বৈঠক অনুষ্ঠিত কৰে । আনহাতে, মঙলবাৰে সন্ধিয়া অমিত শ্বাহে এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰে । তেওঁ দিনটোত নখন সভাত অংশগ্ৰহণ কৰে । উক্ত সভাবোৰত হিংসাপীড়িত উত্তৰ-পূবৰ ৰাজ্যখনৰ নিৰাপত্তা পৰিস্থিতি পৰ্যালোচনা কৰে (Amit Shah reviewed Manipur situation) ।

লক্ষণীয় যে অমিত শ্বাহৰ শান্তি প্ৰতিষ্ঠাৰ প্ৰচেষ্টাৰ মাজতে ৰাজ্যখনৰ বহু ঠাইত হিংসাত্মক ঘটনা অব্যাহত আছে । জানিব পৰা মতে, কাকচিং জিলাৰ চুগনুত বিদ্ৰোহী আৰু নিৰাপত্তা বাহিনীৰ মাজত মঙলবাৰে নিশা গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় । উল্লেখ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ সৈতে গৃহ সচিব অজয় কুমাৰ ভাল্লা আৰু আইবিৰ সঞ্চালক তপন কুমাৰ ডেকায়ো মণিপুৰৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে । ইফালে মঙলবাৰে মণিপুৰ কেবিনেটৰ এখন বৈঠকত ৰাজ্যখনত তাৎক্ষণিকভাৱে স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ লক্ষ্যৰে পাঁচটা গুৰুত্বপূৰ্ণ সিদ্ধান্তত উপনীত হয় । বৰ্তমানলৈকে চলিত মণিপুৰ হিংসাত শতাধিক লোকে প্ৰাণ হেৰুৱাইছে ।

লগতে পঢ়ক :Amit Shah Manipur Visit: মণিপুৰত অমিত শ্বাহৰ সৰ্বদলীয় বৈঠক; শান্তি ওভতাই অনাৰ বাবে সকলোকে সহায়ৰ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.