অসম

assam

India and Saudi Arabia Talks : ক্ৰাউন প্ৰিন্সৰ ভ্ৰমণত ভাৰত আৰু চৌদি আৰবৰ দ্বিপাক্ষিক সম্পৰ্কত নতুন মাত্ৰা

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 1:24 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চৌদি আৰবৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমান আল চাউদে সোমবাৰে নতুন দিল্লীত দুয়োখন দেশৰ মাজত বহুমুখী অংশীদাৰিত্ব শক্তিশালী কৰিবলৈ এক বৈঠকত মিলিত হ'ব । জি-২০ সন্মিলনৰ সৈতে আৰম্ভ হোৱা তিনিদিনীয়া ৰাষ্ট্ৰীয় ভ্ৰমণে বাণিজ্য, অৰ্থনীতি, প্ৰতিৰক্ষা আৰু সাংস্কৃতিক সহযোগিতাৰ ওপৰত বৈঠকৰ মূল বিষয় হিচাপে গুৰুত্ব লাভ কৰিছে ।

India and Saudi Arabia Talks
India and Saudi Arabia Talks

নিউজ ডেস্ক, ১১ ছেপ্টেম্বৰ : কূটনৈতিক সহযোগিতাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চৌদি আৰবৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমান আল চাউদে সোমবাৰে নতুন দিল্লীত দেশ দুখনৰ বহুমুখী অংশীদাৰিত্ব শক্তিশালী কৰিবলৈ বৈঠকত মিলিত হ'ব । জি-২০ সন্মিলনেৰে আৰম্ভ হোৱা চৌদি যুৱৰাজৰ তিনিদিনীয়া ভ্ৰমণে বাণিজ্য, অৰ্থনীতি, প্ৰতিৰক্ষা আৰু সাংস্কৃতিক সহযোগিতাক আলোচনাৰ কেন্দ্ৰীয় বিষয় হিচাপে অংকিত কৰিছে ।

দিল্লীৰ হায়দৰাবাদ হাউছত অনুষ্ঠিত হ'বলগীয়া এই হাই প্ৰফাইল বৈঠকত কৌশলগত অংশীদাৰী পৰিষদৰ প্ৰথম নেতাসকলৰ বৈঠকৰ সহ-সভাপতিত্ব কৰিব । ২০১৯ চনত ৰিয়াধত ভাৰত আৰু চৌদি আৰবে কৰা এক যুগান্তকাৰী দ্বিপাক্ষিক চুক্তিৰ পিছত এই বৈছক অনুষ্ঠিত হ'ব । বৈঠকত কৌশলগত অংশীদাৰী পৰিষদৰ অধীনত দুয়োখন মন্ত্ৰী সমিতিয়ে কৰা অগ্ৰগতিৰ মূল্যাংকন কৰিব বুলি আশা কৰা হৈছে । সেয়া হৈছে ৰাজনৈতিক, সুৰক্ষা, সামাজিক আৰু সাংস্কৃতিক সহযোগিতা সমিতি আৰু অৰ্থনীতি আৰু বিনিয়োগ সহযোগিতা সমিতি ।

ইয়াৰ উপৰি নেতাসকলে তেওঁলোকৰ দ্বিপাক্ষিক সম্পৰ্কৰ দিশসমূহৰ বিষয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে । ইয়াৰ ভিতৰত আছে ৰাজনৈতিক মিত্ৰতা, নিৰাপত্তা ব্যৱস্থা, প্ৰতিৰক্ষা সহযোগিতা, বাণিজ্যিক সম্পৰ্ক, অৰ্থনৈতিক অংশীদাৰিত্ব, সাংস্কৃতিক আদান-প্ৰদান আৰু জনসাধাৰণৰ মাজত অপৰিহাৰ্য সম্পৰ্ক । চৰকাৰী বিজ্ঞপ্তি অনুসৰি, আলোচনাবোৰ পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বিশ্বজনীন বিষয়সমূহলৈও সম্প্ৰসাৰিত হৈছে ।

উল্লেখ্য যে, ভাৰত আৰু চৌদি আৰবৰ জনসাধাৰণৰ মাজত এক গভীৰ সম্পৰ্ক আছে । লগতে সৌহাৰ্দপূৰ্ণ আৰু সহযোগিতামূলক সম্পৰ্কৰ এক দীৰ্ঘদিনীয়া ইতিহাস আছে । লক্ষণীয়ভাৱে এই দুয়োখন ৰাষ্ট্ৰৰ মাজত দ্বিপাক্ষিক বাণিজ্যই নতুন মাত্ৰা লাভ কৰিছে আৰু ২০২২-২৩ বিত্তীয় বৰ্ষত ৫২.৭৫ বিলিয়ন আমেৰিকান ডলাৰৰ অভিলেখ ভংগ কৰে ।

প্ৰধানমন্ত্ৰী মোদীৰ ২০১৯ চনৰ ৰিয়াধ ভ্ৰমণৰ সময়ত প্ৰতিৰক্ষা সহযোগিতাৰ ওপৰত গুৰুত্ব দিয়াটো স্পষ্ট হৈ পৰিছিল । সেই সময়ত দুয়োখন ৰাষ্ট্ৰই প্ৰতিৰক্ষা সহযোগিতাৰ যুটীয়া সমিতি (জেচিডিচি) গঠন কৰিছিল । এই সমিতিখনে নিয়মীয়া বৈঠক অনুষ্ঠিত কৰি প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত এক বৰ্ধিত সমন্বয় বৃদ্ধি কৰিছে ।

ভাৰত আৰু চৌদি আৰবৰ মাজত কেৱল গুৰুত্বপূৰ্ণ কূটনৈতিক মিত্ৰতায়ে নাই, দুয়োখন দেশে শক্তিশালী অৰ্থনৈতিক সম্পৰ্ককো গৌৰৱান্বিত কৰিছে । ভাৰত-চৌদি আৰব দ্বিতীয় সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ হিচাপে থিয় হৈছে । আনহাতে চৌদি আৰবে ভাৰতৰ বাণিজ্যিক অংশীদাৰৰ তালিকাত চতুৰ্থ স্থান দখল কৰিছে । শক্তি খণ্ডই দেশ দুখনৰ অংশীদাৰিত্বৰ এক আধাৰশিলা হিচাপে আত্মপ্ৰকাশ কৰিছে । ভাৰতে চৌদি আৰবৰ পৰা তেল আমদানিৰ ওপৰতো যথেষ্ট নিৰ্ভৰ কৰে ।

লগতে পঢ়ক :Govt on G20 Summit : জি-২০য়ে দেশৰ পৰ্যটন ক্ষেত্ৰৰ বাবে আনিছে ভাল খবৰ

ABOUT THE AUTHOR

...view details