ETV Bharat / bharat

JP Nadda Attack on INDIA : সনাতন ধৰ্মবিৰোধী মন্তব্যত নীৰৱ কিয় ছোনিয়া আৰু ৰাহুল গান্ধী; জেপি নাড্ডাৰ আক্ৰমণ

author img

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 6:26 PM IST

ছত্তীশগড়ত বিজেপিৰ পৰিৱৰ্তন যাত্ৰাত ইণ্ডিয়া মিত্ৰজোঁটক তীব্ৰ আক্ৰমণ বিজেপি সভাপতি জেপি নাড্ডাৰ । তেওঁ মিত্ৰজোঁটত সনাতন ধৰ্মক অপমান কৰাৰ কাৰ্যসূচী প্ৰস্তুত কৰাৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছৰ বিৰুদ্ধে ।

JP Nadda Attack on INDIA
JP Nadda Attack on INDIA

নিউজ ডেস্ক, ১৫ ছেপ্টেম্বৰ : বিজেপি সভাপতি জে পি নাড্ডাই বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াক আক্ৰমণৰ লক্ষ্য কৰি লৈছে । নাড্ডাই দাবী কৰে যে বিৰোধী মিত্ৰজোঁটৰ মুখ্য অংশীদাৰ কংগ্ৰেছৰ শীৰ্ষ নেতা ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ কাৰ্যসূচী হৈছে সনাতন ধৰ্মক 'অপব্যৱহাৰ আৰু অসন্মান' কৰা ।

ছত্তীশগড়ৰ জশপুৰ জিলাত বিজেপিৰ দ্বিতীয় 'পৰিৱৰ্তন যাত্ৰা'ৰ শুভাৰম্ভণি কাৰ্যসূচীত উপস্থিত থকা জেপি নাড্ডাই কয় যে আজিকালি সনাতন ধৰ্ম সন্দৰ্ভত যথেষ্ট আলোচনা হৈছে । ১ ছেপ্টেম্বৰত অহংকাৰী মিত্ৰজোঁটে মুম্বাইত মিলিত হয় । ৩ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী ষ্টেলিনৰ পুত্ৰ উদয়ানিধিয়ে সনাতন ধৰ্মক অসন্মান কৰে । তেওঁ যথেষ্ট তললৈ নামি যায় সনাতন ধৰ্মক অপমান কৰে । আনহাতে, ৪ ছেপ্টেম্বৰত খাৰ্গেৰ পুত্ৰ প্ৰিয়ংক খাৰ্গেই পুনৰ সনাতন ধৰ্মৰ ওপৰত আপত্তি দৰ্শায় । তামিলনাডুৰ আন এজন মন্ত্ৰীয়ে সনাতন ধৰ্মৰ ওপৰত টিপ্পনি কৰিছে । কিন্তু আজিলৈকে ছোনিয়া গান্ধী নীৰৱ হৈ আছে । ৰাহুলে সমগ্ৰ বিশ্বতে সংবিধানৰ বিষয়ে কয়, কিন্তু ইয়াৰ ওপৰত এটা শব্দ কোৱাৰ পৰাও বিৰত থাকে ।

নাড্ডাই ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে সনাতন ধৰ্মক অসন্মান কৰাৰ অভিযোগ উত্থাপন কৰে । মুম্বাইৰ বৈঠকত ইয়াৰ কাৰ্যসূচী নিৰ্ধাৰণ কৰা হৈছিল আৰু ডিএমকেকে ধৰি অন্যান্য দলবোৰক এই কামটো অৰ্পণ কৰা হৈছে । দৰাচলতে, এয়া হৈছে ছোনিয়া আৰু ৰাহুল গান্ধীৰ কাৰ্যসূচী । আমি এইটো বুজি পোৱা উচিত । সংবিধানে আপোনাক কোনো ধৰ্মক অসন্মান কৰাৰ অধিকাৰ দিছে নেকি ? নাড্ডাই কয় ।

আনহাতে, নাড্ডাই ৰাহুল গান্ধীক আক্ৰমণ কৰি কয়, "আপুনি কয় যে মই প্ৰেমৰ দোকান এখন চলাওঁ । কিন্তু আপোনাৰ প্ৰেমৰ দোকানত ঘৃণাৰ সামগ্ৰী বিক্ৰী কৰা হয় । ভাৰতৰ জনসাধাৰণে সনাতনৰ ওপৰত এই আক্ৰমণ সহ্য কৰিবনে ? কংগ্ৰেছ নীৰৱ, কথা কোৱাৰ সাহস নাই আৰু তেওঁলোক ধৰ্মনিৰপেক্ষ হৈ পৰে, তেওঁলোক সংবিধানৰ ৰক্ষক হৈ পৰে ।"

জে পি নাড্ডাই নতুন দিল্লীত ৰাষ্ট্ৰপতিৰ দ্বাৰা আয়োজিত জি-২০ নৈশভোজত উপস্থিত নথকাৰ বাবে মুখ্যমন্ত্ৰী ভূপেশ বাঘেলকো আক্ৰমণ কৰে ।

ভাৰত বিশ্বত আগবাঢ়িছে

নাড্ডাই কয়, মোদীৰ নেতৃত্বত দেশৰ সন্মান বৃদ্ধি পাইছে । জি-২০ সন্মিলনৰ সফল আয়োজনে দেখুৱাইছে যে ভাৰত হৈছে অতিথিৰ ঘৰ । আজি ভাৰতে মোদীৰ নেতৃত্বত বিশ্বক এক বাৰ্তা প্ৰদান কৰিছে আৰু বিশ্বক আগুৱাই নিয়াৰ বাবে কাম কৰি আছে । নাড্ডাই চন্দ্ৰযান-৩ৰ সফলতাৰ কথাও উল্লেখ কৰে । তেওঁ কয়, ২০১৪ চনত ৯২ শতাংশ মোবাইল ফোন চীনত তৈয়াৰ কৰা হৈছিল ।

এতিয়া ভাৰতত ৯৭ শতাংশ মোবাইল তৈয়াৰ কৰা হৈছে । অটোমোবাইল খণ্ডতো আমি জাপানক অতিক্ৰম কৰি তৃতীয় সৰ্ববৃহৎ বজাৰ হৈ পৰিছোঁ । আমি তীখাৰ দ্বিতীয় সৰ্ববৃহৎ নিৰ্মাতা হৈ পৰিছোঁ । মোদীৰ নেতৃত্বত দেশখন আগবাঢ়ি আছে । গাঁওবোৰৰ ছবি আৰু ভাগ্য, দৰিদ্ৰ, বঞ্চিত, ভুক্তভোগীৰ পৰিৱৰ্তন হৈছে । ১৩.৫ কোটি লোক দাৰিদ্ৰ্য সীমাৰেখাৰ ওপৰলৈ আহিছে । ভাৰতত অতি দৰিদ্ৰ এতিয়া ১ শতাংশতকৈও কম ।

লগতে পঢ়ক :Sanatan Dharma Row: সনাতন ধৰ্মক শেষ কৰিবলৈ বিৰোধী মিত্ৰজোঁট গঠন হৈছে; ড৹ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.