অসম

assam

African Union Inclusion in G20 : জি২০ত আফ্ৰিকান ইউনিয়নক অন্তৰ্ভুক্তিৰ বাবে ভাৰতক ধন্যবাদ আফ্ৰিকাৰ উচ্চায়ুক্তৰ

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 7:40 PM IST

দক্ষিণ আফ্ৰিকাৰ উচ্চায়ুক্ত জোৱেল চিবুচিচো এনডেবেলে জি-২০ত আফ্ৰিকান ইউনিয়নক অন্তৰ্ভুক্ত কৰাৰ বাবে ভাৰতক ধন্যবাদ জনাইছে । লগতে আন্তঃচৰকাৰী মঞ্চৰ সভাপতিত্বৰ সময়ত গণকেন্দ্ৰিক দৃষ্টিভংগী অৱলম্বন কৰাৰ বাবে নতুন দিল্লীক প্ৰশংসা কৰিছে ।

African Union Inclusion in G20
African Union Inclusion in G20

নিউজ ডেস্ক, ১৫ ছেপ্টেম্বৰ : চলিত মাহত দিল্লীত অনুষ্ঠিত জি-২০ সন্মিলনৰ সময়ত আফ্ৰিকান ইউনিয়নক স্থায়ী সদস্য হিচাপে অন্তৰ্ভুক্ত কৰে । ইয়াৰ পিছত দক্ষিণ আফ্ৰিকাৰ ভাৰতত উচ্চায়ুক্ত জোৱেল চিবুচিচো এনডেবেলে কৈছে যে আফ্ৰিকাৰ দেশসমূহে আন্তঃচৰকাৰী মঞ্চৰ সভাপতিত্বৰ সময়ত ভাৰতৰ গণকেন্দ্ৰিক দৃষ্টিভংগীৰ প্ৰশংসা কৰে ।

চেণ্টাৰ ফৰ গ্লোবেল ইণ্ডিয়া ইনচাইটছ থিংক টেংক আৰু ইণ্ডিয়া ৰাইটছ নেটৱৰ্কৰ দ্বাৰা আয়োজিত 'ইণ্ডিয়াজ জি-২০ প্ৰেছিডেন্সী ৰুলছ-বেছড গ্লোবেল অৰ্ডাৰ এণ্ড দ্য ৰোড এহেড' সন্দৰ্ভত এক আলোচনা-চক্ৰত ভাষণ দি এনডেবেলে কয়, "জি-২০ত গণকেন্দ্ৰিক দৃষ্টিভংগী গ্ৰহণ কৰাৰ বাবে আমি ভাৰতক ধন্যবাদ জনাইছোঁ ।"

"দিল্লীৰ পূৰ্বে, আফ্ৰিকাৰ একমাত্ৰ ভূমিকা হৈছে 'আহ্বান, আহ্বান, আহ্বান' ।" তেওঁ অতীজত জি-২০ত গ্ৰহণ কৰিবলগা এইউৰ অজস্ৰ অনুৰোধৰ কথা উল্লেখ কৰি কয় । "এইটো এতিয়া সমাপ্ত হৈছে ।" তেওঁ লগতে কয় ।

উল্লেখ্য যে আৰম্ভণিৰে পৰাই ভাৰতে কৈ আহিছিল যে ভাৰতৰ জি-২০ সভাপতিত্ব গ্লোবেল ছাউথৰ বাবে এক কণ্ঠস্বৰ হ'ব । ভাৰতৰ উদ্যোগত ৯-১০ ছেপ্টেম্বৰত নতুন দিল্লীত আন্তঃচৰকাৰী মঞ্চৰ বাৰ্ষিক সন্মিলনৰ সময়ত ৫৫ খন ৰাষ্ট্ৰৰ আফ্ৰিকান ইউনিয়নক জি-২০ৰ অন্তৰ্ভুক্ত কৰা হৈছিল । এই বছৰ ভাৰতৰ জি-২০ সভাপতিত্বৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰুপটোৰ কাৰ্যসূচীত গ্লোবেল ছাউথৰ সংখ্যাগৰিষ্ঠ অংশ গঠন কৰা আফ্ৰিকাৰ ৰাষ্ট্ৰসমূহৰ অগ্ৰাধিকাৰসমূহ একত্ৰিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল । উল্লেখ্য যে জি-২০ত ১৯ খন দেশ আৰু ইউৰোপীয় ইউনিয়ন আছে ।

এনডেবেলে কয় যে এই বছৰ আফ্ৰিকাৰ পৰা জি-২০ সন্মিলনত সৰ্বাধিক সংখ্যক অংশগ্ৰহণকাৰী দেখা গৈছে । যি হৈছে ১.৩ বিলিয়ন জনসংখ্যাৰ মহাদেশ আৰু ৩ ট্ৰিলিয়ন ডলাৰৰ সন্মিলিত জিডিপি ।

দক্ষিণ আফ্ৰিকাৰ উচ্চায়ুক্তগৰাকীয়ে কয়, "দিল্লী সন্মিলন ইউক্ৰেইনৰ যুদ্ধ, বৰ্ধিত দৰিদ্ৰতা আৰু কোভিড-১৯ মহামাৰীকে ধৰি বিশ্বত বৰ্ধিত মেৰুকৰণৰ পটভূমিত অনুষ্ঠিত হৈছিল । কিন্তু সন্মিলনখনে এইটো নিশ্চিত কৰিবলৈ সক্ষম হৈছিল যে ইউক্ৰেইনৰ যুদ্ধই ভাৰতৰ মনোযোগ বিঘ্নিত নকৰে ।"

তেওঁ কয় যে ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়ন লক্ষ্য (এছডিজি) পূৰণ কৰিবলৈ মাত্ৰ সাত বছৰ বাকী থকা অৱস্থাত এতিয়া বিত্তীয় অন্তৰ্ভুক্তি, নাৰী সবলীকৰণ, জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়া আৰু গ্লোবেল ছাউথৰ কণ্ঠ শুনিবলৈ গুৰুত্ব দিয়া উচিত ।

লগতে পঢ়ক :JP Nadda Attack on INDIA : সনাতন ধৰ্মবিৰোধী মন্তব্যত নীৰৱ কিয় ছোনিয়া আৰু ৰাহুল গান্ধী; জেপি নাড্ডাৰ আক্ৰমণ

ABOUT THE AUTHOR

...view details