অসম

assam

1980 Moradabad Riots : ১৯৮০ চনৰ মোৰাদাবাদ সংঘৰ্ষ; বিজেপি আৰএছএছক ক্লিন চিট ন্যায়িক আয়োগৰ

By

Published : Aug 9, 2023, 1:49 PM IST

মোৰাদাবাদ সংঘৰ্ষৰ প্ৰতিবেদনত কোৱা হৈছে যে ঈদৰ দিনা আৰক্ষী বিষয়াসকলে যথেষ্ট নিৰাপত্তা দিছিল । আনহাতে, ঈদগাহত তেতিয়াহে গুলীচালনা কৰিছিল, যেতিয়া তাত থকা আৰক্ষীৰ লোকসকলৰ জীৱনৰ প্ৰতি ভাবুকি আহিছিল ।

1980 Moradabad Riots
1980 Moradabad Riots

নিউজ ডেস্ক, ৯ আগষ্ট : মঙলবাৰে উত্তৰ প্ৰদেশ বিধানসভাত উপস্থাপন কৰা ১৯৮০ চনৰ মোৰাদাবাদ সংঘৰ্ষৰ এক ন্যায়িক প্ৰতিবেদনে ভাৰতীয় জনতা পাৰ্টী আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক ক্লিন চিট প্ৰদান কৰে । ৪৯৬ পৃষ্ঠাৰ প্ৰতিবেদনখন সংসদীয় পৰিক্ৰমা মন্ত্ৰী সুৰেশ কুমাৰ খান্নাই ৰাজ্যিক বিধানসভাত প্ৰায় ৪০ বছৰৰ পিছত উপস্থাপন কৰে । সেই সময়ত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথো বিধানসভাত উপস্থিত আছিল ।

আৰক্ষীৰ পদক্ষেপক ন্যায়সংগত কৰি প্ৰতিবেদনত কোৱা হৈছে যে, তেওঁলোকে আত্মৰক্ষাৰ বাবে গুলীচালনা কৰিছিল । প্ৰতিবেদনখনত কোৱা হৈছে যে মুছলিম লীগৰ এজন নেতা আৰু তেওঁৰ কিছু সমৰ্থক এই সংঘৰ্ষৰ বাবে দায়ী আছিল । উক্ত সংঘৰ্ষত ৮৩ জন লোক নিহত হোৱাৰ উপৰি আন কেইবাজনো লোক আহত হৈছিল । প্ৰতিবেদনখনত এইটোও কোৱা হৈছে যে, কোনো হিন্দু সংগঠনৰ দ্বাৰা কোনো গোপন বৈঠক অনুষ্ঠিত হোৱা নাছিল আৰু আৰএছএছ আৰু বিজেপিৰ উক্ত সংঘৰ্ষত কোনো হাত নাছিল ।

প্ৰতিবেদনখনত কোৱা হৈছে যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ বা আন কোনো হিন্দু সংগঠন বা হৰিজনৰ (দলিত) দ্বাৰা কোনো গোপন বৈঠক অনুষ্ঠিত কৰা হোৱা নাছিল । প্ৰকৃতাৰ্থত আৰএছএছ আৰু ভাৰতীয় জনতা পাৰ্টীৰ তাত কোনো হাত নাছিল বুলি কোৱা হৈছে । তথ্যবোৰ সতৰ্কতাৰে বিশ্লেষণ কৰাৰ পিছত এয়া স্পষ্ট যে প্ৰতিটো ঘটনাতে ডঃ শ্বামীম আহমেদ খান (মুছলিম লীগৰ নেতা) আৰু তেওঁৰ সমৰ্থকসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু তেওঁলোকে তেওঁলোকৰ ৰাজনৈতিক উচ্চাকাংক্ষা পূৰণ কৰিবলৈ আৰক্ষী আৰু প্ৰশাসনৰ সৈতে যুঁজ দিবলৈ সাজু আছিল বুলি প্ৰতিবেদনখনত কোৱা হৈছে ।

আয়োগে প্ৰতিবেদনখনত এইটোও স্পষ্ট কৰি দিছে যে, খানৰ সমৰ্থকসকলে মুছলিম লীগৰ সদস্য আৰু আন কিছুমান লোকক অন্তৰ্ভুক্ত কৰিছিল । অৱশ্যে আয়োগে স্পষ্ট কৰি দিছে যে, সংঘৰ্ষ সংগঠিত কৰাৰ ক্ষেত্ৰত সকলো মুছলমানৰে হাত নাছিল । প্ৰতিবেদনখনত কোৱা হৈছে যে ঈদৰ দিনা আৰক্ষী বিষয়াসকলে অতি গুৰুত্ব সহকাৰে দায়িত্ব পালন কৰিছিল আৰু ঈদগাহত তেতিয়াহে গুলীচালনা কৰিছিল, যেতিয়া তাত থকা লোকসকলৰ জীৱনৰ প্ৰতি ভাবুকি আহিছিল । কেৱল আত্মৰক্ষাৰ বাবেহে গুলীচালনা কৰা হৈছিল । তথাপিও সংঘৰ্ষকাৰীসকলে উত্তেজনা বিয়পাইছিল বুলি প্ৰতিবেদনত কোৱা হৈছে ।

মৃত্যু হোৱা বেছিভাগ লোক ইদখানা, ভূৰা চৌৰাহা আৰু বৰফখানা অঞ্চলৰ আছিল পদপিষ্টৰ ফলত নিহত হৈছিল । যাৰ বাবে আৰক্ষী বিষয়াসকলক দোষী কৰিব নোৱাৰি বুলি তাত কোৱা হৈছে । উল্লেখ্য যে মোৰাদাবাদ ঈদগাহত ঈদৰ নামাজৰ সময়ত হোৱা বিবাদে সাম্প্ৰদায়িক সংঘৰ্ষৰ ৰূপ লৈছিল ।

আয়োগে প্ৰতিবেদনত সংঘৰ্ষ নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিছে । লগতে কৈছে যে যেতিয়া সংঘৰ্ষ হয়, তেতিয়া উৰাবাতৰিবোৰ দূৰ কৰিবলৈ লাউডস্পীকাৰৰ জৰিয়তে শুদ্ধ তথ্য অৱগত কৰিব লাগে । উল্লেখ্য যে ১৯৮০ চনৰ সংঘৰ্ষ সংঘটিত হোৱাৰ সময়ত মুখ্যমন্ত্ৰী বিশ্বনাথ প্ৰতাপ সিঙৰ নেতৃত্বত উত্তৰ প্ৰদেশত কংগ্ৰেছ চৰকাৰ আছিল । সেই সময়ত ইন্দিৰা গান্ধী দেশৰ প্ৰধানমন্ত্ৰী আছিল ।

লগতে পঢ়ক :Image of Assam Rifles : অগ্নিগৰ্ভা মণিপুৰত অসম ৰাইফলছৰ বিৰুদ্ধে চলিছে চক্ৰান্ত !

ABOUT THE AUTHOR

...view details