অসম

assam

Police detained Rahul Gandhi : মোডীক আৰক্ষীৰ দ্বাৰা পৰিচালিত ভাৰতৰ ৰজা আখ্যা ৰাহুল গান্ধীৰ

By

Published : Jul 26, 2022, 4:17 PM IST

প্ৰতিবাদত উত্তাল বিজয় চক । ছোনিয়া গান্ধীক ED য়ে চমন জাৰি কৰাৰ বিৰুদ্ধে ৰাহুল গান্ধীসহ একাংশ সাংসদৰ প্ৰতিবাদ (Congress protests at Vijay Chowk)। ৰাষ্ট্ৰপতি ভৱনলৈ প্ৰতিবাদী সমদল উলিওৱাৰ সময়তে আৰক্ষীয়ে আটক কৰে সাংসদসকলক ।

Police detained Rahul Gandhi
মোডীক আৰক্ষীৰ দ্বাৰা পৰিচালিত ভাৰতৰ ৰজা আখ্যা ৰাহুল গান্ধীৰ

নেশ্যনেল ডেস্ক,২৬ জুলাই :শেহতীয়াকৈ নেশ্যনেল হেৰাল্ড গোচৰত (National Herald case) ED য়ে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক জেৰা চলাইছে । দলৰ অধ্যক্ষ ছোনিয়া গান্ধীক ED য়ে চমন জাৰি কৰাক লৈ কংগ্ৰেছ কৰ্মীসকলে সমগ্ৰ দেশতে প্ৰতিবাদ অব্যাহত ৰাখিছে (Congress protest against BJP govt)। কেন্দ্ৰীয় চৰকাৰে ED ৰ দৰে সংস্থাসমূহক নিয়ন্ত্ৰণ কৰাৰো অভিযোগ তুলিছে কংগ্ৰেছ নেতা-কৰ্মীসকলে । এইবাৰ দিল্লীতো কংগ্ৰেছৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ নেতৃত্বত দলৰ কেইবাগৰাকী সাংসদে প্ৰতিবাদৰ উদ্দেশ্যে বিজয় চকত একত্ৰিত হয় (Congress protests at Vijay Chowk led by Rahul Gandhi)। ৰাষ্ট্ৰপতি ভৱন অভিমুখে সাংসদৰ দলটোৱে প্ৰতিবাদী সমদলৰ আয়োজন কৰে । তদন্তকাৰী সংস্থাসমূহক কেন্দ্ৰীয় চৰকাৰে অপব্যৱহাৰ কৰাৰ বিষয়টোক ৰাষ্ট্ৰপতিৰ দৃষ্টি আকৰ্ষণৰ উদ্দেশ্যে এই সমদল উলিয়াই কংগ্ৰেছৰ সাংসদসকলে ।

অৱশ্যে সমদলটোক আৰক্ষীয়ে বাধা প্ৰদান কৰে । ৰাহুল গান্ধীসহ আৰক্ষীয়ে প্ৰতিবাদকাৰী কেইবাগৰাকী সাংসদক আটক কৰে (MPs including Rahul Gandhi detained at Vijay Chowk)।

আৰক্ষীয়ে ৰাহুল গান্ধীক আটক কৰি এখন বাছত লৈ যায় । অৱশ্যে তেওঁক ক'লৈ লৈ যায় সেই কথা আৰক্ষীয়ে প্ৰকাশ কৰা নাই । আনহাতে বাকী সাংসদসকলক এখন পৃথক বাছত আৰক্ষীয়ে লৈ যায় । আটক কৰাৰ পাছতে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে ৰাহুল গান্ধী ।

তীব্ৰ সমালোচনা কৰি তেওঁ অভিযোগ কৰে যে, ভাৰত এখন আৰক্ষী ৰাজ্য, মোডী এগৰাকী ৰজা । তেওঁ লগতে কয় যে, সংসদত এই বিষয়ে আলোচনাৰ অনুমতি দিয়া হোৱা নাই । কংগ্ৰেছৰ সাংসদসকলে আন ঠাইলৈ যাব বিচৰা নাছিল । ৰাষ্ট্ৰপতি ভৱনৰ ফালেহে যাব বিচাৰিছিল । কিন্তু আৰক্ষীয়ে তেওঁলোকক অনুমতি দিয়া নাই ।

ইফালে নেশ্যনেল হেৰাল্ড গোচৰত দ্বিতীয় বাৰৰ বাবে ছোনিয়া গান্ধী EDৰ জেৰাৰ সন্মুখীন হৈছে । যাৰ বাবে সাংসদসকলে দলৰ স্থিতি সম্পৰ্কে ইয়াৰ পূৰ্বেও সংসদত একত্ৰিত হৈছিল ।

লগতে পঢ়ক :Linking Aadhaar to Voter card: কংগ্ৰেছ নেতা সুৰজেৱালাক উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ

ABOUT THE AUTHOR

...view details