ETV Bharat / bharat

Govt on G20 Summit : জি-২০য়ে দেশৰ পৰ্যটন ক্ষেত্ৰৰ বাবে আনিছে ভাল খবৰ

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 10:31 AM IST

জি-২০ নতুন দিল্লী নেতাৰ ঘোষণা পত্ৰত বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হ'বলৈ পৰ্যটনৰ বাবে গোৱা ৰোডমেপক মাধ্যম হিচাপে গ্ৰহণ কৰা হৈছে । পৰ্যটন মন্ত্ৰালয়ৰ মতে বিশ্বজুৰি ঐক্য আৰু সহযোগিতা বৃদ্ধিত ভাৰতৰ নেতৃত্বৰ প্ৰমাণ হিচাপে থিয় দিছে জি-২০ বৈঠক ।

Govt on G20 Summit
জি-২০য়ে দেশৰ পৰ্যটন ক্ষেত্ৰৰ বাবে আনিছে ভাল খবৰ

নেশ্যনেল ডেস্ক, ১১ ছেপ্টেম্বৰ : জি-২০ বৈঠকে ভাৰতৰ পৰ্যটন আৰু সংস্কৃতিৰ বাবেও আনিছে সুখবৰ । পৰ্যটন মন্ত্ৰালয়ে দেওবাৰে কয় যে জি-২০ বৈঠকৰ সময়ত অৰ্জন কৰা এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হৈছে বহনক্ষম আৰ্থ-সামাজিক বিকাশ আৰু সমৃদ্ধিৰ ক্ষেত্ৰত পৰ্যটন আৰু সংস্কৃতিৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ সৰ্বসন্মত অনুমোদন । শনিবাৰে বৈঠকৰ সময়তে এই ঘোষণাটো কৰা হৈছিল ।

বৈঠকৰ সময়ত গৃহীত জি-২০ নতুন দিল্লী নেতাৰ ঘোষণাপত্ৰত বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হ'বলৈ পৰ্যটনৰ বাবে গোৱা ৰোডমেপক মাধ্যম হিচাপে ধৰা হৈছে ।

মন্ত্ৰালয়ে কৈছে যে, এই বৈঠকখন বিশ্বজুৰি ঐক্য আৰু সহযোগিতা বৃদ্ধিত ভাৰতৰ নেতৃত্বৰ প্ৰমাণ হিচাপে থিয় দিছে । ই বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী নেতাসকলৰ একত্ৰীকৰণকো প্ৰত্যক্ষভাৱে দেখুৱাইছে । লগতে ভৱিষ্যতৰ বাবে এক অংশীদাৰী দৃষ্টিভংগীৰ দ্বাৰা একত্ৰিত হোৱাৰ আলোচনা কৰা হৈছে । বিশ্বই প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ বাবে তেওঁলোকৰ সামূহিক প্ৰতিশ্ৰুতিয়ে বিশ্বৰ সহযোগিতাৰ মনোভাৱ কঢ়িয়াই আনিছে বুলিও মন্ত্ৰালয়ৰ বিবৃতিটোত কোৱা হৈছে ।

এই ঘোষণাটোৰ জৰিয়তে জি-২০ গোৱা ৰোডমেপৰ সৈতে পৰ্যটন খণ্ডৰ বাবে এক নতুন দিশ প্ৰদান কৰে য'ত পৰ্যটন খণ্ডৰ বাবে বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনিত হোৱাৰ বাবে প্ৰত্যাহ্বান, উদ্দেশ্য, সুযোগ আৰু পৰামৰ্শ আদি ৰখা হৈছে । ভাৰতৰ জি-২০ পৰ্যটন পথৰ মূল প্ৰদানযোগ্য 'গোৱা ৰোডমেপ' হৈছে এক অগ্ৰণী পদক্ষেপ যি বহনক্ষম গোলকীয় পৰ্যটনৰ বাবে এক ব্লুপ্ৰিণ্ট হিচাপে দেখা গৈছে ।

মন্ত্ৰালয়ে লগতে কৈছে যে ভাৰতৰ জি-২০ সভাপতিত্বৰ বিষয়বস্তুৰ সৈতে সংগতি ৰাখি গোৱা ৰোডমেপে সমাজ, অৰ্থনীতি আৰু পৰিৱেশ পৰিচালনাত পৰ্যটনৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

জি-২০ পৰ্যটন কাৰ্যকৰী গোটৰ দ্বাৰা চিনাক্ত আৰু সমৰ্থিত সেউজ পৰ্যটন, ডিজিটেলকৰণ, দক্ষতা, পৰ্যটন এমএছএমই আৰু গন্তব্য ব্যৱস্থাপনা এই পাঁচটা আন্তঃসংযোগযুক্ত অগ্ৰাধিকাৰৰ ওপৰত গুৰুত্ব দি এই ৰোডমেপে ৰাষ্ট্ৰসমূহক তেওঁলোকৰ পৰ্যটন নীতিসমূহ ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়ন লক্ষ্য (এছডিজি) ২০৩০ৰ সৈতে সংযোগ কৰাৰ বাবে এক ব্যাপক ৰণনীতি প্ৰদান কৰে ।

পৰ্যটন মন্ত্ৰালয়ে জি-২০ গোৱা ৰোডমেপৰ পাঁচটা অগ্ৰাধিকাৰৰ সৈতে সংগতি ৰাখি সৰ্বশ্ৰেষ্ঠ পদ্ধতি আৰু কেছ অধ্যয়ন চিনাক্ত কৰাৰ বাবে 'টুৰিজিম ফৰ টুমৰো' শীৰ্ষক এক ৰাষ্ট্ৰীয় প্ৰতিযোগিতাও আৰম্ভ কৰিছে । প্ৰতিযোগিতাখন ২৭ ছেপ্টেম্বৰত বিশ্ব পৰ্যটন দিৱসত আৰম্ভ কৰা হ'ব ।

পৰ্যটন মন্ত্ৰালয়ে ভাৰতত অনুষ্ঠিত জি-২০ বৈঠকৰ আয়োজক চহৰসমূহক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বৈঠকৰ বাবে "গোলকীয় এমআইচিই গন্তব্যস্থান" লৈ ৰূপান্তৰ আৰু প্ৰচাৰ কৰাৰ পৰিকল্পনা কৰিছে ।

লগতে পঢ়ক :G20 Summit 2023: ভাৰতৰ বাবে G20 ৰ মুখ্য সফলতা সমূহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.