অসম

assam

নিয়ন্ত্ৰণ ৰেখাত ভাৰতীয় সেনা জোৱানৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 2:00 PM IST

দুৰ্ঘটনাটোৰ সময়ত কনিষ্টবল মান্ধু সিঙে পুঞ্চ জিলাৰ মেন্ধাৰ তহচিলৰ মানকোট ছেক্টৰৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত নিয়োজিত ফৰৱাৰ্ড ফাবাদা গালি আউটপ'ষ্টত কৰ্তব্যৰত অৱস্থাত আছিল ।

constable Mandhu Singh died at LoC
নিয়ন্ত্ৰণ ৰেখাত ভাৰতীয় সেনা জোৱানৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু

নিউজ ডেস্ক, ২৩ নৱেম্বৰ :বুধবাৰে মাজনিশা জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ মেন্ধাৰ তহচিলৰ মানকোট ছেক্টৰত নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত হোৱা গুলীচালনাত ৰহস্যজনক পৰিস্থিতিত এজন ভাৰতীয় সেনা জোৱানৰ মৃত্যু হয় ।

প্ৰাপ্ত তথ্য অনুসৰি, দুৰ্ঘটনাটোৰ সময়ত কনিষ্টবল মান্ধু সিঙে পুঞ্চ জিলাৰ মেন্ধাৰ তহচিলৰ মানকোট ছেক্টৰৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত নিয়োজিত ফৰৱাৰ্ড ফাবাদা গালি আউটপ'ষ্টত কৰ্তব্যৰত অৱস্থাত আছিল । কিন্তু ৰহস্যজনক পৰিস্থিতিত গুলীচালনাৰ শব্দ শুনি আন সেনা জোৱানসকল দুৰ্ঘটনাস্থলীত গৈ উপস্থিত হয় ।

তেওঁলোক উপস্থিত হৈ ৰক্তাক্ত অৱস্থাত পৰি থকা জোৱানজনক উদ্ধাৰ কৰি সামৰিক চিকিৎসা শিবিৰলৈ লৈ যায় । কিন্তু তাত সেনা বাহিনীৰ চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে । আনহাতে, সতীৰ্থৰ মৃত্যুৰ বিষয়ে নিশ্চিত তথ্য লাভ কৰাৰ পিছতে কথাটো সামৰিক বিষয়াসকলক অৱগত কৰোৱা হয় । তথ্য পোৱাৰ লগে লগে সামৰিক বিষয়াসকল ঘটনাস্থলীত গৈ উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে ।

আনহাতে, এই বিষয়ে জ্ঞাত হোৱাৰ লগে লগে মেন্ধাৰ আৰক্ষীৰ এটা দলো গৈ ঘটনাস্থলীত উপস্থিত হয় আৰু ৰহস্যজনক পৰিস্থিতিৰ অনুসন্ধান আৰম্ভ কৰে । উল্লেখ্য যে গুলীচালনাত নিহত জোৱানজনক ভাৰতীয় সেনাৰ ১৫ ৰাজ ৰাইফল বেটেলিয়নৰ জোৱান বুলি চিনাক্ত কৰা হৈছে ।

উল্লেখ্য যে জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ এতিয়াও অব্যাহত আছে । বুধবাৰৰ পৰা আৰম্ভ হোৱা এই সংঘৰ্ষ বৃস্পতিবাৰেও অব্যাহত আছে । বৃহস্পতিবাৰে পুৱা ধৰ্মশালৰ বাজিমাল অঞ্চলত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীয়ে নিৰাপত্তা বাহিনীক লক্ষ্য কৰি পুনৰ গুলীচালনা কৰে । নিৰাপত্তা বাহিনীয়েও ইয়াৰ প্ৰত্যুত্তৰত সন্ত্ৰাসবাদীক লক্ষ্য কৰি গুলীচালনা কৰে । সূত্ৰ মতে, এই গুলীয়াগুলীৰ ঘটনাত পুনৰ দুগৰাকী সেনা জোৱান আহত হৈছে । আহত জোৱানসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । তাৰে এগৰাকীক ৯ পেৰা বিশেষ ফ'ৰ্চৰ মেজৰ বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :ৰাজৌৰীত সন্ত্ৰাসবাদ বিৰোধী অভিযান, পুনৰ দুগৰাকী সেনা জোৱান আহত

ABOUT THE AUTHOR

...view details