অসম

assam

Amrit Sarovar in Arunachal Pradesh : অৰুণাচলৰ পশ্চিম কামেং জিলাত ৰাইজৰ বাবে মুকলি অমৃত সৰোবৰ

By

Published : Jul 30, 2023, 12:15 PM IST

অৰুণাচল প্ৰদেশৰ টেংগা উপত্যকাত এটা অমৃত সৰোবৰ অঞ্চলটোৰ জনসাধাৰণৰ বাবে উছৰ্গা কৰা হয় । জিলা প্ৰশাসনৰ সৈতে যুটীয়াভাৱে ভাৰতীয় সেনাই নিৰ্মাণ কৰে এই সৰোবৰ । অমৃত সৰোবৰ আঁচনি ভাৰত চৰকাৰৰ এক অভিলাষী আঁচনি ।

Amrit Sarovar in Arunachal Pradesh
অৰুণাচলৰ পশ্চিম কামেং জিলাত ৰাইজলৈ মুকলি অমৃত সৰোবৰ

নেশ্যনেল ডেস্ক,৩০ জুলাই :ভাৰত চৰকাৰৰ এক উল্লেখযোগ্য আঁচনি হৈছে মিছন অমৃত সৰোবৰ । অৰুণাচল প্ৰদেশত এই আঁচনিৰ অধীনত বিভিন্ন কাম কৰা হৈছে । তাৰ অংশ হিচাপে পশ্চিম কামেং জিলা প্ৰশাসনৰ সৈতে যুটীয়া প্ৰচেষ্টাত ভাৰতীয় সেনাই অৰুণাচল প্ৰদেশৰ টেংগা উপত্যকাত অমৃত সৰোবৰ অঞ্চলটোৰ জনসাধাৰণক উছৰ্গা কৰে । এই প্ৰকল্পৰ লক্ষ্য হৈছে ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুসৰি সামূহিক সৱলীকৰণৰ লগতে বৰষুণৰ পানী সংৰক্ষণ কৰা ।

অৰুণাচলৰ পশ্চিম কামেং জিলাত ৰাইজলৈ মুকলি অমৃত সৰোবৰ

স্থানীয় প্ৰশাসনৰ সমৰ্থনত সেনাই নিৰ্মাণ কৰা এই সৰোবৰ ৰূপাস্থিত গজৰাজ কৰ্পছ স্থানীয় গঠনৰ জেনেৰেল অফিচাৰ কমাণ্ডিঙে উদ্বোধন কৰে । পশ্চিম কামেং জিলাৰ উপায়ুক্তও এই অনুষ্ঠানত উপস্থিত থাকে । চৰকাৰৰ পদক্ষেপৰ অংশ হিচাপে এই বহুমুখী প্ৰকল্পটোক জনসাধাৰণে প্ৰশংসা কৰিছে । ইফালে অঞ্চলটোৰ উন্নয়নৰ দিশত অসামৰিক-সামৰিক সংমিশ্ৰণৰ প্ৰতীক হিচাপেও চিহ্নিত হৈছে ।

উল্লেখ্য যে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ সৈতে সংগতি ৰাখি ৰূপায়ণ কৰা এই আঁচনিৰ অধীনত বিভিন্ন ৰাজ্যত কাম কৰি থকা হৈছে । অসমো পৃথক নহয় । বিগত বছৰ অসম চৰকাৰে এই আঁচনি ৰূপায়ণৰ বিভিন্ন দিশৰ কথা উল্লেখ কৰিছিল । অসম চৰকাৰে জনাইছিল যে, এই আঁচনিৰ অধীনত ৰাজ্যক ৩০০৭ টা অমৃত সৰোবৰ গঢ়ি তোলা হ'ব আৰু যিবোৰে প্ৰায় ৫০০০ হেক্টৰ মাটি কালি সামৰি ল'ব । আনহাতে ৰাজ্যৰ প্ৰতিখন জিলাতে ৭৫ টাকৈ অমৃত সৰোবৰ পুখুৰী খন্দা হ'ব, য'ত বিজ্ঞানসন্মত মীন পালনৰ লগতে মূল্যবান বৃক্ষৰোপণৰ ব্যৱস্থা থাকিব বুলিও চৰকাৰে উল্লেখ কৰিছিল ।

অৰুণাচলৰ পশ্চিম কামেং জিলাত ৰাইজলৈ মুকলি অমৃত সৰোবৰ

অমৃত সৰোবৰ পুখুৰীয়ে ভৱিষ্যতে ৰাজ্যখনৰ গ্ৰাম্য অর্থনীতিৰ ভেটি শক্তিশালী কৰি তোলাত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব । অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, মীন বিভাগ আৰু মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ যুটীয়া প্ৰচেষ্টাৰে মিছন অমৃত সৰোবৰ সফল কৰি তোলাৰ প্ৰচেষ্টাও চৰকাৰে অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :PM Modi meets Murli Manohar Joshi : জ্যেষ্ঠ নেতা মুৰলী মনোহৰ যোশীক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

ABOUT THE AUTHOR

...view details